অর্থনীতি - নিয়মীয়া বাৰ্তা

যুদ্ধৰ প্রভাৱ : মধ্যপ্রাচ্যলৈ অসমৰ চাহ ৰপ্তানি ২০% হ্রাস
পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বিভীষিকাৰ বাবেই সমগ্র দেশৰ লগতে অসমতো পেট্র’ল–ডিজেলকে ধৰি ইন্ধনজাত সামগ্রীৰ নাটনি আৰু দাম বৃদ্ধিয়ে যে হৈছে তেনে নহয়, পশ্চিম এছিয়াৰ যুদ্ধৰ প্রভাৱ অসমৰ চাহ উদ্যোগ খণ্ডতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে৷

বিশেষকৈ অসমৰ পৰা পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ যুদ্ধৰ বাবে চাহৰ ৰপ্তানিৰ পৰিমাণো ব্যাপক মাত্রাত হ্রাস হৈছে৷ বিগত বর্ষত অভিলেখ ভংগ কৰি ২৮০.৪০ মিলিয়ন কেজি চাহ ভাৰতে বিদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধ হোৱাত পশ্চিম এছিয়াৰ দেশসমূহলৈ চাহৰ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হৈছে৷

উল্লেখ্য যে চাহ ৰপ্তানিৰ ক্ষেত্রত চাহৰ উৎপাদনকাৰী মূল ৰাজ্য অসমৰ পৰাই পশ্চিম এছিয়া তথা মধ্যপ্রাচ্যৰ দেশসমূহলৈ অধিক চাহ ৰপ্তানি হয়৷ মুখ্যতঃ যুদ্ধৰ বাবে হৰমুজ প্রণালী বন্ধৰ প্রভাৱ, ৰপ্তানিৰ বাবে চাহৰ বীমাৰ ব্যয় বৃদ্ধি, আকাশলংঘী মালবাহী ব্যয়, পশ্চিম এছিয়াৰ দেশসমূহৰ বেংকিং খণ্ডত যুদ্ধৰ প্রভাৱ, ইণ্টাৰনেট কর্তন, ধনৰ লেনদেন–গেৰাণ্টী আদিকে ধৰি কেইবাটাও কাৰকে অসমকে ধৰি উত্তৰ–পূবৰ পৰা চাহৰ ৰপ্তানি মধ্যপ্রচ্যৰ দেশসমূহ, ইৰান, ইৰাক, ওমান, ইউএই আদি দেশসমূহলৈ হ্রাস হৈছে৷

তথ্য অনুসৰি যুদ্ধৰ বাবে ২০২৬ চনৰ জানুৱাৰী–মার্চ কোৱার্টাৰত ভাৰতে ২১.০১ মিলিয়ন কেজি চাহ ৰপ্তানি কম কৰিবলৈ বাধ্য হয়৷ তথ্য অনুসৰি ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহলৈ ৪৬ শতাংশ চাহ ৰপ্তানি কৰে৷ আনহাতে ইউৰোপ আৰু কমনৱেল্থ দেশসমূহলৈ ৮৭ শতাংশ চাহ ৰপ্তানি কৰে ভাৰতে৷

পশ্চিম এছিয়াৰ দেশসমূহ যেনে– ইৰাক, ইৰান, ছৌদি আৰবীয়া, তুৰস্ক আৰু ইজিপ্তলৈ চাহ ৰপ্তানি ২০ শতাংশ পর্যন্ত হ্রাস হোৱাত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ চাহ উদ্যোগৰ ক্ষেত্রতো ব্যাপক প্রভাৱ পৰা পৰিলক্ষিত হৈছে৷ এই সন্দর্ভত গুৱাহাটী অকচন বায়াৰ এছ’চিয়েচনৰ সচিব দীনেশ বিহানীয়ে এই প্রতিবেদকক কয় যে অসমত উৎপাদন হোৱা ১৫–২০ শতাংশ অর্থডক্স চাহৰ অধিকাংশই ৰপ্তানি হয় বিদেশলৈ৷

যোৱা এপ্রিলৰ পৰা পশ্চিম এছিয়াত সংঘটিত যুদ্ধৰ প্রভাৱত ২০ শতাংশ পর্যন্ত অর্থডক্স চাহ পশ্চিম এছিয়াৰ দেশসমূহলৈ ৰপ্তানি কৰাত ৰপ্তানিকাৰী ব্যৱসায়িক গোষ্ঠী ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে৷ হৰমুজ প্রণালীত সৃষ্টি হোৱা যুদ্ধসদৃশ পৰিৱেশৰ বাবেই উক্ত পথেৰে জাহাজ চলাচলত অসুবিধা হোৱাৰ বাবে ৰপ্তানিকাৰী ব্যৱসায়ীসকলে বিকল্প পথৰ সন্ধান কৰিবলগীয়া হৈছে৷

যিটো ব্যৱসায়ীসকলে বহন কৰাত অসমর্থ৷ হৰমুজ প্রণালীৰ জটিল বাণিজ্যিক কৰিড’ৰ যুদ্ধৰ বাবে ভয়াৱহভাৱে ক্ষতিগ্রস্ত হোৱাত পশ্চিম এছিয়াৰ দেশসমূহৰ ডাঙৰ ক্রেতাসকলৰ সৈতে চুক্তি স্থবিৰ হৈ পৰিছে৷ ব্যৱসায়ীসকলে ব্যৱসায়ৰ বাবে হৰমুজ প্রণালী ত্যাগ কৰি বিকল্প পথৰ সন্ধান কৰাত অর্থাৎ জাহাজ কোম্পানীসমূহে হৰমুজ প্রণালী এৰি কেপ অৱ গুড হ’পৰ যোগেদি জাহাজসমূহক পশ্চিম এছিয়ালৈ নিয়াৰ বাবে মালবাহী ব্যয় বৃদ্ধি, বীমাৰ পৰিমাণ বৃদ্ধি আদি কাৰণত চাহ ৰপ্তানিত অসুবিধাৰ সন্মুখীন হৈছে৷

এতিয়া এইসমূহ দেশলৈ জাহাজ চলাচলৰ ক্ষেত্রত ৪০–৬০ দিন লগাত ব্যয় বৃদ্ধি হৈছে৷ পূর্বে মুম্বাই প’টৰ পৰা জাহাজ পোনে পোনে এই দেশসমূহলৈ যোৱাত কম ব্যয়তে চাহ ৰপ্তানি কৰিবলৈ ব্যৱসায়ীসকল সক্ষম হৈছিল যদিও এতিয়া এয়া সম্ভৱ হৈ থকা নাই৷

পশ্চিম এছিয়াৰ দেশসমূহৰ অর্থনৈতিক মন্দাৱস্থাৰ কাৰণে উল্লিখিত দেশসমূহতো ব্যাপক প্রভাৱ পৰিছে৷ এনে পৰিপ্রেক্ষিততে পশ্চিম তথা মধ্য এছিয়ালৈ চাহৰ ৰপ্তানি হ্রাসে চাহ উৎপাদনৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা অসমৰ লাখ লাখ শ্রমিক আৰু হাজাৰ হাজাৰ ক্ষুদ্র চাহ খেতিয়কক মাধমাৰ যে শোধাব, সেয়া এক গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে৷

ডিজিটেল ডেস্ক, ১২ জুন

The post যুদ্ধৰ প্রভাৱ : মধ্যপ্রাচ্যলৈ অসমৰ চাহ ৰপ্তানি ২০% হ্রাস first appeared on নিয়মীয়া বাৰ্তা.

২০২৫-২৬ বিত্তীয় বৰ্ষত মুঠ ব্যৱসায় ১১% বৃদ্ধি বন্ধন বেংকৰ
বন্ধন বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ফলাফল ঘোষণা কৰিছে। এই সময়ছোৱাত বেংকৰ মুঠ ব্যৱসায় ১১%তকৈ অধিক বৃদ্ধি পাই ৩.২ লাখ কোটিতকৈ অধিক হৈছে। বৰ্তমান বেংকৰ মুঠ আমানতৰ ভিতৰত প্ৰায় ৭৪% হৈছে ৰিটেইল আমানত।

এই বৃদ্ধিৰ মুখ্য কাৰণ হৈছে বেংকৰ বিস্তৃত শাখা আৰু আউটলেট নেটৱৰ্ক, কামৰ দক্ষতা বৃদ্ধি আৰু গ্ৰাহকক অধিক ভাল সেৱা প্ৰদান কৰাৰ অবিৰত চেষ্টা। ২০২৫-২৬ বিত্তীয় বৰ্ষত বেংকৰ মুঠ  লাভ হৈছে ১,২২৪ কোটি।

বৰ্তমান বন্ধন বেংকে ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ভিতৰত ৩৫খনত অৱস্থিত ৬৩৫০তকৈ অধিক শাখা আৰু আউটলেটৰ জৰিয়তে প্ৰায় ৩.২ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আছে। বেংকটোত ৭৫০০০তকৈ অধিক কৰ্মচাৰী কৰ্মৰত।

২০২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত বেংকৰ মুঠ আমানত বছৰি ১০% বৃদ্ধি হৈ ১.৬৬ লাখ কোটিত উপনীত হৈছে। একে সময়তে মুঠ ঋণ বৃদ্ধি পাই ১.৫৪ লাখ কোটিত উপনীত হৈছে। কাৰেণ্ট আৰু ছেভিংছ একাউণ্ট মিলাই CASA অনুপাত ২৯.৩%। বেংকৰ কেপিটেল এডিকুৱেচি ৰেচিঅ’ (CAR) ১৮%, যি নিয়ম অনুসাৰে নিৰ্ধাৰিত সীমাতকৈ যথেষ্ট বেছি যিয়ে বেংকৰ আৰ্থিক স্থিতি শক্তিশালী হোৱা সূচায়।

ডিজিটেল ডেস্ক, ৯ জুন

The post ২০২৫-২৬ বিত্তীয় বৰ্ষত মুঠ ব্যৱসায় ১১% বৃদ্ধি বন্ধন বেংকৰ first appeared on নিয়মীয়া বাৰ্তা.

এয়াৰটেলৰ প্ৰায়ৰিটি প’ষ্টপেইড আৰম্ভ
ভাৰতী এয়াৰটেলে প্ৰায়ৰিটি প’ষ্টপেইড মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে এক নতুন সেৱা যিয়ে প’ষ্টপেইড গ্ৰাহকসকলক উন্নত আৰু অধিক স্থিৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ 5জি শ্লাইচিং প্ৰযুক্তি ব্যৱহাৰ কৰে। এই সেৱাটো ব্যস্ত গ্ৰাহকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে যিসকলে কাম, মনোৰঞ্জন বা অনলাইন সহযোগিতাৰ বাবে নিৰৱচ্ছিন্ন সংযোগৰ ওপৰত নিৰ্ভৰ কৰে।

এই সেৱাৰ বাবে, এয়াৰটেলে ইয়াৰ 5জি নেটৱৰ্ক স্লাইচিং প্ৰযুক্তিৰ উন্নত ক্ষমতাৰ সৈতে আপগ্ৰেড কৰিছে। ই নেটৱৰ্কটো অধিক দক্ষ কৰি তোলে; অধিক ক্ষমতা সৃষ্টি কৰে; আৰু প্ৰায়ৰিটি গ্ৰাহকসকলৰ বাবে উৎকৃষ্ট অভিজ্ঞতা প্ৰদান কৰাৰ বাবে লক্ষ্যযুক্ত প্ৰকাৰে এই ক্ষমতা ব্যৱহাৰ কৰাৰ সামৰ্থ্য প্ৰদান কৰে। বুদ্ধিমত্তাৰে আৰু গতিশীলভাৱে নেটৱৰ্ক ক্ষমতা বিভাজন কৰি, এয়াৰটেলে প’ষ্টপেইড গ্ৰাহকসকলৰ বাবে স্থিৰ আৰু নিৰ্ভৰযোগ্য অভিজ্ঞতা প্ৰদান কৰিছে, আনকি ভিৰ অধিক থাকিলেও।

যোৱা বছৰটোত, আমেৰিকা যুক্তৰাজ্য, ছিংগাপুৰ, ইউনাইটেড কিংডম আৰু মালয়েছিয়াৰ দৰে বহুতো দেশত শ্লাইচিং আধাৰিত 5জি সেৱা আৰম্ভ কৰা হৈছে। এয়াৰটেলৰ ভাৰতত এইটো হৈছে প্ৰথম আৰম্ভণি, যি এক স্মাৰ্ট, অধিক স্থিতিস্থাপক, আৰু ভৱিষ্যত-সাজু ডিজিটেল নেটৱৰ্ক নিৰ্মাণত এয়াৰটেলৰ নিৰন্তৰ বিনিয়োগ প্ৰতিফলিত কৰে আৰু উন্নত প্ৰযুক্তিৰ সৈতে গ্ৰাহক-কেন্দ্ৰিক উদ্ভাৱন একত্ৰিত কৰাৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰে।

এয়াৰটেল প্ৰায়ৰিটি সেৱা গ্ৰাহকসকলৰ বাবে আমাৰ সকলো প’ষ্টপেইড প্লেনত উপলব্ধ। বিদ্যমান গ্ৰাহকসকলে স্বয়ংক্ৰিয়ভাৱে সুবিধাটো উপভোগ কৰা আৰম্ভ কৰিব। প্ৰিপেইড গ্ৰাহক বা এয়াৰটেল প্ৰায়ৰিটি প’ষ্টপেইডলৈ সলনি কৰিব বিচৰা গ্ৰাহকসকলে এয়াৰটেল এপ্পৰ জৰিয়তে বা যিকোনো এয়াৰটেল ষ্ট’ৰলৈ গৈ সহজে এনে কৰিব পাৰে।

ডিজিটেল ডেস্ক, ২০ মে’

The post এয়াৰটেলৰ প্ৰায়ৰিটি প’ষ্টপেইড আৰম্ভ first appeared on নিয়মীয়া বাৰ্তা.

শিলচৰত আৰক্ষীৰ অভিযানত পিষ্টল-গ্ৰেনেড উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মে’ : শিলচৰ চহৰতলী ৰামনগৰ অঞ্চলত আৰক্ষীৰ বিশেষ তালাচী অভিযানত উদ্ধাৰ হৈছে আগ্নেয়াস্ত্ৰ আৰু বিস্ফোৰক। বুধবাৰে ৰামনগৰৰ এফ চি আই ৰোডৰ কাষতে থকা এটা ঘৰত অভিযান চলায়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, লক্ষ্মীপুৰ থানাত দাখিল কৰা এক গোচৰৰ তদন্তৰ ভিত্তিত এই অভিযান চলাইছিল। ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৮ (৪) আৰু অস্ত্ৰ আইনৰ ধাৰা ২৫(১) (ক)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযানৰ সময়ত আৰক্ষীয়ে আক্ৰাম আলীৰ ঘৰৰ পৰা ইটালীত নিৰ্মিত ৯ মিমি পিষ্টল, ৫ ৰাউণ্ড গুলী আৰু চীনত নিৰ্মিত হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে। লগতে জব্দ কৰিছে কিছু গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু এটা মোবাইল ফোন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন লোকক।

বৃহস্পতিবাৰে শিলচৰত‌ এখন সংবাদমেলত কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে  কয়- ধৃত লোককেইজন হৈছে লাইশ্ৰম টিকেন মেইটেই নামৰ যুৱক আৰু মনলিছা চানু নামৰ এগৰাকী মহিলা। প্ৰাৰম্ভিক তদন্তৰ পৰা অনুমান কৰা হৈছে যে উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ সৈতে তেওঁলোকৰ প্ৰত্যক্ষ সম্পৰ্ক থাকিব পাৰে।  উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰকসমূহৰ উৎস, সম্ভাব্য সৰবৰাহৰ চক্ৰ আৰু ইয়াৰ লগত জড়িত অন্যান্য লোকৰ উৎস চিনাক্তকৰণৰ বাবে তদন্ত তীব্ৰতৰ কৰা হৈছে। বন্দীসকলক জেৰা কৰি আইনী প্ৰক্ৰিয়া অব্যাহত আছে বুলিও তেওঁ কয়।

The post শিলচৰত আৰক্ষীৰ অভিযানত পিষ্টল-গ্ৰেনেড উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ first appeared on নিয়মীয়া বাৰ্তা.

শিশুৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ LIC-ৰ বিশেষ Child Plan
শিশুৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উদ্দেশ্যে LIC-এ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহৰ জৰিয়তে পিতৃ-মাতৃ নাথাকিলেও শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত থাকিব পাৰে। এই আঁচনিবোৰৰ সহায়ত শিশুসকলে উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যতে বিবাহ আদি ডাঙৰ ব্যয়ো সহজে চম্ভালিব পাৰে। বিশেষকৈ তিনিখন আঁচনি— Jeevan Lakshya, Jeevan Tarun আৰু New Children’s Money Back Plan— বৰ্তমানে যথেষ্ট জনপ্ৰিয় হৈ উঠিছে।

জীৱন লক্ষ্য আঁচনি

এইটো একে সময়তে Protection আৰু Saving দুয়ো সুবিধা থকা আঁচনি। যদি পলিচিধাৰীৰ আকস্মিক মৃত্যু ঘটে, তেন্তে পৰিয়ালক প্ৰতি বছৰে নিশ্চিত টকাৰ এক অংশ প্ৰদান কৰা হয়। তাৰ লগতে পলিচিৰ ম্যাদ সম্পূৰ্ণ হ’লে Maturity Amount আৰু Bonus-ও লাভ কৰা যায়। এই আঁচনি বিশেষকৈ সেই পিতৃ-মাতৃৰ বাবে উপকাৰী, যিসকলে নিজৰ শিশুৰ শিক্ষা আৰু বিবাহৰ দৰে ডাঙৰ ব্যয় আগতেই সুৰক্ষিত কৰিব বিচাৰে।

জীৱন তৰুণ আঁচনি

এই আঁচনি বিশেষকৈ শিশুসকলৰ বাবে প্ৰস্তুত কৰা এক সঞ্চয় আঁচনি। যেতিয়া শিশু ২০ বছৰ বয়সত উপনীত হয়, তেতিয়া এই আঁচনিৰ অধীনত টকাৰ প্ৰদান আৰম্ভ হয় আৰু ২৫ বছৰ বয়সলৈ বিভিন্ন ধৰণে আৰ্থিক সহায় প্ৰদান কৰি যায়। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উচ্চ শিক্ষা আৰু কৰিয়াৰৰ আৰম্ভণিৰ বাবে এক শক্তিশালী তহবিল তৈয়াৰ কৰা।

নিউ চিল্ড্ৰেন্স মানী বেক আঁচনি

এই আঁচনিৰ জৰিয়তে নিৰ্দিষ্ট সময়ত টকা লাভ কৰিব পাৰি। এই আঁচনি অনুসাৰে শিশুৰ বয়স ১৮, ২০ আৰু ২২ বছৰ হ’লে নিশ্চিত টকাৰ কিছু অংশ প্ৰদান কৰা হয়। তাৰ পাছত ২৫ বছৰ বয়সত বাকী টকা আৰু Bonus একেলগে লাভ কৰা যায়। এই আঁচনিৰ এক বিশেষ সুবিধা হৈছে— যদি পলিচিধাৰীৰ মৃত্যু ঘটে, তেন্তে প্ৰিমিয়াম মাফ কৰা হয়, কিন্তু শিশুৱে সকলো সুবিধা লাভ কৰি থাকে।

সামগ্ৰিকভাৱে এই তিনিখন আঁচনি শিশুসকলৰ শিক্ষা, কেৰিয়াৰ আৰু ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক বুলি বিবেচিত হৈছে।

ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল

The post শিশুৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ LIC-ৰ বিশেষ Child Plan first appeared on নিয়মীয়া বাৰ্তা.

অনলাইনত মুহূর্ততে লেনদেন নহ’ব, লাগিব অতিৰিক্ত এঘণ্টা সময়
বিমুদ্রাকৰণৰ পিছৰে পৰাই দেশখনলৈ ডিজিটেল লেনদেনত বিপ্লৱৰ সৃষ্টি হয় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘ডিজিটেল ভাৰত’ৰ হাত ধৰি৷ ক’ভিড অতিমাৰীৰ সময়ৰে পৰা ই আৰু অধিক বৃহৎ আকাৰ ধাৰণ কৰে৷

কিন্তু ইউপিআই লেনদেনৰ ক্ষেত্রত এইবাৰ বৃহৎ পৰিৱর্তন সাধন কৰিবলৈ বিচাৰিছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই৷ আচলতে ‘ডিজিটেল প্রতাৰণা’ ৰোধ কৰিবলৈকে কেন্দ্রীয় বেংকটোৱে এনেধৰণৰ চিন্তা–চর্চা কৰিছে৷

এই বিষয়ে আৰবিআয়ে এখন গৱেষণা পত্রত প্রকাশ কৰিছে৷ ইয়াত দেখুওৱা হৈছে যে ২০২১ চনত ৫৫১ কোটি টকাৰ অনলাইন জালিয়াতি সংঘটিত হোৱাৰ কথা জানিব পৰাৰ বিপৰীতে ২০২৫ বর্ষত ই বৃদ্ধি পাই হয়গৈ ২২,৯৩১ কোটি টকা৷

এনে পৰিস্থিতিত অনলাইন জালিয়াতি ৰোধ কৰিবলৈ চিন্তা–চর্চা কৰা হৈছে ‘ৱান আৱাৰ ৱেট’ক লৈ৷ সেয়া যদি কার্যকৰী হয় তেনেহ’লে অনলাইনত একাউণ্ট টু একাউণ্ট ১০,০০০ টকাৰ বেছি আর্থিক লেনদেনৰ ক্ষেত্রত এঘণ্টা অপেক্ষা কৰিব লাগিব৷

যিয়ে টকা পঠিয়াব তেওঁৰ একাউণ্টৰ পৰা টকা ডেবিট হৈ গ’লেও এঘণ্টাপর্যন্ত সেই ধন বেংকে হ’ল্ড কৰি ৰাখিব৷ এই সময়ছোৱাৰ ভিতৰত গ্রাহকৰ একাউণ্টত টকা নহ’ব৷ যদি টকা পঠিওৱাৰ পিছত ব্যক্তিগৰাকীৰ ধাৰণা হয় যে তেওঁ কোনো প্রতাৰকৰ জালত ভৰি দিছে তেনেহ’লে লেনদেনটো বাতিল কৰাৰ সুযোগ পাব৷

কিন্তু এই নতুন পদ্ধতি কেৱল ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ ক্ষেত্রতহে কার্যকৰী হ’ব৷ আপাততঃ কোনো দোকানলৈ কিউআৰ কোড স্কেন কৰি সামগ্রী ক্রয় কৰাৰ ক্ষেত্রত এই ব্যৱস্থা প্রযোজ্য নহ’ব৷ আৰবিআয়ে এই এঘণ্টাত ‘গ’ল্ডেন আৱাৰ’ বুলি আখ্যা দিছে৷

বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে দেখাত সৰু ব্যৱস্থা যেন লাগিলেও এই পদ্ধতিয়ে সুদূৰ প্রসাৰী প্রভাৱ পেলাব পাৰে জালিয়াতি ৰোধ কৰাৰ ক্ষেত্রত৷ সাধাৰণতে জালিয়াতি কৰোঁতাসকলে খৰধৰকৈ টকা হাত কৰাৰ চেষ্টা কৰে, যাতে প্রেৰকে চিন্তা–চর্চা কৰাৰ সুযোগ নাপায়৷

কিন্তু এইক্ষেত্রত যিহেতু বেছি সময় হাতত থাকিব তেনে ক্ষেত্রত ভুলতেও খৰধৰকৈ তাক শুধৰাব পৰা যাব৷ আনকি যদি বেংকৰ ধাৰণা হয় যে কোনো লেনদেন সন্দেহজনক বা অস্বাভাৱিক তেনেহ’লে তেওঁলোকেও খৰতকীয়া পদক্ষেপ গ্রহণ কৰিব পাৰে৷ এই এঘণ্টাৰ সময়ছোৱাই এইক্ষেত্রত বৃহৎ ভূমিকা পালন কৰিব পাৰে৷

ডিজিটেল ডেস্ক, ১১ এপ্রিল

The post অনলাইনত মুহূর্ততে লেনদেন নহ’ব, লাগিব অতিৰিক্ত এঘণ্টা সময় first appeared on নিয়মীয়া বাৰ্তা.

পাকিস্তানত আকাশ চুইছে পেট্ৰল-ডিজেলৰ মূল্যই
ভাৰতৰ মুখ্য মহানগৰসমূহত শনিবাৰে, ৪ এপ্ৰিল ২০২৬ তাৰিখে পেট্ৰল-ডিজেলৰ মূল্যত পুনৰ কোনো পৰিবৰ্তন দেখা নগ’ল। পেট্ৰল প্ৰতি লিটাৰত ৯৪ টকাৰ পৰা ১০৫ টকালৈ আৰু ডিজেল প্ৰতি লিটাৰত ৮২ টকাৰ পৰা ৯২ টকাৰ ভিতৰত বিক্ৰী হৈ আছে।

দেশৰ ৰাজধানী দিল্লীত আজি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৯৪.৭৭ টকা। আনহাতে, ইয়াত ডিজেলৰ মূল্য আজি প্ৰতি লিটাৰত ৮৭.৬৭ টকা। এফালে মধ্যপ্ৰাচ্যত উত্তেজনাৰ মাজত ক্ৰুড অইলৰ যোগান লৈ চিন্তা বৃদ্ধি পাইছে আৰু বহু দেশত পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। আনফালে, ভাৰতত চৰকাৰৰ প্ৰচেষ্টাই বৰ্তমানলৈকে মূল্য বৃদ্ধিৰ প্ৰভাৱৰ পৰা জনসাধাৰণক ৰক্ষা কৰি ৰাখিছে।

ভাৰতত প্ৰতিটো ৰাজ্যত ইন্ধনত VAT (Value Added Tax) বিভিন্ন হাৰত আৰোপ কৰা হয়, সেইবাবে চহৰসমূহৰ মাজত মূল্যৰ পাৰ্থক্য দেখা যায়। আপুনি ইচ্ছা কৰিলে IOCL বা HPCL-ৰ ৱেবছাইটত গৈ আপোনাৰ চহৰৰ মূল্য চাব পাৰে।

পাকিস্তানত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ৪৫৮.৪১ পাকিস্তানী টকাৰ ৰেকৰ্ড উচ্চ স্তৰত উপনীত হৈছিল। যোৱা ৩ এপ্ৰিলত চৰকাৰে ১৩৭ টকাৰ বৃদ্ধি কৰিছিল। অৱশ্যে, জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদৰ পাছত প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে শুকুৰবাৰে নিশা পেট্ৰলৰ মূল্যত ৮০ টকা হ্ৰাস কৰাৰ ঘোষণা কৰে। ইয়াৰ পিছত আজি পেট্ৰলৰ মূল্য ৩৭৮.৪১ পাকিস্তানী টকা প্ৰতি লিটাৰ হৈছে। একেদৰে ডিজেলৰ মূল্য ৫২০.৩৫ টকা আছে আৰু ইয়াত কোনো হ্ৰাস কৰা হোৱা নাই। এইটো এতিয়ালৈকে সৰ্বোচ্চ স্তৰত আছে।

ডিজিটেল ডেস্ক, ৪ এপ্ৰিল

The post পাকিস্তানত আকাশ চুইছে পেট্ৰল-ডিজেলৰ মূল্যই first appeared on নিয়মীয়া বাৰ্তা.

বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম অপাৰেটৰ এয়াৰটেলৰ মাইলষ্ট’ন অৰ্জন
ভাৰতী এয়াৰটেলে ৬৫০ নিযুত গ্ৰাহক অতিক্ৰম কৰি বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম অপাৰেটৰ হিচাপে এক গুৰুত্বপূৰ্ণ মাইলষ্ট’ন অৰ্জন কৰিছে। জিএছএমএ ইণ্টেলিজেন্স অনুসাৰে, ভাৰত আৰু আফ্ৰিকাত শক্তিশালী উপস্থিতিৰ বাবে কোম্পানীটো বিশ্বব্যাপী দ্বিতীয় স্থানত আছে।

এই উপলক্ষে, কাৰ্যবাহী উপাধ্যক্ষ গোপাল ভিট্টালে কয় যে এই সফলতাই ডাঙৰ দায়িত্ব আনিছে, আৰু কোম্পানীটোৱে সুৰক্ষিত আৰু উন্নত নেটৱৰ্ক গঢ়িবলৈ আধুনিক প্ৰযুক্তিত অব্যাহত বিনিয়োগ কৰি আছে।

ভাৰত ৩৬৮ নিযুতৰো অধিক মবাইল গ্ৰাহকক সেৱা প্ৰদান কৰি, এয়াৰটেলে 5G প্লাছ সেৱা আৰম্ভ কৰা প্ৰথম আছিল, যি এতিয়া এক্সষ্ট্ৰীম এয়াৰফাইবাৰ (এফডব্লিউএ) আৰু এক সংহত আইপিটিভি সেৱাকে ধৰি এক অভিহত পৰিৱেশতন্ত্ৰ স্থাপন কৰে।

এয়াৰটেলে এতিয়া ১৩ নিযুতৰো অধিক ঘৰক উচ্চ-গতিৰ ইণ্টাৰনেট সেৱা প্ৰদান কৰে আৰু আমাৰ ডিজিটেল টিভি অফাৰৰ জৰিয়তে ১৫ নিযুতৰো অধিক ঘৰক সেৱা প্ৰদান কৰে। এই “গ্ৰাহক-আচ্ছন্ন” উদ্ভাৱনটো বিশ্বৰ প্ৰথম নেটৱৰ্ক-আধাৰিত এআই স্পাম সুৰক্ষা সমাধানৰ দ্বাৰা সমৰ্থিত।

আফ্ৰিকাত ১৪ খন দেশত ১৭৯ নিযুত গ্ৰাহকৰ সৈতে এয়াৰটেল  আফ্ৰিকাএ ভইচ, ডাটা আৰু মোবাইল ফাইনেন্সিয়েল সেৱা আগবঢ়ায়। ইয়াৰ এয়াৰটেল মানি প্লেটফৰ্মে লাখ লাখ মানুহক ডিজিটেল বেংকিং সুবিধা প্ৰদান কৰিছে।

ইয়াৰ উপৰি ইউটেলছেট ৱানৱেব আৰু স্পেচএক্সৰৰ সৈতে অংশীদাৰিত্বেৰে দূৰৱৰ্তী অঞ্চলসমূহত উপগ্ৰহ-ভিত্তিক উচ্চ-গতিৰ ব্ৰডবেণ্ড প্ৰদান কৰি ডিজিটেল বিভাজন হ্ৰাস কৰা হৈছে।

ডিজিটেল ডেস্ক, ৩ এপ্ৰিল

The post বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ টেলিকম অপাৰেটৰ এয়াৰটেলৰ মাইলষ্ট’ন অৰ্জন first appeared on নিয়মীয়া বাৰ্তা.

মার্কিন ডলাৰৰ নোটত এইবাৰ ট্রাম্পৰ স্বাক্ষৰ
এইবাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ স্বাক্ষৰ থাকিব আমেৰিকান ডলাৰৰ নোটত৷ যোৱা ১৬৫ বছৰ ধৰি মার্কিন ডলাৰত কেৱল বিত্ত দপ্তৰৰ বিষয়াৰ (ট্রেজাৰাৰ) স্বাক্ষৰ থাকে৷

এইবাৰ এই স্বাক্ষৰৰ সৈতে যুক্ত হৈছে ট্রাম্পৰো স্বাক্ষৰ৷ আমেৰিকাৰ বিত্ত বিভাগৰ পৰা জনোৱা হৈছে যে দেশৰ ২৫০সংখ্যক স্বাধীনতা দিৱস উপলক্ষে এই উদ্যোগ লোৱা হৈছে৷ অহা জুন মাহত ট্রাম্পৰ স্বাক্ষৰ সম্বলিত ১০০ ডলাৰৰ নোট ছপা কৰা হ’ব৷

তাৰ পিছত পর্যায়ক্রমে অন্যান্য নোটতো যুক্ত কৰা হ’ব মার্কিন ৰাষ্ট্রপতিৰ স্বাক্ষৰ৷ প্রাথমিকভাৱে জানিব পৰা মতে ট্রাম্পৰ স্বাক্ষৰৰ সৈতে নোটত বিত্ত বিভাগৰ সচিব স্কট বেছেণ্টৰো স্বাক্ষৰ থাকিব৷

বেছেণ্টে জনোৱা মতে আমেৰিকাৰ অর্থনৈতিক উন্নতিৰ স্মাৰক হিচাপে ট্রাম্পৰ স্বাক্ষৰ সম্বলিত নোট ছপা কৰাৰ দিহা কৰা হৈছে৷ এই প্রসংগত তেওঁ কয় ‘আমাৰ দেশ আৰু ৰাষ্ট্রপতি ট্রাম্পে যি ঐতিহাসিক সাফল্য লাভ কৰিছে তাৰ স্বীকৃতি স্বৰূপে এই সিদ্ধান্ত লোৱা হৈছে৷

ডিজিটেল ডেস্ক, ২৮ মার্চ

The post মার্কিন ডলাৰৰ নোটত এইবাৰ ট্রাম্পৰ স্বাক্ষৰ first appeared on নিয়মীয়া বাৰ্তা.

সর্বকালীন নজিৰ সৃষ্টি : ১ ডলাৰৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা
ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে চলোৱা আক্রমণৰ ফলত সম্প্রতি অস্থিৰ সমগ্র পশ্চিম এছিয়া৷ এই অস্থিৰতাৰ প্রভাৱ পৰিছে ভাৰতীয় অর্থনীতিতো৷ সর্বকালৰ অভিলেখ ভংগ কৰি পেলালে মার্কিন ডলাৰৰ নিৰিখত ভাৰতীয় মুদ্রাৰ মূল্যই৷ শুকুৰবাৰে এক মার্কিন ডলাৰৰ নিৰিখত ভাৰতীয় মূদ্রাৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা৷

এই অৱনতিৰ প্রভাৱত বজাৰত ক্ষতি হ’ল ৭ লাখ কোটি টকা৷ শুকুৰবাৰে পুৱা ১০.২০ বজাত জনা যায় যে বজাৰৰ মূলধন ৰাতাৰাতি একেকোবে ইমানখিনি হ্রাস পাইছে৷ উল্লেখ্য যে যোৱা ৪ মার্চত মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱত প্রথমবাৰলৈ মার্কিন ডলাৰৰ নিৰিখত টকাৰ মূল্য ৭০ পইচাৰ ব্যৱধান ঘতি ৯২ টকাৰ মাত্রা পাৰ হৈ যায়৷

মার্কিন ডলাৰৰ দাম হয়গৈ ৯২.১৭ টকা৷ তাৰ পিছত এইবাৰ টকাৰ মূল্যই সর্বকালৰ ৰেকর্ড স্পর্শ কৰে৷ যুদ্ধ যদি অব্যাহত থাকে আৰু অপৰিশোধিত তেলৰ দাম বৃদ্ধি পাই থাকে তেন্তে টকাৰ মূল্যৰ আৰু অধিক পতন ঘটিব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷

আনহাতে বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম প্রতি বেৰেলত ১১০ ডলাৰ হোৱাৰ ফলত শ্বেয়াৰ বজাৰত বৃহৎ পতন পৰিলক্ষিত হৈছে৷ শুকুৰবাৰে পুৱা ১১৫০ পইণ্ট পতন হ’ল ছেনছেক্সৰ৷ একেদৰে নিফটিও হ্রাস পালে ৫০ পইণ্ট৷ বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৬ এপ্রিল পর্যন্ত ইৰানৰ ইন্ধন কেন্দ্রসমূহত আক্রমণ স্থগিত ৰাখিলেও ইৰান যুদ্ধক লৈ অনিশ্চয়তা এতিয়াও দূৰ হোৱা নাই৷

তাৰেই প্রভাৱ পৰিছে দালাল ষ্ট্রীটত৷ শুকুৰবাৰে পুৱা ১১ বজাৰ খবৰ মতে ছেনছেক্সত ১১৫০ পইণ্ট পতন ঘটি পায়গৈ ৭৪,১০০ পইণ্ট৷ আনহাতে ৫০ পইণ্টৰ পতনেৰে নিফটি আহি পায় ৩৫০ পইণ্টলৈ৷ ধাৰণা কৰা হৈছে যে যুদ্ধৰ গতি–গোত্রক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ ফলতে বিনিয়োগ হ্রাস পাইছে৷ তাৰ প্রভাৱতেই শ্বেয়াৰ বজাৰত পতনৰ প্রৱণতা গঢ়ি উঠিছে৷

ডিজিটেল ডেস্ক, ২৭ মার্চ

The post সর্বকালীন নজিৰ সৃষ্টি : ১ ডলাৰৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা first appeared on নিয়মীয়া বাৰ্তা.