৪০ বছৰৰ পিছত পুৰুষসকলে স্বাস্থ্য পৰীক্ষা কৰোৱাব লাগে

সাধাৰণতে গুৰুতৰ ৰোগ নহ’লে আমি চিকিৎসকৰ ওচৰলৈ নাযাওঁ৷ ঘৰতেই সৰু সৰু বেমাৰবোৰ নিৰাময় কৰিবলৈ প্রয়াস কৰোঁ৷ কিন্তু কেতিয়াবা সেই সৰু সৰু ৰোগসমূহৰ পৰাই গুৰুতৰ ৰোগে পায়৷ আমাৰ অজ্ঞাতেই শৰীৰত বহুতো মাৰাত্মক ৰোগে বাহ সাজে৷ সেয়ে মাজে সময়ে আমি স্বাস্থ্য পৰীক্ষা কৰি থকা উচিত৷ অধ্যয়নবোৰে দেখুৱাইছে যে পুৰুষসকলে মহিলাতকৈ যথেষ্ট কম স্বাস্থ্য পৰীক্ষা কৰে৷ সেইবাবে পুৰুষসকলে বিভিন্ন সময়ত গুৰুতৰ ৰোগত আক্রান্ত হয়৷ বিশেষজ্ঞসকলৰ মতে, ৪০ বছৰৰ পিছত কিছুমান শাৰীৰিক পৰীক্ষা পুৰুষসকলে কৰাটো অতি গুৰুত্বপূর্ণ৷ সেই পৰীক্ষাসমূহ হৈছে–

থাইৰয়ড: থাইৰয়ডে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে৷ ওজন বৃদ্ধি, ভাগৰ লগা আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ সেয়ে থাইৰয়ডৰ পৰীক্ষা কৰা উচিত৷

ডায়েবেটিছ: বয়স বাঢ়ি অহাৰ লগে লগে ডায়েবেটিছ হোৱাৰ আশংকাও বৃদ্ধি পায়৷ সেয়ে ৪০ বছৰৰ পিছত ডায়েবেটিছ পৰীক্ষা কৰোৱা
উচিত৷

উচ্চ ৰক্তচাপ: উচ্চ ৰক্তচাপৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা হ’ব পাৰে৷ যেনে হূদৰোগ, বৃক্কৰ ৰোগ আৰু ষ্ট্রোক৷ সেয়ে নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰোৱা
উচিত৷

হূদৰোগ: ক্রমাৎ বৃদ্ধি পাইছে হূদৰোগ ৰোগীৰ সংখ্যা৷ হূদৰোগৰ পৰা ৰক্ষা পৰিবলৈও আমি পৰীক্ষা কৰা উচিত৷ মুঠতে সু–স্বাস্থ্যৰ বাবে আমি আগতীয়াকৈ সাৱধানতা অৱলম্বন
কৰিব লাগিব৷