আই পি এলৰ নিলামত অসমৰ দুই উদীয়মান ক্রিকেটাৰ

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ চলিত বর্ষৰ আই পি এলৰ বাবে অহা ১৮ ফেব্রুৱাৰীত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া নিলামৰ বাবে বি চি চি আয়ে ২৯২গৰাকী খেলুৱৈৰ চূড়ান্ত তালিকা প্রকাশ কৰিছে৷ দেশ–বিদেশৰ মুঠ ১,১১৪গৰাকী খেলুৱৈয়ে নিলামৰ বাবে নাম পঞ্জীয়ন কৰিছিল যদিও ব’র্ডে চূড়ান্ত তালিকাত ২৯২গৰাকী খেলুৱৈক অন্তর্ভুক্ত কৰিছে৷

লক্ষণীয়ভাৱে নিলামৰ এই তালিকাত স্থান লাভ কৰিছে অসমৰ দুগৰাকী উদীয়মান ক্রিকেটাৰে৷ তেওঁলোক হ’ল– প্রতিভাৱান অলৰাউণ্ডাৰ ৰাজাকুদ্দিন আহমেদ আৰু বেটছমেন ছাহিল জৈন৷ ঘৰুৱা ক্রিকেটত বিস্ফোৰক বেটিঙেৰে প্রতিভাৰ প্রমাণ দাঙি ধৰা ৰাজাকুদ্দিন আৰু ছাহিলৰ নাম আই পি এলৰ নিলামত উত্থাপন হ’ব৷

উল্লেখ্য যে তেজপুৰৰ ২৫ বছৰীয়া ৰাজাকুদ্দিনে এতিয়ালৈকে ২৩খন টি–২০ত ৩৩৩ ৰান সংগ্রহ কৰাৰ লগতে ৯টা উইকেট দখল কৰিছে৷ একেদৰে গুৱাহাটীৰ ২২ বছৰীয়া বেটছমেন ছাহিলে সাতখন টি–২০ত ৮১ ৰান সংগ্রহ কৰিছে৷ অসমৰ দুয়োগৰাকী খেলুৱৈৰ ভিত্তি মূল্য হ’ল ২০ লাখ টকা৷ উল্লেখ্য যে আবু নেছিম আহমেদ আৰু ৰিয়ান পৰাগৰ বাহিৰে অসমৰ আন কোনো খেলুৱৈয়ে এতিয়ালৈকে আই পি এল খেলা নাই৷

ইফালে, নিলামৰ বাবে প্রকাশিত চূড়ান্ত তালিকাত স্থান নাপালে বিতর্কিত বেগী বলাৰ এছ শ্রীশান্তে৷ এই তালিকাৰ দুই কোটিৰ সর্বাধিক ভিত্তি মূল্যত আঠগৰাকী বিদেশী আৰু দুগৰাকী ভাৰতীয় খেলুৱৈৰ নাম অন্তর্ভুক্ত হৈছে৷ অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথ, গ্লেন মেক্সৱেল, ইংলেণ্ডৰ মঈন আলী, ছেম বিলিংছ, লিয়াম প্লাংকেট, জেছন ৰয়, মার্ক উড, বাংলাদেশৰ ছাকিব আল হাছান, ভাৰতৰ হৰভজন সিং আৰু কেদাৰ যাদৱে দুই কোটিৰ ভিত্তি মূল্যত স্থান পাইছে৷

Featured