পৱিত্র বৃক্ষ বিল্ব ঔষধি গুণেৰে পৰিপুষ্ট

গণিয়াৰী, শ্যোনাক, পাৰল, গাম্ভায়ী আৰু বিল্ব এই পঞ্চম বৃক্ষৰ শিপাৰ ছালক বৃহৎ পঞ্চমূল বা মহৎ পঞ্চমূল বোলা হয়৷ বৃহৎ পঞ্চমূলৰ বিল্ব এটা প্রধান দ্রব্য৷ কাৰণ ইয়ে মানৱ দেহৰ সর্বৰোগ বিনাশ কৰিব পাৰে৷ ‘বিল–বন ৰোগান, বিলতি ভিনত্তি ইতি বিল্ব’ অর্থাৎ ৰোগসমূহ বিনাশ কৰে বাবে ইয়াৰ নাম বিল্ব৷ এই বিল্ব বা বেলক আকৌ বিভিন্ন নামেৰে অভিহিত কৰা হৈছে৷ যেনে– শ্রীফল, লক্ষ্মীফল, সদাফল শিৱেষ্ট, ত্রিপত্র, গন্ধপত্র ইত্যাদি৷ প্রতিটো নামৰে একোটা মহৎ তাৎপর্য আছে৷ গছজোপা দেখিবলৈ শুৱনি কাৰণে ইয়াক শ্রীফল বোলা হয়৷ এক আখ্যান মতে লক্ষ্মীদেৱীৰ স্তনৰ পৰা উৎপত্তি হোৱাৰ কাৰণে ইয়াক লক্ষ্মীফল বোলা হয়৷ বছৰটোৰ সকলো সময়ত ইয়াক প্রত্যক্ষ হয় কাৰণে সদাফল বোলা হয়৷ শিৱৰ অতিকে প্রিয় বাবে ইয়াক শিৱেষ্ট বুলি কোৱা হয়৷ পাতবোৰ তিনিপতীয়া কাৰণে ইয়াক ত্রিপত্র বোলা হয়৷ ইয়াৰ পাত সুগন্ধিযুক্ত কাৰণে ইয়াক গন্ধপত্র বোলে৷
বিল্ব বা বেল সকলোৰে পৰিচিত এক পৱিত্র বৃক্ষ৷ অসম তথা ভাৰতবর্ষৰ সকলো অঞ্চলতে ইয়াক পোৱা যায়৷ গছজোপা প্রায় ২৮–৩০ ফুটলৈকে ওখ হয়৷ গছৰ ঠাৰিবোৰ তীক্ষ্ণ কাঁইটেৰে ভৰা৷ ইয়াৰ গা–গছো কাঁইটেৰে আৱৰা৷ ফল গোল, কিছু লম্বা আকাৰৰ৷ ফলৰ ভিতৰভাগত আঠাযুক্ত অনেক গুটিৰ সমাহাৰ৷
ঔষধি গুণ: গছজোপাৰ ফল, পাত, ফুল, ছাল, শিপা আদি মানৱ দেহৰ ৰোগ নিৰাময় আৰু উপশমৰ বাবে পৰম উপকাৰী৷
ফলটোৰ ঔষধি গুণ: পকা বেলৰ চৰবত সেৱন কৰিলে কোষ্ঠ পৰিষ্কাৰ হয়৷ অন্ত্রৰ হজম সম্বন্ধীয় প্রতিটো গ্রন্থি সক্রিয় হৈ উঠে৷ ফলত হজম শক্তি বৃদ্ধি হয়৷
কেঁচা বেল শুঠৰ চাহ অজীর্ণজনিত পেটৰ ৰোগৰ পৰম উপকাৰী৷ তেজহাগনী আৰু অর্শ ৰোগো নির্মূল হয়৷
শিশুৰ সঘনাই হোৱা অজীর্ণ ৰোগত বেলশুঠ গৰম পানীত সিদ্ধ কৰি নিয়মীয়াকৈ খুৱাব পাৰি৷ কেঁচা বেলৰ দুই–তিনি ক্ষুদ্র টুকুৰা ১০০ গ্রাম পৰিমাণৰ সৰিয়হ তেলত খৰকৈ ভাজি সেই তেলখিনি চেঁচা (শীতল) কৰি ২ বা ৩ টোপালকৈ দিনত ২/৩ বাৰকৈ কাণত দিলে কাণেৰে কম শুনা আৰু কাণত ভোঁ ভোঁ শব্দ হৈ থকা ৰোগ নিৰাময়ত উপকাৰ হয়৷
পকা বেল সুস্বাদু, পুষ্টিকাৰক তথা স্কার্ভিৰোগনাশক৷ কোষ্ঠকাঠিন্য ৰোগ নিবাৰণৰ ই উত্তম মহৌষৰূপে ক্রিয়া কৰে৷
কেঁচা অথবা আধাপকা বেলৰ ক্কাথৰ লগত খাঁটি গুৰ মিহলাই গ্রহণ কৰিলে অতিসাৰ, ৰক্তাতিসাৰ ৰোগত উপকাৰ সাধন কৰে৷
কেঁচা আৰু আধাপকা বেলৰ ৰসে হজমকাৰী মহৌষধৰ কাম কৰে৷
পাতৰ ঔষধি গুণ: জলোদৰ Ascites) ৰোগত বেলপাতৰ ৰসত কেইটামান জালুকৰ গুড়ি আৰু ১ চামুচ বিশুদ্ধ মৌ–জোল মিহলাই দিনে ২ বাৰকৈ ৮ৰ পৰা ১০ দিনলৈ একেৰাহে সেৱন কৰিলে সুফল পোৱা যায়৷
চকু ৰঙা পৰা আৰু চকুৰ বিষ নিৰাময়ত পাতৰ ৰস ২ বা ৩ টোপালকৈ দিনত ২ বাৰকৈ ৭ বা ৮ দিন ব্যৱহাৰ কৰিব লাগে৷
মূৰৰ বিষত পাত বটি কপালত প্রলেপ দিলে বিষ নিৰাময় হয়৷
পাতৰ ৰসত চেনি মিহলাই সেৱন কৰিলে শৰীৰৰ আৰু গাঁঠিৰ বিষ নিৰাময় হয়৷
ঘা শুকাবলৈ পাতৰ ৰস পৰম উপকাৰী
জ্বৰত ৰোগীয়ে প্রলাপ বকিলে পাত বটি মূৰত ভৰণ দিলে সুফল পোৱা যায়৷
শিশুৰ কফ আৰু শ্বাস ৰোগত পাতৰ ৰসে মহৌষধৰ কাম কৰে৷
পাতৰ ৰসৰ লগত সামান্য সৈন্ধৱ লোণ মিহলাই গ্রহণ কৰিলে যকৃতমূল ৰোগ উপশমত উপকাৰ সাধন কৰে৷
বহুমূত্র ৰোগীয়ে সতেজ বেল পাত এটাৰ ৰসৰ লগত খাটি মৌ–জোল আধা চামুচ ভালদৰে মিশ্রণ কৰি দিনত ২ বাৰ সেৱন কৰিলে প্রস্রাৱৰ লগত শর্কৰা নির্গমন বন্ধ হয় আৰু শৰীৰত হোৱা ঘা–ফোঁহা আদি শুকাই যায়৷ কিন্তু পাতৰ ৰসৰ পৰিমাণ বেছিকৈ ল’ব নালাগে৷
তেজ পৰা অর্শৰোগীয়ে piles) ৩–৪টা মান পাত কঁকালত বান্ধি ৰাখিলে অর্শত তেজ পৰা বন্ধ হোৱাৰ লগতে ৰোগো নিৰাময় হয়৷
বেল পাত ঘিউত ভাজি সেই ঘিউৰে কপালত মালিচ কৰিলে বহুদিনীয়া মূৰৰ বিষ নিৰাময় হয়৷
গৰম কালত গাৰ ঘামৰ পৰা ওলোৱা গোন্ধ বেলপাতৰ ৰস ঘঁহিলে নাইকিয়া হয়৷
নিউমোনিয়া, বাত বিষ, বুকুৰ বিষ আদিত বেলপাতৰ ৰস দৈনিক ১ চামুচকৈ ২ বাৰ ১ সপ্তাহ সেৱন কৰিলে সুফল পোৱা যায়৷
ফুলৰ ঔষধি গুণ: তৃষ্ণা আৰু বমি ৰোগত শুকান ফুল ৪–৫টা মানৰ লগত ১ চামুচ পানী আৰু আধা চামুচ মিচিৰি মিহলাই গ্রহণ কৰিলে উক্ত ৰোগ নিৰাময় হয়৷
চর্দি, পানীলগাত ফুলৰ গোন্ধ নাকেৰে শুঙিলে সুফল পোৱা যায়৷
অতিসাৰ(Diarrhoea) বা পেটচলা বেমাৰত ফুলৰ ৰস পৰম মহৌষধ৷ দিনত ২ বাৰকৈ ৩ দিন খালে ৰোগ নিৰাময় হয়৷
ছাল আৰু শিপাৰ ঔষধি: বহুদিনীয়া কোষ্ঠকাঠিন্য ৰোগ নিৰাময়ত ছালৰ ১ চামুচ ৰসৰ লগত অলপ পানী মিহলাই গৰম কৰি সেৱন কৰিলে সুফল পোৱা যায়৷
তিৰোতাৰ প্রসৱৰ সময়ত বা প্রসৱ হোৱাৰ পিছত হোৱা জ্বৰ, শোথ, বিষ আদি নিৰাময়ত শিপাৰ ৰস পগাই খালে উত্তম মহৌষধৰ ক্রিয়া কৰে৷ একসিৰা ৰোগ আৰু অণ্ডকোষ ডাঙৰ হোৱা ৰোগত বেলগছৰ শিপা কঁকালত আঁৰি ল’লে ভাল ফল পোৱা যায়৷ গতিকে মানুহৰ কল্যাণ সাধন কৰিব পৰা এনে এজোপা বৃক্ষ আমি সকলোৱে বিনষ্ট নকৰি ৰোপণ কৰাতহে মনোনিৱেশ কৰা উচিত৷