মুখৰ দুর্গন্ধ

  • ডাঃ ৰেইনী দেৱী

আমাৰ বহুতেই ভুগি থকা এটা অস্বস্তিকৰ সমস্যা হৈছে ‘মুখৰ দুর্গন্ধ’৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াকHalitosis বুলি কোৱা হয়৷ এই সমস্যাত ভোগা লোকজন নিজেতো অশান্তিত থাকেই, তেওঁৰ কাষত বহাজনেও কেতিয়াবা নাকত সোপা দিবলগীয়া হয়৷ ফলত ভুক্তভোগীয়ে একপ্রকাৰ মানসিক চাপত থাকিবলগীয়া হয় আৰু ইয়াৰ সমাধান বিচাৰি হাবাথুৰি খাই ফুৰে৷ আমি প্রত্যেকেই জানো যে জ্বৰ আদি হ’লে স্বাভাৱিকতে আমাৰ মুখখন গোন্ধায়৷ জ্বৰ ভাল হোৱাৰ পাছত মুখৰ দুর্গন্ধ নিজে নিজে নাইকিয়া হৈ যায়৷ ৰাতিপুৱা শুই উঠাৰ পিছতো আমাৰ সকলোৰে মুখখন গোন্ধায়৷ তাৰ পিছত ব্রাছ কৰাৰ লগে লগে মুখৰ গোন্ধ নাইকিয়া হৈ যায়৷ কিন্তু কেতিয়াবা আন বহুতো কাৰণত মুখৰ দুর্গন্ধ ওলাব পাৰে৷ যেনে– মুখ বা দাঁত ভালকৈ পৰিষ্কাৰ নকৰা, দাঁতৰ ৰোগ, দাঁতৰ আলুৰ বিভিন্ন ৰোগ, মুখগহ্বৰৰ ৰোগ, লিভাৰৰ বিভিন্ন অসুখ, পেটৰ অন্য ৰোগ, কিডনী বিকল হ’লে, শ্বাসতন্ত্রৰ বিভিন্ন ৰোগ, বিভিন্ন ঔষধ সেৱনৰ পার্শ্বক্রিয়া আদিৰ দৰে বিভিন্ন কাৰণত এই সমস্যা হ’ব পাৰে৷ সাধাৰণতে দাঁতৰ আলুৰ ৰোগ যেনে– জিনজিভাইটিছ, পায়েৰীয়া আদিত ভোগা লোকৰ মুখৰ দুর্গন্ধ থাকে৷ ইয়াৰ উপৰি কেতিয়াবা চাইনাচাইটিছ, তনছিলাইটিছ আদি ৰোগতো ৰোগীৰ মুখ গোন্ধোৱা দেখা যায়৷ বিড়ি, চাধা, চিগাৰেট খোৱা লোকৰ স্বাভাৱিকতে মুখৰ দুর্গন্ধ পোৱা যায়৷ দিনত কেঁচা পিঁয়াজ আৰু নহৰু খালেও মুখৰ দুর্গন্ধ ওলায়৷ পিঁয়াজ, নহৰু খোৱা লোকৰ ওচৰত থকা আন লোকেও বৰ অশান্তি পায় নহয়নে বাৰু? মুঠৰ ওপৰত ক’বলৈ গ’লে মুখৰ দুর্গন্ধৰ অনেক কাৰণ৷ গতিকে কাৰণ অনুসৰি তাৰ প্রতিকাৰৰ উপায়ো নিশ্চয় বেলেগ বেলেগ৷ যদি কোনো ৰোগৰ বাবে মুখৰ দুর্গন্ধ ওলাইছে, তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামর্শ অনুসৰি চিকিৎসা গ্রহণ কৰা উচিত৷ বিভিন্ন পৰীক্ষা–নিৰীক্ষাৰ পিছত সঠিক কাৰণসমূহ জানিব পৰা যায়৷ কিন্তু দেখা যায় যে মুখৰ দুর্গন্ধৰ এটি সাধাৰণ কাৰণ হৈছে মুখ গহ্বৰ ভালকৈ পৰিষ্কাৰ নকৰা৷ বিশেষকৈ ৰাতি আহাৰ খোৱাৰ পিছত মুখখন ভালকৈ পৰিষ্কাৰ নকৰিলে মুখৰ ভিতৰত থকা বেক্টেৰিয়াই অৱশিষ্ট খাদ্যখিনি পচাই পেলায়৷ যাৰ ফলত মুখৰ দুর্গন্ধ ওলায়৷ গুৰুতৰ ৰোগ বাদ দি যিসকলৰ সদায়েই মুখখন গোন্ধাই থাকে, তেনে লোকে কেতবোৰ ঘৰুৱা দিহাৰ যোগেদি সুফল লাভ কৰিব পাৰে৷ আজিৰ লেখাটো মুখৰ দুর্গন্ধৰ তেনে কেতবোৰ দিহাৰ বিষয়েহে তলত সংক্ষেপে উল্লেখ কৰা হৈছে ৷

১.মুখৰ ভিতৰখন পৰিষ্কাৰকৈ ৰাখিবলৈ চেষ্টা কৰা উচিত৷ দৈনিক দুবাৰ দাঁত ব্রাছ কৰিব লাগে, বিশেষকৈ ৰাতি শোৱাৰ সময়ত ব্রাছ কৰাতো অত্যন্ত প্রয়োজনীয়৷ কাৰণ ৰাতি আহাৰ খোৱাৰ পিছত ব্রাছ নকৰিলে অৱশিষ্ট খাদ্যৰ কণিকা দাঁতৰ ফাঁকত সোমাই পচি গৈ দুর্গন্ধৰ সৃষ্টি কৰিব পাৰে৷ দাঁত ব্রাছ কৰাৰ উপৰি জিভাখনো পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ ইয়াৰ বাবেTongue scrapper ব্যৱহাৰ কৰিব পাৰি৷ ডাক্তৰৰ পৰামর্শ মতে মাউথৱাছ ব্যৱহাৰ কৰিলেও যথেষ্ট সুফল পোৱা যায়৷

 ২.স্বাস্থ্যসন্মত খাদ্য গ্রহণ কৰা উচিত৷ অম্লধর্মী খাদ্য যেনে ভিনেগাৰ, চচ কমাই খোৱা উচিত৷ ঠিক তেনেকৈ মিঠাজাতীয় খাদ্যও কমকৈ খাব লাগে৷ ৰাতিৰ আহাৰ গ্রহণ কৰোতে এনেবোৰ কথা বিশেষভাৱে গুৰুত্ব দিয়া উচিত৷

৩.তুলসী পাত কেইখিলামান দাঁতেৰে ভালকৈ চোবাই তাৰ পিছত পানীৰে মুখখন কুলি কুলি কৰিব লাগে৷ তুলসীৰ বেক্টেৰিয়ানাশক গুণ আছে বাবে মুখৰ দুর্গন্ধ কম কৰাত সহায় কৰে৷ মুখৰ দুর্গন্ধ থকা লোকে নিয়মীয়াকৈ দুই–এখিলা তুলসী পাত খাই থাকিলে নিশ্চয় সুফল পাব৷ ইয়াৰ উপৰি তুলসী পাত পানীত উতলাই সেই পানীৰে নিয়মিত মুখখন কুলি কুলি কৰিলেও সুফল পোৱা যায়৷

৪.ধনীয়াঃ ইয়াত থকা ক্লৰফিলে দুর্গন্ধ নাশ কৰে বুলি জনা যায়৷ ধনীয়া পাত চোবাই খালে এই সমস্যাত সুফল পোৱা যায়৷

৫.আনাৰস খালেও সুফল পোৱা যায়৷ আনাৰসে জিভা পৰিষ্কাৰ কৰে আৰু লালটিৰ স্বাভাৱিক ক্ষৰণত সহায় কৰে৷ জিভা পৰিষ্কাৰ হ’লে স্বাভাৱিকতে মুখৰ দুর্গন্ধ ভালেখিনি কমি যায়৷

৬.চফগুটি চোবাই খালেও উপকাৰ পোৱা যায়৷ অতি প্রাচীন কালৰে পৰা চফগুটি মুখশুদ্ধি হিচাপে ব্যৱহাৰ হোৱা কথাষাৰে ইয়াৰ সত্যতা প্রতিপন্ন কৰে৷

৭. লং, ইলাচী, ডালচিনিও মুখৰ দুর্গন্ধত উপকাৰী৷ ইয়াৰ ভিতৰত লং বেক্টেৰিয়ানাশক, দাঁত আৰু দাঁতৰ আলুৰ সুস্বাস্থ্যৰ বাবে উপকাৰী আৰু দাঁতৰ ৰোগ নিৰাময় কৰে৷ এটা লং মুখত লৈ থাকিলে সুফল পোৱা যায়৷ নাইবা এটা ইলাচী বা এডোখৰ ডালচিনি মুখত লৈ থাকিলেও সুফল পোৱা যায়৷ ডালচিনিৰ পাউদাৰ গৰম পানীত দি দৈনিক কুলিকুলি কৰিলেও সুফল পোৱা যায়৷ লং তিনিটামান পানীত সিজাই সেই পানীৰে মাউথৱাছ হিচাপে ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়৷

৮. নিমপাত দুই–তিনিখিলা, তুলসী পাত কেইখিলামান পানীত সিজাই সেই পানীৰে কুলিকুলি কৰিলেও সুফল পোৱা যায়৷

৯. নেমু বা কমলাৰ বাকলি চোবালেও ভাল ফল পোৱা যায়৷

১০. খোৱাৰ পিছত আপেল, মধুৰী চোবাই খালে দাঁতত খাদ্য কণিকা লাগি নাথাকে৷

১১.এগিলাচ পানীত নেমুৰ ৰস অকণমান দি সেই পানীৰে কুলিকুলি কৰিলেও সুফল পোৱা যায়৷

১২. পদিনা পাতকেইটামান পানীত উতলাই বনোৱা পদিনা চাহ নিয়মীয়াকৈ সেৱন কৰিলেও সুফল পোৱা যায়৷

১৩. ওপৰৰ দিহাকেইটা প্রয়োগ কৰিলে নিশ্চয় সুফল পোৱা যাব৷ কিন্তু ইয়াৰ বাবে আমি নিজে সচেতন হ’ব লাগিব৷ আমি সকলোৱে নিজৰ ছাল, চুলিৰ যত্ন যিদৰে লওঁ, সেইদৰে আমাৰ মুখৰ ভিতৰখনো পৰিষ্কাৰকৈ ৰাখিবলৈ চেষ্টা কৰা উচিত৷ আমি দামী দামী প্রসাধনত টকা–পইচা খৰচ কৰি থাকোঁ ৷ কিন্তু কেতিয়াবা স্বাস্থ্য ৰক্ষাৰ নীতি–নিয়মসমূহ পালনত অৱহেলা কৰোঁ নহয়নে? অলপ সময় উলিয়াই এনেবোৰ স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তুলিবলৈ সকলোৱেই চেষ্টা কৰা উচিত৷ উঠিহা ল’ৰা–ছোৱালীবোৰক পিতৃ–মাতৃয়ে এইবোৰ কথা ভালকৈ শিকোৱা উচিত৷ আনহাতে, সকলোতকৈ ডাঙৰ কথা হৈছে যদি মুখৰ দুর্গন্ধৰ কাৰণ কোনো গুৰুতৰ ৰোগ তেন্তে তাৰ সঠিক চিকিৎসা কৰা উচিত৷ লগতে পুষ্টিকৰ খাদ্য সেৱন কৰি শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ চেষ্টা কৰা উচিত ৷

Comments (0)
Add Comment