আজি ছানৰাইজার্ছে যুঁজিব নাইট ৰাইডার্ছৰে

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  সংযুক্ত আৰব আমিৰ শ্বাহীত চলি থকা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ কাইলৈ হ’বলগীয়া মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব কলকাতা নাইট ৰাইডার্ছ আৰু ছানৰাইজার্ছ হায়দৰাবাদে৷ আবু ধাবিত হ’বলগীয়া এই মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো ঐশ্বর্যশালী প্রতিযোগিতাখনত এতিয়ালৈকে দুয়োটা দলে জয়ৰ মুখ দেখা নাই৷ প্রথমখন মেচত ছানৰাইজার্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে কলকাতা নাইট ৰাইডার্ছে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ হাতত পৰাজয় স্বীকাৰ কৰিছিল৷ কাইলৈৰ মেচখনত নাইট ৰাইডার্ছে পূর্ণ শক্তিৰে অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি দলটোৰ অধিনায়ক দীনেশ কার্তিকে কয় যে কাইলৈৰ মেচখনত সতীর্থসকলৰ পৰা সম্পূর্ণ সহযোগ লাভ কৰিম বুলি আশাবাদী৷ পূর্বৰ মেচখনত কৰা ভুল যাতে কাইলৈ পুনৰাবৃত্তি নকৰে তাৰ বাবে সতীর্থসকলক সকীয়নি দি অধিনায়কগৰাকীয়ে লগতে কয় যে মেচখনত আন্দ্রে ৰাছেল, শুভমন গীল, সুনীল নাৰিনৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিছোঁ৷ ইফালে, কাইলৈৰ মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিব বুলি আশাবাদী ছানৰাইজার্ছ হায়দৰাবাদো৷ বিশ্বকাপ বিজয়ী ইংলেণ্ড দলটোৰ অধিনায়ক ইয়ন মৰগানৰ প্রত্যাৱর্তনে দলটোৰ বেটিং শক্তি বহুখিনি বৃদ্ধি কৰি তুলিব৷ ইফালে, কেন উইলিয়ামছনো আঘাতৰ পৰা আৰোগ্য লাভ কৰিছে আৰু কাইলৈৰ মেচখনত ভাগ লোৱাৰ পূর্ণ সম্ভাৱনা আছে৷
খেলৰ সময়ঃ  সন্ধিয়া ৭.৩০ বজা৷