বন্ধন বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ফলাফল ঘোষণা কৰিছে। এই সময়ছোৱাত বেংকৰ মুঠ ব্যৱসায় ১১%তকৈ অধিক বৃদ্ধি পাই ৩.২ লাখ কোটিতকৈ অধিক হৈছে। বৰ্তমান বেংকৰ মুঠ আমানতৰ ভিতৰত প্ৰায় ৭৪% হৈছে ৰিটেইল আমানত।
এই বৃদ্ধিৰ মুখ্য কাৰণ হৈছে বেংকৰ বিস্তৃত শাখা আৰু আউটলেট নেটৱৰ্ক, কামৰ দক্ষতা বৃদ্ধি আৰু গ্ৰাহকক অধিক ভাল সেৱা প্ৰদান কৰাৰ অবিৰত চেষ্টা। ২০২৫-২৬ বিত্তীয় বৰ্ষত বেংকৰ মুঠ লাভ হৈছে ১,২২৪ কোটি।
বৰ্তমান বন্ধন বেংকে ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ভিতৰত ৩৫খনত অৱস্থিত ৬৩৫০তকৈ অধিক শাখা আৰু আউটলেটৰ জৰিয়তে প্ৰায় ৩.২ কোটি গ্ৰাহকক সেৱা আগবঢ়াই আছে। বেংকটোত ৭৫০০০তকৈ অধিক কৰ্মচাৰী কৰ্মৰত।
২০২৬ বিত্তীয় বৰ্ষৰ সময়ছোৱাত বেংকৰ মুঠ আমানত বছৰি ১০% বৃদ্ধি হৈ ১.৬৬ লাখ কোটিত উপনীত হৈছে। একে সময়তে মুঠ ঋণ বৃদ্ধি পাই ১.৫৪ লাখ কোটিত উপনীত হৈছে। কাৰেণ্ট আৰু ছেভিংছ একাউণ্ট মিলাই CASA অনুপাত ২৯.৩%। বেংকৰ কেপিটেল এডিকুৱেচি ৰেচিঅ’ (CAR) ১৮%, যি নিয়ম অনুসাৰে নিৰ্ধাৰিত সীমাতকৈ যথেষ্ট বেছি যিয়ে বেংকৰ আৰ্থিক স্থিতি শক্তিশালী হোৱা সূচায়।
ডিজিটেল ডেস্ক, ৯ জুন