নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বকালীন নজিৰ সৃষ্টি : ১ ডলাৰৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা

ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে চলোৱা আক্রমণৰ ফলত সম্প্রতি অস্থিৰ সমগ্র পশ্চিম এছিয়া৷ এই অস্থিৰতাৰ প্রভাৱ পৰিছে ভাৰতীয় অর্থনীতিতো৷ সর্বকালৰ অভিলেখ ভংগ কৰি পেলালে মার্কিন ডলাৰৰ নিৰিখত ভাৰতীয় মুদ্রাৰ মূল্যই৷ শুকুৰবাৰে এক মার্কিন ডলাৰৰ নিৰিখত ভাৰতীয় মূদ্রাৰ মূল্য হৈছেগৈ ৯৪.৬৬ টকা৷

এই অৱনতিৰ প্রভাৱত বজাৰত ক্ষতি হ’ল ৭ লাখ কোটি টকা৷ শুকুৰবাৰে পুৱা ১০.২০ বজাত জনা যায় যে বজাৰৰ মূলধন ৰাতাৰাতি একেকোবে ইমানখিনি হ্রাস পাইছে৷ উল্লেখ্য যে যোৱা ৪ মার্চত মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱত প্রথমবাৰলৈ মার্কিন ডলাৰৰ নিৰিখত টকাৰ মূল্য ৭০ পইচাৰ ব্যৱধান ঘতি ৯২ টকাৰ মাত্রা পাৰ হৈ যায়৷

মার্কিন ডলাৰৰ দাম হয়গৈ ৯২.১৭ টকা৷ তাৰ পিছত এইবাৰ টকাৰ মূল্যই সর্বকালৰ ৰেকর্ড স্পর্শ কৰে৷ যুদ্ধ যদি অব্যাহত থাকে আৰু অপৰিশোধিত তেলৰ দাম বৃদ্ধি পাই থাকে তেন্তে টকাৰ মূল্যৰ আৰু অধিক পতন ঘটিব পাৰে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷

আনহাতে বিশ্বৰ বজাৰত অপৰিশোধিত তেলৰ দাম প্রতি বেৰেলত ১১০ ডলাৰ হোৱাৰ ফলত শ্বেয়াৰ বজাৰত বৃহৎ পতন পৰিলক্ষিত হৈছে৷ শুকুৰবাৰে পুৱা ১১৫০ পইণ্ট পতন হ’ল ছেনছেক্সৰ৷ একেদৰে নিফটিও হ্রাস পালে ৫০ পইণ্ট৷ বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৬ এপ্রিল পর্যন্ত ইৰানৰ ইন্ধন কেন্দ্রসমূহত আক্রমণ স্থগিত ৰাখিলেও ইৰান যুদ্ধক লৈ অনিশ্চয়তা এতিয়াও দূৰ হোৱা নাই৷

তাৰেই প্রভাৱ পৰিছে দালাল ষ্ট্রীটত৷ শুকুৰবাৰে পুৱা ১১ বজাৰ খবৰ মতে ছেনছেক্সত ১১৫০ পইণ্ট পতন ঘটি পায়গৈ ৭৪,১০০ পইণ্ট৷ আনহাতে ৫০ পইণ্টৰ পতনেৰে নিফটি আহি পায় ৩৫০ পইণ্টলৈ৷ ধাৰণা কৰা হৈছে যে যুদ্ধৰ গতি–গোত্রক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ ফলতে বিনিয়োগ হ্রাস পাইছে৷ তাৰ প্রভাৱতেই শ্বেয়াৰ বজাৰত পতনৰ প্রৱণতা গঢ়ি উঠিছে৷

ডিজিটেল ডেস্ক, ২৭ মার্চ

You might also like