তৃতীয় দিনা সাহাৰ সলনি খেলপথাৰলৈ আহিল শ্রীকৰ ভৰত

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ নিউজিলেণ্ডৰ বিৰুদ্ধে কানপুৰত চলি থকা প্রথম টেষ্টৰ আজি তৃতীয়দিনা ভাৰতীয় দলৰ সৈতে খেলপথাৰলৈ নাহে উইকেটৰক্ষক ঋদ্ধিমান সাহা৷ তেওঁৰ পৰিৱর্তে নৱাগত উইকেটৰক্ষক কে এছ ভৰতে টীম ইণ্ডিয়াৰ হৈ উইকেট কিপিঙৰ দায়িত্ব পালন কৰে৷ ঋদ্ধিমান সাহাৰ অনুপস্থিতিয়ে ক্রিকেট অনুৰাগীক আচৰিত কৰি তোলাৰ সময়তে বিচিচিআয়ে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে সাহা ডিঙিৰ বিষত আক্রান্ত হৈছে আৰু বিচিচিআইৰ চিকিৎসকৰ দলে তেওঁক চিকিৎসা আগবঢ়াই আছে৷

উল্লেখ্য যে ৩৭ বছৰীয়া সাহাই নিয়মীয়া উইকেটৰক্ষক ঋষভ পণ্টৰ অনুপস্থিতিত মূল একাদশত স্থান পাইছিল৷ টি–২০ বিশ্বকাপৰ পিছত পণ্টক সম্প্রতি বিশ্রাম দিয়া হৈছে৷ ইফালে সাহাৰ অনুপস্থিতিত আজি উইকেটৰ পিছফালে দক্ষতাৰে কিপিং কৰি প্রতিভাৱান খেলুৱৈ কে এছ ভৰতে ক্রিকেট মহলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ আই পি এলত আৰ চি বিৰ হৈ খেলা অন্ধ্রপ্রদেশৰ উইকেটৰক্ষকগৰাকী ভাৰতীয় এ দলৰ নিয়মীয়া খেলুৱৈ৷