বিমুদ্রাকৰণৰ পিছৰে পৰাই দেশখনলৈ ডিজিটেল লেনদেনত বিপ্লৱৰ সৃষ্টি হয় প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘ডিজিটেল ভাৰত’ৰ হাত ধৰি৷ ক’ভিড অতিমাৰীৰ সময়ৰে পৰা ই আৰু অধিক বৃহৎ আকাৰ ধাৰণ কৰে৷
কিন্তু ইউপিআই লেনদেনৰ ক্ষেত্রত এইবাৰ বৃহৎ পৰিৱর্তন সাধন কৰিবলৈ বিচাৰিছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই৷ আচলতে ‘ডিজিটেল প্রতাৰণা’ ৰোধ কৰিবলৈকে কেন্দ্রীয় বেংকটোৱে এনেধৰণৰ চিন্তা–চর্চা কৰিছে৷
এই বিষয়ে আৰবিআয়ে এখন গৱেষণা পত্রত প্রকাশ কৰিছে৷ ইয়াত দেখুওৱা হৈছে যে ২০২১ চনত ৫৫১ কোটি টকাৰ অনলাইন জালিয়াতি সংঘটিত হোৱাৰ কথা জানিব পৰাৰ বিপৰীতে ২০২৫ বর্ষত ই বৃদ্ধি পাই হয়গৈ ২২,৯৩১ কোটি টকা৷
এনে পৰিস্থিতিত অনলাইন জালিয়াতি ৰোধ কৰিবলৈ চিন্তা–চর্চা কৰা হৈছে ‘ৱান আৱাৰ ৱেট’ক লৈ৷ সেয়া যদি কার্যকৰী হয় তেনেহ’লে অনলাইনত একাউণ্ট টু একাউণ্ট ১০,০০০ টকাৰ বেছি আর্থিক লেনদেনৰ ক্ষেত্রত এঘণ্টা অপেক্ষা কৰিব লাগিব৷
যিয়ে টকা পঠিয়াব তেওঁৰ একাউণ্টৰ পৰা টকা ডেবিট হৈ গ’লেও এঘণ্টাপর্যন্ত সেই ধন বেংকে হ’ল্ড কৰি ৰাখিব৷ এই সময়ছোৱাৰ ভিতৰত গ্রাহকৰ একাউণ্টত টকা নহ’ব৷ যদি টকা পঠিওৱাৰ পিছত ব্যক্তিগৰাকীৰ ধাৰণা হয় যে তেওঁ কোনো প্রতাৰকৰ জালত ভৰি দিছে তেনেহ’লে লেনদেনটো বাতিল কৰাৰ সুযোগ পাব৷
কিন্তু এই নতুন পদ্ধতি কেৱল ব্যক্তিৰ পৰা ব্যক্তিলৈ লেনদেনৰ ক্ষেত্রতহে কার্যকৰী হ’ব৷ আপাততঃ কোনো দোকানলৈ কিউআৰ কোড স্কেন কৰি সামগ্রী ক্রয় কৰাৰ ক্ষেত্রত এই ব্যৱস্থা প্রযোজ্য নহ’ব৷ আৰবিআয়ে এই এঘণ্টাত ‘গ’ল্ডেন আৱাৰ’ বুলি আখ্যা দিছে৷
বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে দেখাত সৰু ব্যৱস্থা যেন লাগিলেও এই পদ্ধতিয়ে সুদূৰ প্রসাৰী প্রভাৱ পেলাব পাৰে জালিয়াতি ৰোধ কৰাৰ ক্ষেত্রত৷ সাধাৰণতে জালিয়াতি কৰোঁতাসকলে খৰধৰকৈ টকা হাত কৰাৰ চেষ্টা কৰে, যাতে প্রেৰকে চিন্তা–চর্চা কৰাৰ সুযোগ নাপায়৷
কিন্তু এইক্ষেত্রত যিহেতু বেছি সময় হাতত থাকিব তেনে ক্ষেত্রত ভুলতেও খৰধৰকৈ তাক শুধৰাব পৰা যাব৷ আনকি যদি বেংকৰ ধাৰণা হয় যে কোনো লেনদেন সন্দেহজনক বা অস্বাভাৱিক তেনেহ’লে তেওঁলোকেও খৰতকীয়া পদক্ষেপ গ্রহণ কৰিব পাৰে৷ এই এঘণ্টাৰ সময়ছোৱাই এইক্ষেত্রত বৃহৎ ভূমিকা পালন কৰিব পাৰে৷
ডিজিটেল ডেস্ক, ১১ এপ্রিল