পত্নী সাক্ষীৰ বাবেই দীঘল চুলি কাটিছিল নেকি মহেন্দ্ৰ সিং ধোনীয়ে?

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ দীঘল চুলিৰ বাবে এসময়ত পাগল আছিল কিমান যে যুৱতী। ক্রিকেটৰ খেলপথাৰত মহেন্দ্র সিং ধোনীৰ আবির্ভাবৰ সময়ত ধোনীৰ ট্রেড মার্ক আছিল দুটা। এটা হৈছে হেলিকপ্টাৰ শ্বট আৰু আনটো বাহুলৈকে পৰা দীঘল চুলি।

আপুনি পঢ়ি ভাল পাব পাৰেঃ এইবাৰ কাজিৰঙা দেখুৱালে ডিম্পু বৰুৱাই; বনমন্ত্ৰীয়েও দিলে ধন্যবাদ! ব’লক ভিডিঅ’টো আৰম্ভ কৰো…

আৰম্ভণিতে মাহিৰ এক অনন্য ষ্টাইল ষ্টেটমেন্ট আছিল এই কেশবিন্যাস। খোদ পাকিস্তানৰ সেই সময়ৰ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফো মুগ্ধ আছিলে সেই ষ্টাইলত। কিন্তু হায়! মাহিৰ সেই চুলি একেবাৰেই পছন্দ নাছিল খোদ সাক্ষী ধোনীৰ (Sakshi Dhoni)!

বৃহস্পতিবাৰে আছিল পত্নী সাক্ষীৰ ৩২তম জন্মদিন। সেই উপলক্ষে চেন্নাই চুপাৰ কিংছৰ এটি ভিডিঅ চেয়াৰ কৰিছে। তাত  পত্নী সাক্ষীয়ে স্পষ্টকৈ কৈছে যে তেওঁৰ সৈতে চিনাকীৰ সময়ত যদি ধোনীৰ এই হেয়াৰষ্টাইল থাকিল হয়, তেন্তে তেওঁ ঘূৰিও নাছালে হয় ধোনীক। কিয়নো এই চুলি তেওঁৰ একোবাৰেই পছন্দৰ নাছিল।