আমাৰ চিন্তাশক্তি নষ্ট কৰিব পাৰে এইসমূহ পাচলিয়ে! ভুলতো নিকিনিব…

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ:  শীতকালীন শাক-পাচলিৰ মাজত মটৰ প্রায় সকলোৰেই খুব প্রিয়। বহু লোকে মটৰ কেঁচাই খায়। ই এবিধ পুষ্টিকৰ আৰু সুস্বাদু পাচলি। শীতকালীন পাচলি হ’লেও বর্তমানে বছৰৰ প্ৰায় সকলো সময়তে বজাৰত পোৱা যায় মটৰ। কিন্তু এইবাৰ মটৰ কিনাৰ পূৰ্বে সাৱধান হওক। কাৰণ, মটৰে আপোনাৰ চিন্তাশক্তি দুর্বল বা নষ্ট কৰি দিব পাৰে। এই দাবী কৰিছে মার্কিন গৱেষকে।

মার্কিন গৱেষক চিকিৎসক ষ্টিফেন গুন্ড্রিৰ মতে, এনে বহু উদ্ভিদ আছে যি নিজৰ মাজতে লেক্টিন উৎপন্ন কৰিবলৈ সক্ষম। এই লেক্টিন সিহঁতৰ ‘ডিফেন্স মেকানিজম’ৰ অংগ। এই লেক্টিনৰ বাবেই কীট-পতংগৰ হাতৰ পৰা ই উদ্ভিদসমূহক বচাবলৈ সহায় কৰে। এই লেক্টিনৰ সংস্পর্শলৈ আহিলে কীট-পতংগৰ শৰীৰত কার্যক্ষমতা হ্ৰাস পায়। ষ্টিফেনে জনায় মটৰ, বিলাহী, চয়াবিন, বাদাম, কাজুৰ দৰে শস্যত লেক্টিনৰ প্রভাৱ বেছি থাকে।

মার্কিন গৱেষকসকলৰ মতে, এই লেক্টিন মানৱদেহত প্রৱেশ কৰিলে শৰীৰত এলার্জি, ব্রেন ফগৰ দৰে সমস্যা সৃষ্টি কৰে। বহু ক্ষেত্রত মানসিক অৱসাদৰো কাৰণ এই লেক্টিন। গৱেষকসকলৰ মতে, লেক্টিন তেজৰ মাধ্যমেৰে মস্তিষ্কত সোমালে আমাৰ চিন্তাশক্তি দুর্বল বা নষ্ট কৰি দিব পাৰে।