টোপনিৰ বিষয়ে কিছু বৈজ্ঞানিক তথ্য

পৰশমণি বৰা

সু–স্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতিকৈ প্রয়োজন৷ টোপনিৰ সময়ত আমাৰ মগজুত কিছুমান ঢ়ৌ চলি থাকে, যাক কোৱা হয় ‘ব্রেইন ৱেভ’ Brain Wave)৷EEG (Electro Encephalo Graph নামৰ যন্ত্রৰ দ্বাৰা এই ৱেভসমূহৰ বিষয়ে গম পোৱা যায়৷ আমাৰ মস্তিষ্কত নিদ্রিত বা জাগ্রত এই দুয়ো অৱস্থাতেই চাৰি ধৰণৰ ব্রেইন ৱেভ চলি থাকে৷ তলৰ তালিকাখনত ইয়াৰ বিষয়ে দিয়া হ’ল৷ আমাৰ টোপনিৰ সম্পূর্ণ সময়ছোৱাক তিনিটা আৱর্তনত ভাগ কৰা হৈছে, যাক কোৱা হয় শ্লিপ চাইকল Sleep Cycle) আৰু এই প্রতিটো আৱর্তনৰ সময়সীমা হ’ল ৯০ৰ পৰা ১২০ মিনিট৷ প্রতিটো শ্লিপ চাইকল বা আৱর্তনৰ প্রথম ৫০ শতাংশ সময় আমি পাতল নাইবা খুব পাতল টোপনিৰ মাজেৰে পাৰ কৰোঁ, তাৰ পিছৰ ৩০ শতাংশ সময় আমি গভীৰ নাইবা খুব গভীৰ টোপনি যাওঁ আৰু শেষৰ ২০ শতাংশ সময় সপোনৰ অৱস্থা, যাক কোৱা হয়REM Rapid Eye Movement)Sleep৷
টোপনিৰ পিছত সম্পূর্ণ সজীৱতা অনুভৱ কৰিবলৈ হ’লে টোপনিৰ সময়ছোৱাত ৪৫ৰ পৰা ৫০ মিনিটৰ ডেল্টা ৱেভ Delta Wave)ৰ প্রয়োজন হয়৷ প্রথম দুটাSleep Cycleৰ সময়ত আমি প্রতিটোতে ২০ মিনিটকৈ মুঠ ৪০ মিনিট সময়ৰ ডেল্টা ৱেভ পাওঁ৷ তৃতীয় শ্লিপ চাইকলৰ Sleep Cycle) পিছত আৰু ডেল্টা ৱেভ উৎপন্ন নহয়৷ সেয়েহে ছয় ঘণ্টাৰ পিছত শুই থকাটো কেৱল এক মানসিক সন্তুষ্টিহে মাথোঁ৷ ই কেৱল সময়ৰ অপচয় আৰু শক্তি হ্রাসহে কৰে৷ সেইবাবে বহু সময় শুই থাকিলে ভাগৰুৱাহে অনুভৱ হয়৷
দুপৰীয়া ভোজনৰ পিছত ২৫ৰ পৰা ৩০ মিনিট সময় টোপনি মাৰিলে পুনৰ তাৰ পিছৰ সময়ছোৱাৰ বাবে সজীৱতা অনুভৱ কৰা যায়৷ এই সম্পর্কে বহু ধৰণৰ গৱেষণা কৰা হৈছে৷NASA (National Aeronautic & Space Administration)ৰ গৱেষণা মতে দুপৰীয়া ২৫ মিনিট সময় টোপনি মাৰিলে এজন মানুহৰ কার্যক্ষমতা ৩৬ শতাংশ বৃদ্ধি পায়৷ টোপনি যোৱাৰ সঠিক সময় হ’ল ৰাতি ১০ বজাৰ পৰা পুৱা ৪ বজালৈকে নাইবা ৰাতি ১১ বজাৰ পৰা পুৱা ৫ বজালৈকে৷

Comments (0)
Add Comment