নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছক হৰুৱাই আই পি এলত চমকপ্রদ আৰম্ভণি ঘটাইছে ৰাজস্থান ৰয়েলছে৷ শ্বাৰজাহত মঙলবাৰে অনুষ্ঠিত এখন মেচত ষ্টিভেন স্মিথ নেতৃত্বাধীন দলটোৱে ১৬ ৰানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ২১৭ ৰানৰ বৃহৎ লক্ষ্যৰ পিছ লৈ চেন্নাই ছুপাৰ কিংছে ছয় উইকেটৰ বিনিময়ত ২০০ ৰান সংগ্রহ কৰে৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৰ হৈ মিডল অর্ডাৰ বেটছমেন ফাফ ডু প্লেচিছে ৭২, শ্বেন ৱাটছনে ৩৩ ৰানৰ বৰঙণি আগবঢ়ায়৷ উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অর্ধশতক অর্জন কৰা ডু প্লেচিছে মঙলবাৰেও দুর্দান্ত বেটিঙেৰে ৭২ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ তেওঁ মাত্র ৩৭ বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰী আৰু সাতটা ছিক্সাৰৰ সহায়ত ইনিংছটো সজায়৷ শ্বেন ৱাটছন আৰু মুৰুলী বিজয়ে প্রথম উইকেটত ৫৬ ৰান যোগ দি চেন্নাই ছুপাৰ কিংছক সুন্দৰ আৰম্ভণি দিয়ে যদিও কম সময়ৰ ভিতৰত কেইবাটাও মূল্যৱান উইকেট হেৰুওৱাত দলটোৰ জয় সম্ভৱ নহ’ল৷ অ’পেনাৰ মুৰুলী বিজয়ে ২১ ৰান কৰি আউট হয়৷ ছাম কুৰানে ১৭, ৰিতুৰাজ গাইকোৱাডে ০ আৰু কেদাৰ যাদৱে ২২ ৰান কৰে৷ ইনিংছৰ শেষৰফালে অধিনায়ক ধোনীয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰি মাত্র ১৭ বলত অপৰাজিতভাৱে ২৯ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অন্তিম অভাৰত তেওঁ একেৰাহে তিনিটা ছিক্সাৰ কোবায়৷ ৰাজস্থানৰ হৈ স্পীনাৰ ৰাহুল টেৱাটিয়াই তিনিটা উইকেট দখল কৰে৷ ইয়াৰ পূর্বে চি এছ কেৰ অধিনায়ক মহেন্দ্র সিং ধোনীৰ আমন্ত্রণক্রমে ইনিংছ মুকলি কৰি ৰাজস্থান ৰয়েলছে ৭ উইকেটৰ বিনিময়ত ২১৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷ অধিনায়ক ষ্টিভেন স্মিথৰ সৈতে উইকেটলৈ অহা উদীয়মান তাৰকা যশস্বী জয়ছোৱাল মাত্র ৬ ৰানতে পেভিলিয়নমুখী হোৱাত দলটো প্রাৰম্ভিক বিপর্যয়ৰ সন্মুখীন হয়৷ কিন্তু ইয়াৰ পিছতে উইকেটলৈ অহা সঞ্জু ছেমছনে স্মিথৰ সৈতে বিস্ফোৰক বেটিঙেৰে ৰাজস্থানক বৃহৎ স্ক’ৰৰ দিশে আগুৱাই নিয়ে৷ ছেমছনে মাত্র ৩২ বলৰ সন্মুখীন হৈ এটা বাউণ্ডেৰী আৰু ৯টা ছিক্সাৰৰ সহায়ত ৭৪ ৰানৰ আকর্ষণীয় ইনিংছ খেলে৷ ছেমছন আউট হোৱাৰ পিছতে কম সময়ৰ ভিতৰতে দলটোৱে ডেভিদ মিলাৰ, ৰবীন উথাপ্পা, আৰ টেৱাটিয়া আৰু ৰিয়ান পৰাগৰ উইকেট হেৰুৱায়৷ দক্ষিণ আফ্রিকাৰ তাৰকা মিলাৰে এটাও বলৰ সন্মুখীন নোহোৱাকৈ দুর্ভাগ্যজনকভাৱে ৰানআউট হয়৷ উথাপ্পাই ৫, টেৱাটিয়াই ১০ আৰু অসম সন্তান ৰিয়ান পৰাগে ৬ ৰান কৰে৷ ইনিংছৰ শেষৰ ফালে ইংলেণ্ডৰ তাৰকা বেগী বলাৰ জ’ফ্রা আর্চাৰে মাত্র ৮ বলত চাৰিটা ছিক্সাৰৰ সহায়ত অপৰাজিতভাৱে ২৭ ৰানৰ বৰঙণি যোগায়৷ চি এছ কেৰ হৈ ছেম কুৰানে তিনিটা, দীপক চহৰ, এনগিৰি আৰু পীযূষ চাওলাই এটাকৈ উইকেট পায়