আজি আই এছ এলত অভিযান চলাব নর্থ ইষ্ট ইউনাইটেডে

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাত আজি অভিযান চলাব৷ কালিৰে পৰা গোৱাত খালী ষ্টেডিয়ামত আৰম্ভ হোৱা প্রতিযোগিতাখনৰ আজি গোৱাৰ ভাস্ক’ৰ তিলক ময়দানত হ’বলগীয়া মেচখনত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে মুম্বাই চিটী এফ চিৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

এতিয়ালৈকে হৈ যোৱা প্রতিযোগিতাখনৰ আটাইকেইটা সংস্কৰণত বিশেষ উন্নত প্রদর্শন দাঙি ধৰিব নোৱাৰা নর্থ ইষ্টে এইবাৰ উন্নত প্রদর্শন দাঙি ধৰাৰ লক্ষ্য লৈছে৷ আজিৰ মেচখনৰ সন্দর্ভত নর্থ ইষ্টৰ প্রশিক্ষক জেৰার্ড নুছে কয় যে বিগত ছিজনত আমি কি প্রদর্শন দাঙি ধৰিছোঁ সেয়া আমাৰ চাবলগীয়া নাই৷ বর্তমান আমি এক নতুন উদ্যমেৰে প্রতিযোগিতাখনত অৱতীর্ণ হ’ম আৰু এইবাৰ আমি প্লে’ অফত স্থান লাভ কৰিবলৈ সক্ষম হ’ম৷

 মেচখনত প্রতিপক্ষ মুম্বাই চিটীক সহজভাৱে ল’ব বিচৰা নাই নর্থ ইষ্টে৷ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত যোগাত্মক আৰম্ভণি কৰিব বিচাৰিছে প্রশিক্ষক জেৰার্ড নুছে৷ ইপিনে, মেচখনত অসম সন্তান প্রজ্ঞান গগৈ আৰু নবীন ৰাভাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব৷ দুয়োগৰাকী অসম সন্তানে আজিৰ মেচখনৰ মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷