সঞ্জুক ১৪ কোটিত দলত ৰাখিলে ৰাজস্থানে

পুনৰ অধিনায়কৰ দায়িত্ব লাভৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ ১৪ কোটিৰ বিনিময়ত সঞ্জু ছেমছনক দলত ৰাখিলে ৰাজস্থান ৰয়েলছে৷ বিগত দুটা ছিজনত ৰাজস্থানক নেতৃত্ব দিয়া ২৭ বছৰীয়া তাৰকা বেটছমেনগৰাকীক প্রথমগৰাকী খেলুৱৈ হিচাপে দলটোৱে আগন্তুক আই পি এলৰ বাবে ৰিটেইন কৰিছে৷ দুই–এদিনৰ ভিতৰতে দলটোৱে ৰিটেইন কৰিবলগীয়া আন তিনিগৰাকী খেলুৱৈৰ নাম ঘোষণা কৰিব৷ এইক্ষেত্রত আগবাঢ়ি আছে ইংলেণ্ডৰ তাৰকা বেটছমেন জ’ছ বাটলাৰ, অলৰাউণ্ডাৰ লিয়াম লিভিংষ্টন আৰু ভাৰতৰ উদীয়মান অপেনাৰ যশস্বী জয়ছোৱাল৷

উল্লেখ্য যে আগন্তুক আই পি এলৰ পৰা দুটাকে নতুন দল সন্নিবিষ্ট হোৱাত বিচিচিআয়ে ৰিটেনচন পলিচী সলনি কৰি প্রতিটো দলক মাত্র চাৰিগৰাকী খেলুৱৈহে ৰিটেইন কৰাৰ অনুমতি দিছে৷ অহা ৩০ নৱেম্বৰৰ ভিতৰত দলসমূহে ৰিটেইন কৰা খেলুৱৈৰ তালিকা প্রকাশ কৰিব লাগিব৷ উল্লেখ্য যে অধিনায়কৰ ৰূপত সঞ্জু ছেমছনে ৰাজস্থান ৰ’য়েলছলৈ চমকপ্রদ সাফল্য কঢ়িয়াই আনিব পৰা নাই যদিও প্রতিটো ছিজনতে বিস্ফোৰক বেটিঙেৰে তেওঁ উজলি উঠিছে৷ এইবাৰো তেওঁ অধিনায়কৰ দায়িত্ব লাভৰ সম্ভাৱনা আছে৷