বনৌষধিৰে লিভাৰৰ সুৰক্ষা

ডাঃৰেইনী দেৱী

Health is wealth’ অর্থাৎ স্বাস্থ্যই পৰম সম্পদ৷ এই স্বাস্থ্য ঠিকে থাকিবলৈ হ’লে আমাৰ শৰীৰৰ কেতবোৰ অংগ যেনে– যকৃত (লিভাৰ), বৃক্ক (কিডনী) আৰু কলিজা (হার্ট) সুস্থ, সবল আৰু কার্যক্ষম হৈ থকাটো অতি প্রয়োজনীয়৷ ইয়াৰ ভিতৰত যকৃত বা লিভাৰ আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্রন্থি৷ ই বিভিন্ন কার্য সম্পাদন কৰে৷ যেনে– ই পিত্তৰস bile) উৎপাদন কৰে, যিয়ে খাদ্যৰ স্নেহ অংশৰ (চর্বি বা ফেট) বিপাকত সহায় কৰে, ভিটামিনA,D,E,K আদি সঞ্চিত কৰি ৰাখে, শৰীৰৰ পৰা বিভিন্ন অলাগতিয়াল বর্জ্য পদার্থ উলিয়াই শৰীৰ শোধন কৰে(detoxification of the body), কার্বোহাইড্রেট, প্র’টিন, স্নেহ পদার্থৰ বিপাকত সহায় কৰে, শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে ইত্যাদি৷ বিভিন্ন কাৰণত কেতিয়াবা যকৃতৰ এই কার্যসমূহত ব্যাঘাতৰ সৃষ্টি হৈ বিভিন্ন যকৃতজনিত ৰোগৰ (ফেটি লিভাৰ, লিভাৰ ছিৰ’ছিছ, জণ্ডিচ আদি) উদ্ভৱ হয়৷ ইয়াৰ বাবে দায়ী বিভিন্ন কাৰণসমূহৰ ভিতৰত বিৰুদ্ধ আহাৰ(incompetible food), অহিত আহাৰ(improper diet), অহিত বিহাৰ(improper lifestyle) আদিও অন্যতম কাৰণ৷ সময়ৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰ পৰিৱর্তন হৈছে, জীৱনশৈলীৰ পৰিৱর্তন হৈছে, যিয়ে যকৃতৰ দৰে আমাৰ শৰীৰৰ অংগসমূহৰ স্বাভাৱিক কার্যত ব্যাঘাতৰ সৃষ্টি কৰি আমাক ৰুগীয়া কৰি তুলিছে৷ অত্যধিক ভজা, জ্বলা, মচলাযুক্ত খাদ্য খোৱা, অনিয়মিত খাদ্যাভ্যাস, অত্যধিক সংপৃক্ত স্নেহৰ সেৱন(saturated fat), ফাষ্ট ফুডৰ সেৱন, অত্যধিক মদ্যপান, জধেমধে পার্শ্বক্রিয়া থকা বিভিন্ন ঔষধৰ সেৱন, শাৰীৰিক শ্রমৰ অভাৱ, মেদবহুলা আদি বিভিন্ন কাৰণত আমাৰ যকৃতৰ ওপৰত অত্যধিক বোজা পৰে আৰু তেতিয়াই বিভিন্ন ৰোগৰ সৃষ্টি হয়৷ কিন্তু অলপ গুৰুত্ব দি আমাৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তন কৰি আমি আমাৰ যকৃতৰ সুৰক্ষা কৰি ইয়াৰ কার্যক্ষমতা অটুট ৰাখিব পাৰো৷ প্রকৃতিয়ে আমাক মুক্তহস্তে কিছুমান বনৌষধি প্রদান কৰিছে, যাৰ সেৱনৰ দ্বাৰা আমি আমাৰ যকৃতৰ সুৰক্ষা কৰি বিভিন্ন ৰোগ প্রতিৰোধ কৰিব পাৰো৷ লগতে কিছুমান পথ্য–পথ্যৰ, সঠিক জীৱনশৈলীৰ ওপৰতো গুৰুত্ব দিব লাগিব৷ সদায় খাই থকা বন শাকৰ জোলখন বা মনপছন্দৰ চাটনিখনে ক’ব নোৱাৰাকৈ বহুতো ৰোগৰ পৰা বচাই আমাক স্বাস্থ্যৱান কৰি ৰাখে৷ যকৃতৰ কার্যক্ষমতা বঢ়োৱা তেনে কিছুমান সহজলভ্য বনৌষধি তলত উল্লেখ কৰা হৈছে যেনে–
(১) কালমেঘ(Andrographis paniculata)- এইবিধি বনৌষধিৰ বিষয়ে সকলোৱে জানে৷ সংস্কৃতত ইয়াক ভূনিম্ব বুলি কোৱা হয়৷ অত্যধিক তিতা সোৱাদযুক্ত হোৱা বাবে ভূ অর্থাৎ ভূমিৰ নিম বুলিও ক’ব পাৰি৷ ঔষধি গুণসম্পন্ন কালমেঘ বিভিন্ন ৰোগত উপকাৰী, বিশেষকৈ যকৃত বা লিভাৰক সুৰক্ষা প্রদান কৰি বিভিন্ন লিভাৰজনিত ৰোগ প্রতিৰোধ আৰু নিৰাময় কৰে৷ সপ্তাহত এখিলা বা দুখিলা পাত সেৱন কৰিলে সুফল পোৱা যায়৷ যকৃত ৰোগৰ বিভিন্ন আয়ুর্বেদিক ঔষধৰ ই এক অন্যতম উপকৰণ৷ প্রত্যেকেই নিজৰ ঘৰতে এইবিদ বনৌষধি ৰুই লোৱা উচিত৷
(২) ভূঁই আমলখি(Phyllanthus niruri)- ইয়াক অসমীয়াত বন আমলখি বুলিও কোৱা হয়৷ বাৰীৰ চুকে–কোণে দেখা পোৱা এবিধ সুলভ বনৌষধি৷ দেখাত একেবাৰে এজোপা সৰু আমলখি গছৰ দৰে, পাতৰ তলত সৰু সৰু আমলখিৰ দৰে গুটি লাগি থাকে৷ এইবিধ বনৌষধি বিভিন্ন ৰোগত উপকাৰী যদিও মুখ্যতঃ বিভিন্ন যকৃত ৰোগত উৎকৃষ্ট৷ জণ্ডিচ ৰোগত ইয়াৰ ৰস মিচিৰি দি খালে সুফল পোৱা যায়৷ এক চামুচ ৰস, অলপ তালমিচিৰি দি একাপ পানীত বিহলাই দিনে এপালি বা দুপালি কৰি খাব লাগে৷ কৱাথ বনাই খালেও সুফল পোৱা যায়৷
(৩) বেলঃ সকলোৰে প্রিয় বেলৰ চৰবত পেটৰ বিভিন্ন ৰোগত উপকাৰী৷ ই যকৃতৰ কার্যক্ষমতা বৃদ্ধি কৰি সুস্থ ৰাখে৷ সেয়েহে মাজে মাজে বেল বা বেলৰ চৰবত খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী৷
(৪) পদিনাঃ পদিনাৰ ঔষধি গুণ সর্বজনবিদিত৷ পদিনাৰ ৰসে পিত্তৰসৰ(bile) উৎপাদন বৃদ্ধি আৰু চলাচল(flow) বৃদ্ধি কৰে, যাৰ বাবে এই পিত্তৰসে অতিৰিক্ত চর্বিৰ বিপাক কার্য খৰতকীয়া কৰে আৰু ই যকৃতৰ শোধন(detoxification) কৰে৷ দৈনিক খাদ্য তালিকাত পদিনাক ৰাখিব লাগে৷ চাটনি বা বিভিন্ন ব্যঞ্জনত দি খাব পাৰি৷ ইচ্ছা কৰিলে পদিনাৰ ঔষধি চাহ বনায়ো খাব পাৰি৷ দুকাপ পানীত ১০ খিলামান পাত সিজাই একাপ হোৱাৰ পিছত গেছ বন্ধ কৰিব৷ কুহুমীয়া হ’লে নেমুৰ ৰস আৰু অকণমান মৌ দি খাব৷ এই চাহ এক উৎকৃষ্ট ডিটক্স ড্রিংক৷
(৫) তুলসীঃ সর্বৰোগ নাশক বনৌষধি তুলসীৰ উপকাৰিতাৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি৷ বিভিন্ন প্রকাৰৰ ৰোগ যেনে– কেঞ্চাৰ (বিশেষকৈ লিভাৰ কেঞ্চাৰ), বিপাকজনিত ৰোগ যেনে– ইউৰিক এচিডৰ সমস্যা, আর্থ্রাইটিছ, কফজনিত বিভিন্ন ৰোগ আদিত তুলসী উপকাৰী৷ তুলসীয়ে লিভাৰৰ শোধন(cleansing) কৰি ইয়াক কার্যক্ষম কৰি ৰাখে৷ দিনে ৩ বা ৫ খিলাকৈ তূলসী পাত খালে যকৃত ৰোগৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰোগৰ পৰা হাত হাৰি থাকিব পাৰি৷
(৬) আমলখিঃ প্রচুৰ পৰিমাণে ভিটামিন চি আৰু অন্য এণ্টি–ক্সিডেণ্ট থকাৰ বাবে ই অলাগতিয়াল বর্জ্য পদার্থসমূহ উলিয়াই যকৃতৰ শোধন আৰু সুৰক্ষা কৰে৷ যকৃতৰ বিভিন্ন ৰোগত ই উপকাৰী, কাৰণ যকৃত কোষৰ বিকৃতি ৰোধ কৰে৷ সেয়েহে হেপাটাইটিছ, ফেটি লিভাৰ, ছিৰ’ছিছ আদি ৰোগত আমলখি সেৱন কৰিলে সুফল পোৱা যায়৷ দুই চামুচ আমলখিৰ ৰসৰ লগত মিচিৰি বা মৌ দি দিনে এপালি কৰি খাব পাৰে কিছুদিন৷
(৭) শিলিখাঃ ডাকৰ এষাৰ বচন আছে– ‘তিনি শিলিখা যম টিলিকা’৷ অর্থাৎ দিনে তিনিটাকৈ শিলিখা খালে সর্বৰোগ নাশ হয়৷ বিভিন্ন ৰোগত শিলিখাই চমৎকাৰ দেখুৱায়৷ আয়ুর্বেদিক ঔষধ ‘ত্রিফলা’ৰ ই এটা উপকৰণ৷ যকৃতৰ এটা কাম হৈছে শৰীৰ অলাগতিয়াল বর্জ্য পদার্থৰ নিষ্কাশন৷ শিলিখাত থকা টেনিন নামৰ পদার্থই যকৃতৰ এই কার্যত সহায় কৰি শৰীৰ শোধন কৰে৷ জণ্ডিচত তিনিটা শিলিখাৰ লগত অকণমান গুড় দি খালে সুফল পোৱা যায়৷
(৮) টেঙেচি শাক(Oxalis corniculata)- বিভিন্ন প্রকাৰৰ পেটৰ ৰোগত টেঙেচি শাক উপকাৰী৷ ই লিভাৰৰ কার্যক্ষমতা বঢ়ায় আৰু পাচন কার্যত সহায় কৰে৷ টেঙেচি শাকৰ জোল খাব পাৰি৷ নাইবা টেঙেচি শাকৰ ৰসৰ লগত মিচিৰি মিহলাই খালেও সুফল পোৱা যায়৷
(৯) আদাঃ পাকঘৰৰ বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ হোৱা আদাৰ ঔষধি গুণৰ তুলনা নাই৷ পাচন কার্যত সহায় কৰাৰ উপৰি ই যকৃতৰ সুৰক্ষা কৰে, যকৃতৰ বিকৃতি(liver damage) ৰোধ কৰে৷ ফেটি লিভাৰত আদাৰ ব্যৱহাৰে সুফল দিয়ে, কাৰণ আদাই চর্বিৰ বিপাকত সহায় কৰে৷ সেয়েহে বিভিন্ন ডিটক্স ড্রিংকত ইয়াৰ ব্যৱহাৰ হয়৷ দৈনিক খাদ্য তালিকাত কম পৰিমাণে হ’লেও আদা থকা উচিত৷
(১০) নহৰুঃ নহৰুও যকৃতৰ বাবে উপকাৰী৷ নহৰুত থকা এলিচিন আৰু ছিলেনিয়াম(selenium)-এ অলাগতিয়াল বর্জ্য পদার্থ নিষ্কাশন কৰি যকৃত শোধন কৰে৷
(১১) অন্যান্য থলুৱা বনশাকঃ যকৃতৰ সুৰক্ষাত থলুৱা বনশাকৰ ভূমিকা অপৰিসীম৷ মাটিকাদুৰি, মানিমুনি, ভেদাইলতা, কলমৌ, মধুসলেং, চেংমৰা, কল পচলা, মৰিচা শাক, ঢেঁকীয়া শাক, খুতৰা শাক, টেঙামৰা আদিৰ সুস্বাদু থলুৱা ব্যঞ্জনসমূহে যকৃতক সুৰক্ষা প্রদান কৰাৰ উপৰি আন বহুতো ৰোগ প্রতিৰোধ আৰু নিৰাময়ত মুখ্য ভূমিকা পালন কৰে৷ এলাগী যেন লগা এই থলুৱা ব্যঞ্জনসমূহ আমি সকলোৱে আদৰি লোৱা উচিত৷
যকৃতৰ বাবে উত্তম পথ্যঃ বিত, গাজৰ, কমলা, নেমু, আঙুৰ আদি টেঙা ফল, ব্রকলি, ফুলকবি, বন্ধা কবি (থাইৰয়ড সমস্যা থকাসকলে নাখাব), পালেং, মৰিচা আদি বিভিন্ন ৰঙীন শাক–পাচলি, অমিতা, ডালিম, মধুৰি–আম আদি ফলমূল খাব লাগে৷
যকৃতৰ সুৰক্ষাৰ বাবে সহজ কিটিপঃ (ক) শৰীৰৰ ওজন নিয়ন্ত্রণ কৰা৷ (খ) সুষম আৰু সমতুল্য আহাৰ গ্রহণ৷ এখন নির্দিষ্ট দৈনিক ৰুটিন মানি খাদ্য গ্রহণ কৰক৷ (গ) জধেমধে ঔষধ সেৱন কৰিব নালাগে৷ কাৰণ বহুতো ঔষধৰ পার্শ্বক্রিয়া থাকে৷ (ঘ) অত্যধিক চর্বিযুক্ত আহাৰ, তেল বা বেছি জ্বলা–মচলা দিয়া খাদ্য, টিনত সংৰক্ষণ কৰা খাদ্য, অত্যধিক মদ্যপান পৰিহাৰ কৰা উচিত৷ (ঙ) বিশুদ্ধ খোৱাপানী গ্রহণ কৰা উচিত৷ কাৰণ দূষিত পানী বিভিন্ন ৰোগৰ কাৰণ৷ ৰাতিপুৱা খালী পেটত কুহুমীয়া পানী সেৱন কৰা উচিত৷

Comments (0)
Add Comment