টোপনি ওজন বঢ়াৰ কাৰণ

ডাঃ ৰীণা দেৱী

সুস্বাস্থ্য অটুট ৰখাৰ বাবে যিদৰে সুষম তথা পুষ্টিসাধক খাদ্য আৰু ব্যায়ামৰ প্রয়োজন, ঠিক একেদৰে সুনিদ্রাও আপোনাৰ শাৰীৰিক সুস্থতাৰ হেতু আৱশ্যক৷ দিনটোৰ ভিতৰত অন্ততঃ সাত–আঠ ঘণ্টাৰ টোপনিৰ প্রয়োজন৷ যদি আপোনাৰ পর্যাপ্ত টোপনিৰ অভাৱ হয়, তেন্তে তাৰ প্রভাৱ দেহত স্পষ্ট হ’ব ধৰে৷ তদুপৰি মূৰৰ বিষ, উচ্চ ৰক্তচাপ, খিংখিঙীয়া ভাব, আলস্যতা ইত্যাদি বঢ়াৰ লগতে অন্য বহু ৰোগৰ সৃষ্টি হ’ব ধৰে৷
মেদ বাঢ়ি অহা
টোপনিৰ পৰিমাণ কম হোৱাটোৱে ওজন বৃদ্ধিৰ মুখ্য কাৰণ৷ আচলতে সুনিদ্রাৰ অভাৱত ভোক নিয়ন্ত্রণ কৰা হৰমোনৰ ওপৰত প্রভাৱ পৰে৷ ফলস্বৰূপে অতি বেছি ভোক লাগে আৰু অধিক মাত্রাত কেলৰি গ্রহণ কৰিবলগীয়া হয়, যি ওজন বঢ়াৰ কাৰণ হৈ পৰে৷
স্মৃতি শক্তি দুর্বল হৈ অহা
টোপনিৰ অভাৱত মস্তিষ্কৰ ক্রিয়া–কলাপৰ ওপৰতো বিৰূপ প্রভাৱ পৰে৷ দীর্ঘদিনলৈ এনে স্থিতি হৈ থাকিলে স্মৃতি শক্তি দুর্বল হৈ আহে আৰু পৰৱর্তী সময়ত এই সমস্যাৰ সমাধান কৰাৰ ক্ষমতাও কমি আহে৷
হূদয় সম্বন্ধীয় ৰোগ বৃদ্ধি
সাত–আঠ ঘণ্টাতকৈ কম টোপনি হোৱাসকলৰ হূদয় সম্বন্ধীয় সমস্যা বাঢ়ি আহে৷ ষ্ট্রোকৰ সম্ভাৱনাই দেখা দিয়ে৷ চিন্তা, উদ্বিগ্ণতা বাঢ়ে যিয়ে এই সমস্যা আৰু বেছি বঢ়াই তোলে৷
এনে উপায় লাভদায়ক
টোপনি কম হ’লে বিভিন্ন ৰোগৰ উপদ্রৱ বাঢ়ে৷ ই সঁচাকৈয়ে এটা ডাঙৰ সমস্যা৷ পিছে নিজৰ জীৱনশৈলী আৰু খোৱা–বোৱালৈ অলপমান পৰিৱর্তন আনি এই সমস্যা লাঘৱ কৰিব পৰা যায়৷
নিয়মীয়াকৈ ব্যায়াম কৰক
প্রতিদিনে অলপমান ব্যায়াম আৰু প্রাণায়ামৰ অভ্যাসে আমাৰ টোপনিৰ ক্ষেত্রত সু–প্রভাৱ পেলাব পাৰে৷ দিনটোত আধা বা এঘণ্টা ব্যায়াম কৰাৰ ফলত উদ্বিগ্ণতা কমি আহে৷ লগতে ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যও ৰক্ষা কৰে৷
নিশাৰ আহাৰ পাতলীয়া হ’ব লাগে
নিশাৰ আহাৰ সদায় শোৱাৰ দুঘণ্টা অথবা তিনি ঘণ্টাৰ পূর্বে গ্রহণ কৰা উচিত আৰু পাতলীয়া আহাৰ খোৱা প্রয়োজন৷ এই কথালৈ ধ্যান ৰাখিলে খাদ্য সোনকালে হজম হয় আৰু গেছট্রিকৰ সমস্যাও নহয়৷ যাৰ ফলত টোপনি ভাল হয়৷ ইয়াৰ বিপৰীতে যদি আপুনি গধুৰ আহাৰ কৰে তেতিয়া হজম হ’বলৈ সময় লাগিব আৰু হজম নোহোৱাৰ ফলত ওজন বঢ়া আৰম্ভ হ’ব৷
ম’বাইলৰ পৰা আঁতৰত থাকিব
নিশা শুবৰ সময়ত বিশেষকৈ আন্ধাৰত ম’বাইল ব্যৱহাৰ নকৰিব কাৰণ এনে কৰিলে চকুহালে কষ্ট পায় আৰু টোপনিত বিজুতিও ঘটে।

Comments (0)
Add Comment