বিশেষ - নিয়মীয়া বাৰ্তা

বিশেষ লেখা : জনসাধাৰণৰ বিশ্বাসে গঢ়িছে এক ঐতিহাসিক মাইলৰ খুঁটি
নীতিশ কুমাৰ

ভাৰতৰ দৰে এখন বিশাল আৰু প্ৰতিযোগিতাপূৰ্ণ গণতন্ত্ৰত জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰাটো অতি কঠিন আৰু ইয়াক ধৰি ৰখাটো তাতকৈও অধিক জটিল। তথাপিও, নিৰন্তৰ ৰাজনৈতিক প্ৰত্যাহ্বান আৰু তীব্ৰ জনসাধাৰণৰ পৰ্যবেক্ষণৰ মাজতো নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ আস্থা ধাৰাবাহিকভাৱে লাভ কৰি আহিছে। ভাৰতৰ আটাইতকৈ দীৰ্ঘকাল ধৰি ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈ তেওঁ গণতান্ত্ৰিক ৰাজনীতিত এক নতুন মানদণ্ড স্থাপন কৰিছে।

যদিও আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ, প্ৰধানমন্ত্ৰী মোদী আৰু মই এনে এটা প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰোঁ, যাৰ ৰাজনৈতিক চেতনা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাতে গঢ় লৈ উঠিছিল। আমি গণতান্ত্ৰিক স্বাধীনতাৰ ওপৰত হোৱা আঘাতক অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ আৰু তাক পুনৰুদ্ধাৰ কৰাৰ বাবে গঢ়ি উঠা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ বহুতৰে বাবে সেই সংগ্ৰামখন কেৱল এটা ৰাজনৈতিক ঘটনাই নাছিল, বৰঞ্চ সেয়া আছিল এক গঠনমূলক অভিজ্ঞতা, যিয়ে ৰাজহুৱা জীৱন আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আমাৰ বোধগম্যতাক এক নতুন ৰূপ দিছিল।

কেইবা দশক ধৰি দেশত এটা ধাৰণা প্ৰচলিত আছিল যে দেশৰ সৰ্বোচ্চ পদসমূহ কেৱল একাংশ বিশেষাধিকাৰপ্ৰাপ্ত লোক বা প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰা সকলৰ বাবেহে সংৰক্ষিত। প্ৰধানমন্ত্ৰী মোদীৰ জীৱন যাত্ৰাই এই ধাৰণাক নসাৎকৰিছে। এক অতি সাধাৰণ পৰিৱেশৰ পৰা উঠিআহি দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদবীত অধিষ্ঠিত হোৱা তেওঁৰ এই যাত্ৰা কোটি কোটি যুৱ ভাৰতীয়, বিশেষকৈ সাধাৰণ পটভূমিৰ পৰা অহা সকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ কাহিনীয়ে এই বিশ্বাসক পুনৰ দৃঢ় কৰে যে এখন সজীৱ গণতন্ত্ৰত দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু যোগ্যতাই জন্ম তথা পৰিস্থিতিৰ হেঙাৰ নেওচিব পাৰে। সেই অৰ্থত, এই মাইলৰ খুঁটিটো কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ শক্তি আৰু উদাৰতাৰ এক শক্তিশালী প্ৰমাণ।

ড° ৰাম মনোহৰ লোহিয়া, লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু বহুতো মহান সমাজবাদী নেতাৰ এজন অনুগামী হিচাপেমই সদায় ৰাজনীতিক জনকল্যাণৰ এক মাধ্যম হিচাপে প্ৰত্যক্ষ কৰি আহিছোঁ। মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাত সহায় কৰাটো যিকোনো ৰাজনৈতিক নেতাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ হোৱা উচিত। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এক চিত্তাকৰ্ষক অভিলেখ আছে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ ওপৰত তেওঁৰ তীব্ৰ মনোযোগৰ বাবেই এনডিএ চৰকাৰে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰিছে।

শৌচাগাৰ, বেংক একাউণ্ট, ঘৰ, গেছ সংযোগ, টেপৰ পানী, স্বাস্থ্য বীমাৰ সুবিধা আৰু আন বহুতো মৌলিক প্ৰয়োজনীয়তা কোটি কোটি মানুহৰ ওচৰ পাইছেগৈ। অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী, মহিলা, দৰিদ্ৰ পৰিয়াল আৰু উন্নয়নমূলক আঁচনিসমূহৰ প্ৰথম প্ৰজন্মৰ হিতাধিকাৰীসকলৰ এক বৃহৎ অংশই এতিয়া নিজকে ভাৰতৰ প্ৰগতিৰ কাহিনীৰ সক্ৰিয় অংশীদাৰ হিচাপে দেখিবলৈ লৈছে। বিশেষ আঁচনিসমূহৰ জৰিয়তে যুৱ প্ৰজন্মই লাভ কৰিছে নতুন উদ্যমিতাৰসুযোগ। এই শ্ৰেণীসমূহক ৰাষ্ট্ৰীয় উন্নয়নৰ মূল সুঁতি লৈ অনাই যে সামাজিক ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে কাম কৰিছে, সেই লৈ মোৰ কোনো সন্দেহ নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাৰ কল্যাণ আৰু মৰ্যাদাৰ ওপৰত দিয়া গুৰুত্ব মই নিজেও প্ৰত্যক্ষ কৰিছোঁ। তেওঁৰ বহুতো আঁচনিয়ে পোনপটীয়াকৈ মহিলাসকলক উপকৃত কৰিছে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ কষ্ট লাঘৱ কৰিছে। বিহাৰত মোৰ এই অভিজ্ঞতা হৈছে যে যেতিয়া মহিলাসকলক উন্নয়নমূলক প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ৰখা হয়, তেতিয়া সমাজখন অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ে। সেইবাবেই হয়তো বিহাৰত আমাৰ ‘জীৱিকা’ অভিজ্ঞতা পৰীক্ষাৰ সফলতাৰ কথা এতিয়া বিশ্বজুৰি চৰ্চিত হৈছে।

বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বাবেপ্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ আঁচনিৰ লাভালাভসমূহ নিশ্চিতভাৱে লৈ যোৱাৰ প্ৰত্যাহ্বানসমূহ মই ভালদৰে জানো। কেৱল সৎ উদ্দেশ্য থকাটোৱেই পৰ্যাপ্ত নহয়, ইয়াৰ কাৰ্যকৰী ৰূপায়ণহে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই এইটোও দেখিছোঁ যে কেনেকৈ নীতিগত সিদ্ধান্তসমূহক তৃণমূল পৰ্যায়ত বাস্তৱায়িত কৰিবলৈ নিৰন্তৰ নিৰীক্ষণ, সংস্কাৰ, প্ৰশাসনিক মনোযোগ আৰু প্ৰতিটো সৰু কথাৰ প্ৰতি সজাগতাৰ প্ৰয়োজন হয়।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ এক অন্যতম বৈশিষ্ট্য হৈছেসুশাসনে যাতে নাগৰিকসকলৰ বাবে দৃশ্যমান ফলাফল কঢ়িয়াই আনে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। কল্যাণকামী আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন বা জনসেৱা প্ৰদান, যিয়েই নহওক কিয়, তেওঁ ধাৰাবাহিকভাৱে দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত গুৰুত্ব দি আহিছে। প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ, প্ৰত্যক্ষ লাভালাভ হস্তান্তৰআৰু শক্তিশালী নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে নীতি প্ৰণয়ন আৰু ইয়াৰ ৰূপায়ণৰ মাজত থকা ব্যৱধান বহু পৰিমাণে হ্ৰাস পাইছে। চৰকাৰী সাহায্যসমূহ কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ মানুহৰ ওচৰলৈ অধিক ফলপ্ৰসূভাৱে যোৱাৰ বাবে প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস সুদৃঢ় হৈছে। নাগৰিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ যোগাযোগ আৰু বাৰ্তালাপে এই বিশ্বাসক অধিক শক্তিশালী কৰি তুলিছে, যিয়ে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক যাত্ৰাত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে এক সুদীৰ্ঘ আৰু সফল কাৰ্যকাল অন্তৰ্ভুক্ত হৈ আছে। আচলতে, অতি সোনকালেই তেওঁ এখন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে ধাৰাবাহিকভাৱে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰিব। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অভিজ্ঞতাই তেওঁক ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকক সহযোগিতা কৰাৰ গুৰুত্বৰ বিষয়ে এক গভীৰ জ্ঞান প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সমবায় যুক্তৰাষ্ট্ৰবাদৰ প্ৰতি থকা এক শক্তিশালী প্ৰতিশ্ৰুতিৰ বাবে চিহ্নিত হৈছে।

মোৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতমই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে ৰাজনৈতিক পৰিস্থিতি যিয়েই নহওক কিয়, বিহাৰৰ উন্নয়নৰ বাবে তেওঁ সদায় সহযোগিতাৰ হাত আগবঢ়াইছে। মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰোঁ যে ২০২৪-২৫ আৰু ২০২৫-২৬ চনৰ বাজেটত বিহাৰে অভূতপূৰ্ব সহায় লাভ কৰিছিল, যাৰ ভিতৰত মখনা বোৰ্ড আৰু ভগলপুৰত শক্তি প্ৰকল্প স্থাপন, বান ব্যৱস্থাপনাৰ বাবে পুঁজি আৰু বহুসংখ্যক আন্তঃগাঁথনিমূলক প্ৰকল্প উল্লেখযোগ্য।

বিহাৰৰ অনন্য সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ অপৰিসীম শ্ৰদ্ধা আছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তিসকলক বিহাৰৰ মখনা, মধুবাণী চিত্ৰকলা আৰু অন্যান্য সামগ্ৰী উপহাৰ দি বিশ্বমঞ্চত বিহাৰৰ ঐতিহ্যক প্ৰদৰ্শন কৰিছে। এইগৰাকী প্ৰধানমন্ত্ৰী মোদীয়েই জননায়ক কৰ্পূৰী ঠাকুৰক ‘ভাৰত ৰত্ন’ প্ৰদান কৰাটো নিশ্চিত কৰিছিল, যিটো আছিল কেইবাটাও দশক ধৰি অপূৰ্ণ হৈ থকা এক দীৰ্ঘদিনীয়া দাবী।

বিগত দশকটোত বিহাৰে কেইবাটাও বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দ্বাৰা উপকৃত হৈছে। ২০১৪ চনৰ পূৰ্বৰ দশকটোৰ তুলনাত কেন্দ্ৰ চৰকাৰৰ পৰা লাভ কৰা সাহায্য আৰু বিনিয়োগৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। গংগা নদীৰ ওপৰত গুৰুত্বপূৰ্ণ দলং নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ, বিমানবন্দৰৰ উন্নয়ন আৰু ৰে’লৱে আন্তঃগাঁথনিৰ দ্ৰুত আধুনিকীকৰণে বিহাৰৰ প্ৰগতিত ইন্ধন যোগাইছে। ৰে’লৱে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অহা অভূতপূৰ্ব পৰিৱৰ্তন বিশেষভাৱে প্ৰশংসনীয়, যিটো বিষয় মোৰ অন্তৰৰ সদায় অতি ওচৰৰ হৈ আহিছে। ‘বন্দে ভাৰত’ৰ দৰে নতুন ৰে’লৰ প্ৰৱৰ্তনে যাত্ৰা অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰে’লৱেৰ বৈদ্যুতিকীকৰণ আৰু অন্যান্য আধুনিকীকৰণ প্ৰকল্পসমূহে এক উল্লেখনীয় গতি লাভ কৰিছে, যাৰ ফলত এক পৰিষ্কাৰ আৰু দক্ষ ৰে’ল নেটৱৰ্ক গঢ়ি উঠিছে।

মই সদায় দুৰ্নীতিৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি অনুসৰণ কৰি আহিছোঁ আৰু ইয়াক সমৰ্থন কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী দেশবাসীৰ ইমান প্ৰিয় হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁৰ নিষ্কলুষ ৰেকৰ্ড আৰু দুৰ্নীতিৰ বিৰুদ্ধে থকা দৃঢ় স্থিতি। কেইবাটাও দশক ধৰি ক্ষমতাৰ উচ্চ আসনত থকাৰ পিছতো নিজৰ সততাত দাগ লাগিবলৈ নিদিয়া এনেধৰণৰ নেতা সঁচাকৈয়ে বিৰল। প্ৰাতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে দুৰ্নীতিৰ পথসমূহ বন্ধ কৰাৰ লগতেতেওঁ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ আৰু বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক ইচ্ছাশক্তিও প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ এক উল্লেখযোগ্য দিশ হৈছে বিশ্বমঞ্চত ভাৰতৰ প্ৰভাৱ আৰু মৰ্যাদা বৃদ্ধি পোৱাটো। এজন ভাৰতীয় হিচাপে, অৰ্থনীতি, জলবায়ু পৰিৱৰ্তন, প্ৰযুক্তি, স্বাস্থ্য বা পাৰস্পৰিক সহযোগিতা সম্পৰ্কীয় গোলকীয় বিষয়সমূহত আমাৰ কথাক আদৰণি আৰু সন্মান জনোৱা প্ৰত্যক্ষ কৰি মই গৌৰৱ অনুভৱ কৰোঁ। বিভিন্ন দেশ আৰু গোষ্ঠীসমূহৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে সদায় শান্তি আৰু প্ৰগতিৰ সপক্ষে থিয় দি আহিছে। ইয়াৰ ফলস্বৰূপে, একবিংশ শতিকাত বিশ্বজোৰা অৰ্থনৈতিক বিকাশৰ এক অন্যতম চালিকা শক্তি হিচাপে সমগ্ৰ বিশ্বই এতিয়া আমাৰ দেশৰ ফালে ভৰসাৰে চাই ৰৈছে।

ৰাজহুৱা জীৱনত কেইবা দশক অতিবাহিত কৰাৰ বাবে মই জানো যে নেতৃত্বৰ বাবে নিৰন্তৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ প্ৰয়োজন। ইয়াৰ বাবে অহৰহ ভ্ৰমণ, জনসাধাৰণৰ সৈতে নিয়মীয়া সম্পৰ্ক, চৰকাৰী কাৰ্যাৱলীৰ পুংখানুপুংখ পৰ্যালোচনা আৰু একে সময়তে এক বৃহৎ দূৰদৰ্শিতাৰ সৈতে সংযোগ ৰাখিব পৰা ক্ষমতাৰ প্ৰয়োজন হয়। প্ৰধানমন্ত্ৰী মোদীৰ ক্লান্তিহীন শক্তি আৰু নিষ্ঠাই তেওঁক ইমান সূদীৰ্ঘ সময় ধৰি দেশবাসীৰ আস্থা ধৰি ৰখাত সহায় কৰিছে।

ভাৰতৰ আটাইতকৈ দীৰ্ঘ দিন ধৰি ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ এই ঐতিহাসিক ক্ষণটোত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা জীৱনৰ অৱদানক উদযাপন কৰাৰ লগতে তেওঁলৈ এনেধৰণৰ বহুতো সফলতা কামনা কৰাৰ এক শুভ সুযোগ। মই তেওঁক এই ঐতিহাসিক কৃতিত্বৰ বাবে অভিনন্দন জনাইছোঁ আৰু দেশৰ সেৱাত তেওঁৰ সুস্বাস্থ্য তথা ধাৰাবাহিক সফলতা কামনা কৰিছোঁ।

(লেখক ৰাজ্যসভাৰ এজন সদস্য আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)

The post বিশেষ লেখা : জনসাধাৰণৰ বিশ্বাসে গঢ়িছে এক ঐতিহাসিক মাইলৰ খুঁটি first appeared on নিয়মীয়া বাৰ্তা.

বিশেষ লেখা : দিল্লীক অসমৰ কাষ চপাই অনা প্রধানমন্ত্রীগৰাকী
ড০ হিমন্ত বিশ্ব শর্মা

অসমৰ এটা প্রজন্মই দীর্ঘদিন ধৰি এক নীৰৱ অথচ অবিৰত বিচ্ছিন্নতাবোধৰ মাজত ডাঙৰ–দীঘল হৈছিল৷ সেই সময়ৰ ৰাজনীতি আৰু অভিজ্ঞতাই তেওঁলোকক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছিল যে দিল্লীয়ে অসম তথা উত্তৰ–পূর্বাঞ্চলক সদায় অৱহেলাৰ দৃষ্টিৰে চায়৷

ই কেৱল এক কাল্পনিক ক্ষোভ নাছিল, ইতিহাসেও ইয়াৰ ভিত্তি প্রস্তুত কৰিছিল আৰু চৰকাৰী নীতিসমূহেও প্রায়ে ইয়াকে প্রতিপন্ন কৰিছিল৷ দশকৰ পিছত দশক ধৰি অসমৰ বহু লোকে অনুভৱ কৰিছিল যে কেৱল সংকটৰ সময়তহে উত্তৰ–পূর্বাঞ্চলক মনত পেলোৱা হয় আৰু দেশৰ পৰিকল্পনাৰ সময়ত ৰাজ্যখন সদায় অৱহেলিত হৈ ৰয়৷

মই নিজেও সেই প্রজন্মৰে এজন৷

এই অনুভৱ অসমৰ জনমানসত কিমান গভীৰভাৱে শিপাই আছিল, সেই কথা ৰাজহুৱা জীৱনৰ আৰম্ভণিৰ পৰাই মই দেখি আহিছোঁ৷ এনে চিন্তা–ভাবনাই আমাৰ কথা–বতৰাক গঢ় দিছিল, আন্দোলনসমূহক তীব্রতৰ কৰিছিল আৰু আশা–আকাংক্ষাক প্রভাৱিত কৰিছিল৷ দিল্লীয়ে যে অসমক মাহীআইৰ চকুৰে চায়, এই বিশ্বাস আমাৰ ৰাজনৈতিক শব্দাৱলীৰ এক অংশ হৈ পৰিছিল৷ ই কেৱল ভাষাৰ অলংকাৰ নাছিল, ই আছিল ঐতিহাসিক অভিজ্ঞতাৰ আৱেগিক প্রকাশ৷

সেইবাবেই বিগত দশকটোত হোৱা পৰিৱর্তনক কেৱল উন্নয়নমূলক পৰিৱর্তন বুলি কৈয়েই সামৰিব নোৱাৰি, ই হৈছে এক ঐতিহাসিক ভুলৰ শুধৰণি৷

২০১৪ চনত শ্রীনৰেন্দ্র মোদী ডাঙৰীয়া প্রধানমন্ত্রী হোৱাৰ পাছৰে পৰা দিল্লী আৰু উত্তৰ–পূর্বাঞ্চলৰ সম্পর্কত এক মৌলিক পৰিৱর্তনৰ সূচনা হয়৷ তেখেতে এই অঞ্চলটোক দূৰৱর্তী সীমান্ত হিচাপে গণ্য নকৰি দেশৰ ৰাষ্ট্রীয় চিন্তা–চর্চাৰ কেন্দ্রলৈ লৈ আনিলে আৰু উত্তৰ–পূর্বাঞ্চলক ‘অষ্টলক্ষ্মী’ বুলি অভিহিত কৰিলে৷ তেখেতে অসমৰ কৌশলগত স্থিতি আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিলে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, তেখেতে এই স্বীকৃতি কেৱল কথাতে আবদ্ধ নাৰাখি বাস্তৱ পদক্ষেপলৈ ৰূপান্তৰিত কৰিলে৷

ই কেৱল আন্তঃগাঁথনিৰ পৰিৱর্তনেই নহয়, মানুহৰ মানসিকতাৰো পৰিৱর্তন ঘটালে৷ এসময়ত নিজৰ মনত বিচ্ছিন্নতাবোধ পুহি ৰখা প্রজন্মটো এতিয়া মূলসুঁতিৰ সৈতে সংযুক্ত হৈ পৰিল৷

ইয়াৰ পিছৰ প্রজন্মটো এক নতুন আত্মবিশ্বাসেৰে ডাঙৰ–দীঘল হৈছে৷ আজি অসমৰ যুৱ সমাজে স্বাভাৱিকতে দিল্লী দূৰৈত আৰু আমাৰ প্রতি উদাসীন বুলি নাভাবে৷ তেওঁলোকে নিজৰ ৰাজ্যখনক দেশৰ বিকাশ যাত্রাৰ এক অবিচ্ছেদ্য অংশ আৰু সুযোগৰ থলী ৰূপে গণ্য কৰে৷ তেওঁলোকে বিশ্বাস কৰে যে আমাৰ অঞ্চলটোৰ আশা–আকাংক্ষাই এতিয়া প্রয়োজনীয় গুৰুত্ব লাভ কৰিছে৷ মানুহৰ মানসিকতাৰ এই পৰিৱর্তনেই সম্ভৱতঃ প্রধানমন্ত্রীৰ অসমলৈ আটাইতকৈ ডাঙৰ অৱদান৷

এই পটভূমিতে আমাৰ উন্নয়নৰ যাত্রাৰ সূচনা হৈছে৷

এসময়ত অসমৰ খাৰুৱা তেল ৰাজ্যখনৰ ভিতৰতে শোধন কৰাৰ দৰে এটা সৰু দাবীৰ বাবেও অসমবাসীয়ে আন্দোলন কৰিবলগীয়া হৈছিল৷ তেল শোধনাগাৰ আন্দোলনৰ স্মৃতি আমাৰ ৰাজনৈতিক চেতনাৰ মাজত আজিও সজীৱ হৈ আছে৷ বহু দিনলৈকে অসমৰ সম্পদসমূহৰ বহির্গমন হৈছিল আৰু স্থানীয় মূল্য–সংযোজন অত্যন্ত সীমিত হৈ ৰৈছিল৷ আজি সেই কাহিনী সলনি হৈছে৷

নুমলীগড় শোধনাগাৰৰ সম্প্রসাৰণৰ কাম পূর্ণগতিত আগবাঢ়িছে৷ এই কাম সম্পূর্ণ হ’লে ইয়াৰ বার্ষিক পৰিশোধন ক্ষমতা ৩ মিলিয়ন মেট্ৰিকটনৰ পৰা ৯ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি পাব৷ পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ নতুন পাইপলাইনৰ কাম সম্পূর্ণ হোৱাৰ পথত আৰু শক্তিখণ্ডৰ নতুন আন্তঃগাঁথনিয়ে অসমৰ ঔদ্যোগিক সামর্থ্য বৃদ্ধি কৰিছে৷ যি এসময়ত বঞ্চনাৰ প্রতীক আছিল, সিয়েই এতিয়া ৰূপান্তৰৰ প্রতীক হৈ উঠিছে৷

ঔদ্যোগিক পুনৰুজ্জীৱিতকৰণৰ্ ক্ষেত্রতো একে কথাই প্রযোজ্য৷ জাগীৰোডে এসময়ত কেৱল উদ্যোগ খণ্ডৰ অৱনতিৰ কথাহে মনত পেলাহছিল৷ স্তব্ধ হৈ পৰা নগাঁও কাগজ কল, পৰিত্যক্ত আৱাসিক এলেকা আৰু ঔদ্যোগিক সংস্থাপনৰ ম্লান হৈ পৰা স্মৃতি– এই আটাহবোৰ অসমৰ হতাশাজনক পৰিৱেশৰ অংশ হৈ পৰিছিল৷ কিন্তু ইতিহাসৰ গতি সলনি হ’ব পাৰে৷ বর্তমান সেই একে স্থানতে টাটা ইলেক্ট্র’নিক্সে ২৭,০০০ কোটি টকা বিনিয়োগেৰে এটা ছেমিকণ্ডাক্টৰ প্রকল্প নির্মাণ কৰি আছে৷ এসময়ত উদ্যোগ গঢ়াৰ সপোন মৰহি যোৱা অসমে আজি ছেমিকণ্ডাক্টৰৰ আন্তঃৰাষ্ট্রীয় মানচিত্রত স্থান লাভ কৰিছে৷ এনে কিছুমান কাহিনীয়ে উপেক্ষাৰ পৰা আকাংক্ষালৈ আমাৰ যাত্রাক সুস্পষ্ট ৰূপত প্রতিফলিত কৰিছে৷

ৰাজ্যখনলৈ ঘূৰি অহা শান্তিও এই নতুন অধ্যায়ৰ অন্যতম কেন্দ্রবিন্দু৷

এসময়ত সমগ্র অসমত হিংসা আৰু আতংকই বিৰাজ কৰিছিল৷ উগ্রপন্থা, বোমা বিস্ফোৰণ, অপহৰণ আৰু গুলীচালনা আদিয়ে আমাৰ দৈনন্দিন জীৱনক অনিশ্চিত কৰি তুলিছিল৷ তেনে এক পৰিৱেশত পর্যটন আৰু বিনিয়োগৰ কথা কল্পনা কৰাটো অসম্ভৱ আছিল৷ কিন্তু শেহতীয়াকৈ বড়ো গোটসমূহৰ সৈতে হোৱা চুক্তি, ২০২৩ চনত আলফাৰ সৈতে হোৱা ত্রিপাক্ষিক চুক্তি আৰু কার্বি, আদিবাসী, ডিমাচা তথা অন্যান্য সংগঠনসমূহৰ সৈতে হোৱা শান্তি চুক্তিসমূহে বাস্তৱৰ সেই ছবিখন সম্পূর্ণ সলাই পেলালে৷ এই চুক্তিসমূহে পুৰণি সংঘাতৰ অন্ত পেলোৱাৰ লগতে নতুন বিশ্বাস গঢ়াৰ পথ মুকলি কৰিছে৷ শান্তিয়ে সম্ভাৱনাক পুনৰুজ্জীৱিত কৰিছে আৰু সম্ভাৱনাই কঢ়িয়াই আনিছে বিনিয়োগ৷

৭৫খন দেশৰ অংশগ্রহণেৰে অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ২.০’– য়ে ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰিছে৷ ৰিলায়েঞ্চ, আদানি, টাটা, বেদান্ত আৰু জিন্দালৰ দৰে আগশাৰীৰ উদ্যোগ গোষ্ঠীসমূহে এতিয়া গুৰুত্বসহকাৰে আৰু নতুন আশা লৈ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন আগলৈকে যিটো কথা অসম্ভৱ যেন লাগিছিল, আজি সেয়া একেবাৰে স্বাভাৱিক হৈ পৰিছে৷ অসমে এতিয়া আৰু কাৰোবাৰ চকুত পৰিবলৈ অপেক্ষা কৰি থকা নাই, বৰঞ্চ ই নিজকে এক অন্যতম প্রধান বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্রতিষ্ঠা কৰিছে৷ আন্তঃগাঁথনিৰ উন্নয়নেও সেই একেই সত্যকে দোহাৰিছে৷

স্বাধীনতাৰ পিছৰ প্রায় সাতটা দশক ধৰি অসমৰ জীৱনৰেখা আৰু ভৌগোলিক গাঁথনিৰ আধাৰস্বৰূপ মহাবাহু ব্রহ্মপুত্রৰ ওপৰত মাত্র তিনিখনহে দলং আছিল৷ শেহতীয়া বছৰবোৰত সেই ছবিখন দ্রুতগতিত সলনি হৈছে৷ কেইবাখনো নতুন দলঙৰ নির্মাণ সম্পূর্ণ হৈছে, বহুকেইখন নির্মীয়মাণ অৱস্থাত আছে– যাৰ ফলত যোগাযোগৰ মানচিত্রই নতুন ৰূপ পাইছে৷ অলপতে উদ্বোধন কৰা ‘কুমাৰ ভাস্কৰ বর্মা সেতু’ এনে এক অন্যতম মাইলৰ খুঁটি৷ ধুবুৰী–ফুলবাৰী দলং, যোৰহাট–মাজুলী দলং আৰু শৰাইঘাটৰ তৃতীয়খন দলঙৰ দৰে প্রকল্পসমূহে অভূতপূর্ব দ্রুততাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলক পৰস্পৰৰ সৈতে সংযুক্ত কৰিছে৷

স্বাস্থ্যসেৱাৰ ক্ষেত্রতো সমানেই গুৰুত্বপূর্ণ ৰূপান্তৰ ঘটিছে৷ এসময়ত ৰাষ্ট্রীয় পর্যায়ৰ গুৰুত্বপূর্ণ প্রতিষ্ঠানসমূহৰ বাবে সংগ্রাম কৰিবলগীয়া হোৱা অসমত এতিয়া ‘এইমছ গুৱাহাটী’ৰ দৰে আগশাৰীৰ চিকিৎসা প্রতিষ্ঠান আছে৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ২০২১ চনৰ সাতখনৰ পৰা এতিয়া চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চৈধ্যখন হৈছে আৰু কেহবাখনো নির্মীয়মাণ অৱস্থাত আছে৷ ৰাজ্যখনে অভাৱৰ পৰা সম্প্রসাৰণৰ দিশলৈ, পৰনির্ভৰশীলতাৰ পৰা সামর্থ্য বিকাশৰ দিশলৈ গতি কৰিছে৷ পৰিবহণৰ ক্ষেত্রতো ৰে’ললাইনৰ দ্বৈতকৰণ, বৈদ্যুতিকীকৰণ, গুৱাহাটী বিমানকোঠৰ নতুন টার্মিনেল, ব্রহ্মপুত্রৰ তলেৰে নির্মাণ হ’বলগীয়া সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ আৰু গুৱাহাটী ৰিং ৰোড– এই সকলোবোৰে উন্নয়নৰ ন–প্রত্যাশাক প্রতিফলিত কৰিছে৷

কিন্তু এই দলং, বিমানবন্দৰ, কাৰখানা আৰু শোধনাগাৰসমূহৰ উপৰি আন এক পৰিৱর্তন ঘটিছে– সেয়া হৈছে আৱেগিক দূৰত্বৰ পৰিৱর্তন৷

অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আটাহতকৈ স্থায়ী অৱদান সম্ভৱতঃ এয়ে যে তেওঁ এই অঞ্চল আৰু ৰাষ্ট্রীয় ৰাজধানীৰ মাজৰ মানসিক ব্যৱধান হ্রাস কৰিলে৷ তেওঁ কেৱল নীতি নির্ধাৰণ কৰি নহয়, সঠিক দৃষ্টিভংগী আৰু উপস্থাপনাৰে সেয়া সম্ভৱ কৰি তুলিলে৷ যেতিয়া তেওঁ অসমৰ গামোচাখন ডিঙিত লয়, সেয়া কেৱল এক আনুষ্ঠানিক সৌজন্যতা নহয়৷ যেতিয়া তেওঁ কাজিৰঙাত নৈশযাপন কৰা প্রথমগৰাকী প্রধানমন্ত্রী হিচাপে ইতিহাস গঢ়ে, তেতিয়া ই এক গভীৰ তাৎপর্য বহন কৰে৷ তেওঁ বাৰে বাৰে উত্তৰ–পূর্বাঞ্চল ভ্রমণ কৰিছে৷ তেওঁৰ ৭৫তকৈও অধিকবাৰ উত্তৰ–পূর্বাঞ্চল ভ্রমণে এই অঞ্চল যে ভাৰতৰ ভাগ্যৰ সৈতে সংযুক্ত হৈ আছে, তাৰেহ বার্তা বহন কৰিছে৷ আৰু সেই বার্তা আজি সঠিকভাৱে হৃদয়ংগম কৰা হৈছে৷

আজি অসম অধিক আত্মবিশ্বাসী, অধিক সংযুক্ত আৰু অধিক আশাবাদী৷ অৱহেলাৰ পুৰণি ভাষা এতিয়া ক্রমান্বয়ে আশাৰ ভাষালৈ ৰূপান্তৰিত হৈছে৷ আৱেগিক গতিপথ সলনি হৈছে– ক্ষোভৰ পৰা অংশগ্রহণলৈ, দূৰত্বৰ পৰা আত্মীয়তালৈ৷

১০ জুন, অৰ্থাত আজি শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াই জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰি ভাৰতৰ আটাহতকৈ দীর্ঘদিন ধৰি নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা নির্বাচিত প্রধানমন্ত্রী হিচাপে ইতিহাস গঢ়িলে৷ ই ৰাষ্ট্রৰ বাবে এক গুৰুত্বপূর্ণ ক্ষণ৷ অসমেও নিজাকৈ গভীৰভাৱে ইয়াৰ গুৰুত্ব অনুভৱ কৰিছে৷ এয়া এজন নেতাৰ ঐতিহাসিক অৱদানক স্বীকাৰ কৰাৰ এক উপযুক্ত ক্ষণ, যিগৰাকীৰ কার্যকালত অসমে কেৱল আন্তঃগাঁথনিৰ উন্নয়নকে প্রত্যক্ষ কৰা নাই, ভাৰতৰ ভিতৰত নিজৰ স্থান আৰু মর্যাদাৰে এক নতুন আত্মবিশ্বাসো লাভ কৰিছে৷

এই ঐতিহাসিক সফলতাৰ ক্ষণত তেখেতলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ মই সর্বশক্তিমান ঈশ্বৰৰ ওচৰত তেখেতৰ সুস্বাস্থ্য, দীর্ঘায়ু আৰু নিৰন্তৰ শক্তিৰ বাবে প্রার্থনা জনাইছোঁ, যাতে একেই দূৰদর্শিতা, দৃঢ়তা আৰু উৎসর্গিত মনোভাবেৰে তেখেতে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰি যাব পাৰে৷

The post বিশেষ লেখা : দিল্লীক অসমৰ কাষ চপাই অনা প্রধানমন্ত্রীগৰাকী first appeared on নিয়মীয়া বাৰ্তা.

বিশেষ লেখা : নোকোৱা কথাৰ বোজা
🔹 ড০ পার্থসাৰথি মহন্ত

কিছুমান কথা কোৱা হোৱাৰ লগে লগে আমাৰ পৰা আঁতৰি যায়৷ কিছুমান কথা, কিছুমান শব্দই আমাক কেতিয়াও এৰি নাযায়৷ এই কথা বা শব্দবোৰ সাংঘাতিক শক্তিশালী আছিল বুলি নহয়, বা এই কথাবোৰে আমাৰ জীৱন সলাই দিছিল বুলিও নহয়– বৰঞ্চ এই কথাবোৰ কেতিয়াও কোৱা নহ’ল বাবেহে৷ আত্মাভিমানৰ বাবে আমি কাৰোবাৰ ওচৰত ক্ষমা নুখুজিলোঁ, দ্বিধাবোধ কৰি প্রেম নিবেদন নকৰিলোঁ, কৃতজ্ঞতা প্রকাশ নকৰিলোঁ, বিদায় বেলাত এষাৰ মাত নলগালোঁ৷ নোকোৱা এই কথাবোৰ শক্তিশালী ভাষাতকৈও গধুৰ হৈ পৰে– চিৰজীৱনৰ বাবে৷

কথা–বতৰাৰে ভৰি থাকে জীৱন৷ আমি অনবৰত কথা কওঁ– ঘৰত, কর্মস্থলীত, বন্ধু–বান্ধৱীৰ লগত, অচিনাকি মানুহৰ লগত৷ হাজাৰ হাজাৰ শব্দ আমাৰ মুখেৰে ওলায়৷ কিন্তু কোৱা শব্দতকৈ নোকোৱা শব্দৰ স্মৃতি বেছি গধুৰ৷ বহু সময় অপেক্ষা কৰা শব্দবোৰ, হূদয়ৰ ভিতৰত সোমাই থকা অনুভৱবোৰ যিবোৰ আমি কেতিয়াও প্রকাশ কৰিব নোৱাৰিলোঁ– গঢ় দিয়ে সোঁৱৰণী৷ আৰু লাহে লাহে এই অব্যক্ত কথাবোৰৰ ওজন বাঢ়িবলৈ লয়৷ হৈ পৰে এক মৌন বোজা৷

মৌনতাক লৈ এটা ভুল ধাৰণাও আছে৷ মানুহে মৌনতা মানে শূন্যতা বুলি ভাবে৷ মৌনতা মানেই কিন্তু শূন্য নহয়, বেছিভাগ সময়তে মৌনতা ভৰি থাকে অব্যক্ত অনুভৱেৰে৷ এনেকুৱা চিন্তা যি কেতিয়াও কথা হৈ ওলাই নাহিল৷ এনেকুৱা আৱেগ যি কেতিয়াও সাহস গোটাব নোৱাৰিলে৷ মৌনতা মানে সদায়ে শব্দৰ অভাৱ নহয়৷ মৌনতা কেতিয়াবা অনুমতিৰ বাবে অপেক্ষা কৰা শব্দ৷

কেৱল ঘটি যোৱা ঘটনাইহে যে সম্পর্ক গঢ় দিয়ে তেনে নহয়, যি নহ’ল তাৰ দ্বাৰাও সম্পর্ক প্রভাৱিত হয়৷ কেতিয়াও প্রশংসা নকৰিলে, কেতিয়াও আশ্বাস নিদিলে, ক্ষমা খোজাত পলম হ’ল৷ মানুহ অদ্ভুত– আমাৰ অনুভৱ গভীৰ, কিন্তু কথাত সাৱধান৷ আমি নিজৰ ভিতৰত আৱেগৰ সাগৰ এখন লৈ ফুৰোঁ, কিন্তু প্রকাশ কেতিয়াবা কৰোঁ এচামুচ মাত্র৷

এনেকুৱা বহু মানুহ আছে যি বছৰ বছৰ ধৰি এটা কথা ক’বলৈ ৰৈ থাকে৷ সময় কিন্তু সঠিক সময়ৰ বাবে নৰয়৷ দিনবোৰ ব্যস্ত হৈ পৰে, জীৱন জটিল হৈ পৰে৷ আৰু গুৰুত্বপূর্ণ কথাবোৰে এটা ভাল মুহূর্তৰ বাবে অপেক্ষা কৰি থাকে৷ সমস্যাটো হ’ল জীৱনে সঠিক মুহূর্তটো খুব কমেইহে ঘোষণা কৰে৷ মনে মনে আগবাঢ়ি যায়৷

কেতিয়াবা বাধাৰ সৃষ্টি কৰে অহংকাৰে৷ এইটো কথা–বার্তা, ভাব–ভংগীত ওলোৱা অহংকাৰটো নহয়৷ এইটো নীৰৱ অহংকাৰ৷ যিটো অহংকাৰে কয়– ‘আজি নালাগে, ৰৈ দিওঁ’ বা ‘প্রথমতে তেওঁ আগবাঢ়ি আহকচোন৷’ যিটোৱে সম্পর্কতকৈ অহংকাৰকহে সাৱধানে ৰক্ষা কৰে৷ যাৰ বাবে কথা–বতৰা ৰৈ যায়– দুজন মানুহ নীৰৱতাৰ দুমূৰে থিয় হৈ থাকে, দুয়োজনেই আঘাত পাইছে, কিন্তু দুয়োজনেই ৰৈ থাকে৷ সময় যে সদায় তেওঁলোকৰ লগত ৰৈ নাথাকে সেইটোও উপলব্ধি নকৰে৷

আন একপ্রকাৰৰ মৌনতা আছে৷ মৌন মৰম৷ বিশেষকৈ পৰিয়ালত৷ প্রেম থাকে৷ যত্ন থাকে, ত্যাগ থাকে– কিন্তু শব্দ অনুপস্থিত৷ অন্তহীন কাম কৰা পিতৃক লৈ যে আমি গৌৰৱান্বিত তেওঁক কেতিয়াও কোৱা নহয়৷ নিজে নাখাই সন্তানক খুওৱাৰ পৰা কত কি ত্যাগ কৰা মাতৃগৰাকীক আমি কিমান গভীৰভাৱে ভাল পাওঁ কোৱা নহয়৷ অনুভৱ সকলোৱে কৰে৷ কিন্তু নকয়৷ আৰু পাছত সেই নোকোৱাটো বেছি অনুভৱ হয় আৰু এটা সময়ত হৈ পৰে পীড়া৷

কৃতজ্ঞতা মানুহে পিছলৈ পেলাই থোৱা আৱেগবোৰৰ ভিতৰত এটা৷ সময় আছে বুলিয়ে সদায়ে ধৰি লোৱা হয়৷ ধন্যবাদ জনোৱা, শলাগ লোৱা, স্বীকাৰ কৰি লোৱা– এই কথাবোৰ প্রায়ে থাকি যায়৷ কোনোবাই অৱসৰ লোৱাৰ পিছত, আঁতৰি যোৱাৰ পাছত বা চিৰদিনৰ বাবে গুচি গ’লেহে মনত পৰে– কৃতজ্ঞতা জৰুৰী আছিল, কিন্তু বহু পলম হৈ গ’ল৷

প্রেমেও মৌনতাত ভোগে৷ যি মৰম সদায় কাষত থাকিব বিচাৰিছিল, যি মৰমে বুজাব খুজিছিল, যি মৰমে প্রত্যাখ্যান ভয় কৰিছিল, যি মৰম পলমকৈ উপজিছিল৷ বহু জীৱনে কঢ়িয়াই লৈ ফুৰে আধৰুৱা আৱেগিক কাহিনী৷ প্রেম আছিল, কিন্তু সাহস নাছিল৷ ভয়ৰ বাবে বহু হূদয় নিস্তব্ধ হৈ ৰৈ যায়৷ লাজ, দুর্বলতা আৰু লগতে মর্যাদা হেৰুওৱাৰ ভয়৷ আচৰিত কথাটো হ’ল– নীৰৱতাই প্রায়ে মর্যাদাক বেছি আঘাত কৰে৷

সংঘাতৰ সময়তো আমি বহু শব্দ গিলি থওঁ৷ খং নিয়ন্ত্রণ কৰোঁ৷ পৰিপক্বতা বুলি কওঁ৷ কেতিয়াবা হয়, সদায় পিছে নহয়৷ মুখলৈ ননা কথাবোৰ নোহোৱা হৈ নাযায়৷ প্রকাশ নকৰা আঘাত ক্ষোভত পৰিণত হয়৷ মুখখনহে মনে মনে থাকে, অন্তৰখন ক্ষোভত ফাটি থাকে৷

ক্ষমা৷ আমি সাধাৰণতে শুনিবলৈ নোপোৱা এটা শব্দ৷ মনতে ক্ষমা কৰি দিয়াটো কঠিন নহয়, কিন্তু আঘাতে আমাক জেদী কৰি তোলে৷ মানুহে ক্ষমা বিচৰাৰ অপেক্ষা কৰে৷ বহু পাছত উপলব্ধি কৰে যে তেওঁলোকে আঘাতক ৰক্ষা কৰি আছিল, আত্মসন্মান নহয়৷

কথা আধৰুৱা হৈ থাকোঁতেই কাৰোবাক হেৰুওৱা অত্যন্ত বেদনাদায়ক৷ কাৰোবাক হেৰুওৱাৰ পিছত মনটো বাৰে বাৰে অতীতলৈ ঘূৰি যায় আৰু প্রতিবাৰেই মনত পৰে ক’বলৈ থাকি যোৱা কথাবোৰ৷ আৰম্ভ হয় অনুশোচনা৷ আচলতে মৌনতাৰ লগত অনুশোচনাৰ এক অদ্ভুত সম্পর্ক আছে৷

বয়সৰ লগে লগে কথা–শব্দ আমি কেনেকৈ বুজোঁ সেয়াও সলনি হয়৷ যৌৱনত শব্দ ভৰি থাকে, সময় পিছত আহে, জীৱনটো দীঘলীয়া যেন লাগে, সুযোগবোৰ অন্তহীন যেন লাগে৷ কিন্তু লাহে লাহে কিবা এটা সলনি হৈ যায়৷ সময় যে ক্ষণস্থায়ী সেয়া অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ পলম কৰিলে কিছুমান আৱেগে অর্থ হেৰুৱাই পেলায়৷ মৌনতা গাঢ় হৈ পৰে৷

এই সকলোবোৰ জনাৰ পিছতো অনেকে কথা ক’বলৈ একপ্রকাৰ সংগ্রাম কৰিবলগীয়া হয়৷ কাৰণ সঁচা কথা কৈ বিপদত পৰিম বুলি আমাৰ ভয় হয়৷ এই দুর্বলতা ভয়ংকৰ৷ কৃতজ্ঞতা প্রকাশ কৰিবলৈ গৈ আমি নিজকে আৱেগিকভাৱে উদঙাই দিম বুলি শংকা হয়৷ ক্ষমা খুজিবলৈও প্রত্যাখ্যানৰ আশংকা হয়৷ আৰু মৌনতাত আমি অধিক নিৰাপদ অনুভৱ কৰোঁ৷ এই সুৰক্ষাই অহংকাৰক ঠিকেই ৰক্ষা কৰে, কিন্তু শান্তি নিদিয়ে৷

বোজা আৰু আছে৷ আমি কেতিয়াও নিজৰ লগত কথা নাপাতিলোঁ৷ সপোনবোৰ মনে মনে নেদেখিবলৈ ল’লোঁ৷ দায়িত্বৰ বেশত ক্লান্তি আৰু ব্যস্ততাৰ আঁৰত নিঃসংগতা লুকুৱালোঁ৷ মৌনতা হৈ পৰে আমাৰ নিৰাপদ আশ্রয়স্থল৷ এদিন কিন্তু এই আশ্রয় শিবিৰটো কাৰাগাৰৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷

আচলতে আমি সাধাৰণতে বুজি নোপোৱা কথাটো হ’ল–শব্দ এটা কোৱা নহ’ল বুলিয়েই নোহোৱা হৈ নাযায়৷ ক’ৰবাত থাকি যায়৷ স্মৃতিত, অনুশোচনাত, আচৰণত৷ আৰু কেতিয়াবা অভাৱনীয়ভাৱে দেখা দিয়ে– সতেজ নহ’ব পাৰে, আধৰুৱাকৈয়ে৷

এই অনুশোচনা এটা বোজা হৈয়ে থাকি যাবলৈ দিয়া উচিতনে? জীৱনে কিন্তু এতিয়াও সুযোগ প্রদান কৰে৷ এতিয়াও এটা ফোন কৰিব পাৰি, ক্ষমা বিচাৰিব পাৰি, কৃতজ্ঞতা প্রকাশ কৰিব পাৰি৷ মৰমে এতিয়াও ভাষা বিচাৰি পাব পাৰে৷ প্রতিটো অসমাপ্ত কাহিনী চিৰদিনৰ বাবে আধৰুৱা হৈ নাথাকে৷

আৱেগৰ অন্তহীন প্রকাশ সম্ভৱ নহয়৷ যোগাযোগত মানুহ সদায় অসম্পূর্ণ, ভুল বুজাবুজি সদায় থাকিব, কথা নোকোৱাকৈও থাকি যাব৷ কিন্তু গুৰুত্বপূর্ণ কথাবোৰ আমাৰ ভিতৰতে মৰিবলৈ এৰি দিব নালাগিব৷ কাৰণ জীৱনৰ শেষত কৃতিত্ব হৈ পৰে স্মৃতি, সফলতা হৈ পৰে ইতিহাস৷ যুক্তিয়ে গুৰুত্ব হেৰুৱাই পেলায়, কিন্তু সম্পূর্ণবোৰ ৰৈ যায়৷ যিটো আটাইতকৈ গভীৰভাৱে ৰৈ যায়– সেয়া আমি ভুলকৈ কোৱা কথাবোৰ নহয়, আমি একেবাৰেই নোকোৱা কথাবোৰহে৷

কাৰণ কেতিয়াবা জীৱনৰ আটাইতকৈ গধুৰ বোজা যন্ত্রণাকাতৰ স্মৃতি নহ’ব পাৰে– হ’ব পাৰে কিছুমান সুন্দৰ শব্দ যি কেতিয়াও হূদয়ৰ পৰা ওলাই অহাৰ পথ বিচাৰি নাপালে।

The post বিশেষ লেখা : নোকোৱা কথাৰ বোজা first appeared on নিয়মীয়া বাৰ্তা.

ডিক’ডিং জীৱন : কিমান বুজাম আৰু
ড০ পার্থসাৰথি মহন্ত

জীৱনত এনে কিছুমান সময় আহে কামৰ কাৰণে ভাগৰ নালাগে৷ ভাগৰ লাগে কথাৰ পৰা– বাৰে বাৰে ক’বলগীয়া হোৱা কথা, বাৰে বাৰে ক’বলগীয়া হোৱা শব্দৰ পৰা৷ একেবোৰ ব্যাখ্যা– বিভিন্ন সময়ত, বিভিন্ন পৰিস্থিতিত, বিভিন্ন কাৰণত৷

আপুনি যি কৰিলে সেয়া কিয় কৰিলে? আশা কৰা ধৰণে কিয় নকৰিলে? কিয় তেনেকৈ ক’লে? কিয় মনে মনে থাকিল? কিয় আঁতৰি আহিল? কিয় সলনি হ’ল?

বাৰে বাৰে একেবোৰ কথা কিমান বুজাব এটা সময়ত ভাগৰ লাগে৷ দেখা পোৱা নাযায়৷ এয়া সদায় নিজকে ব্যাখ্যা কৰিবলগা হোৱাৰ ক্লান্তি৷

এই ভাগৰ কেতিয়া আৰম্ভ হয় বেছিভাগ মানুহে লক্ষ্যই নকৰে৷ কাৰণ ই আমি উপলব্ধি কৰাতকৈ বহু আগতে আৰম্ভ হয়৷ সৰুতে আমি সকলো কথাৰে কৈফিয়ৎ দিব লাগে৷ কিয় এইটো কৰিলোঁ? পৰীক্ষাত নম্বৰ কিয় কম পালোঁ? ইত্যাদি৷ কোনেও নিশিকোৱাকেই আমি এটা কথা শিকি লওঁ– আনে স্বয়ংক্রিয়ভাৱে আমাক বুজি নাপায়৷ আমি বুজালেহে বুজে৷ নিজৰ বিষয়ে বুজোৱাটো ক্রমাৎ অভ্যাসত পৰিণত হয়৷ নিজৰ বিষয়ে ব্যাখ্যা কৰাটো হৈ পৰে আমাৰ অস্তিত্বক ন্যায্যতা প্রদান কৰাৰ প্রচেষ্টা৷

প্রথম অৱস্থাত এয়া একেবাৰে স্বাভাৱিক যেন লাগে৷ কাৰণ ভুল বুজাবুজি আঁতৰাবলৈ যোগাযোগ গুৰুত্বপূর্ণ৷ কিন্তু এটা কথা এবাৰ বুজোৱা আৰু গোটেই জীৱন একেটা কথাকে বুজাই থকাৰ মাজত পার্থক্য আছে৷ প্রথমটো যোগাযোগ, দ্বিতীয়টো ক্লান্তি৷

ইয়াত লুকাই থাকে এটা বেদনাদায়ক সত্য৷ কোনেও আমাক বুজিবলৈ চেষ্টা নকৰে৷ কোনো কোনোৱে আকৌ পুনৰ নিশ্চিত হ’বলৈকে সোধে৷ অর্থাৎ– তেওঁলোকে প্রশ্ণ কৰে, কিন্তু উত্তৰবোৰৰ কোনো গুৰুত্ব নাই৷ কাৰণ তেওঁলোকে সিদ্ধান্ত লৈয়ে থয়৷ সেইকাৰণে আপোনাৰ ব্যাখ্যাবোৰ তেওঁলোকে অজুহাত বুলি ভাবে৷

ইয়াৰ পৰা লগা ভাগৰ কেৱল আৱেগিকেই নহয়, শাৰীৰিকো৷ কথা কোৱাৰ আগতে আমি দ্বিধাবোধ কৰিবলৈ আৰম্ভ কৰোঁ৷ শব্দ সাৱধানে বাছিবলৈ লওঁ৷ ভুল বুজাবুজি হোৱাৰ আগতেই ব্যাখ্যা প্রস্তুত কৰোঁ৷ কিবা অসৎ উদ্দেশ্য থকা বাবে নহয়– ভুল বুজাবুজি হৈ ভাগৰি পৰা বাবে৷

সৃষ্টি হয় এক অদ্ভুত নিঃসংগতাৰ৷ কোনেও বুজি নোপোৱাৰ নিঃসংগতা৷ আমাৰ লগতে থাকি আমাক নুবুজাৰ বেদনা, তেওঁলোকে কেৱল আমাৰ মুখখনহে জানে, মনটো নহয়৷

আনে আমাৰ চৰিত্র, ব্যক্তিত্ব গঢ় দিব খোজে৷ আমাৰ এটা সংস্কৰণৰ সৃষ্টি কৰে– তেওঁলোকে বিচৰা ধৰণে৷ দায়িত্বশীল–শক্তিশালী–দয়ালু– সফল ইত্যাদি ইত্যাদি৷ আৰু আপুনি তেনেদৰেই আচৰণ কৰাটো বিচাৰে৷ শক্তিশালী হ’লে আপুনি ভাঙি পৰিব নোৱাৰে, দয়ালু হ’লে খং উঠিব নোৱাৰে৷ আৰু যদি তেনে হয়– আপুনি ব্যাখ্যা দিব লাগিব, কাৰণ আপোনাৰ প্রতি আন কাৰোবাৰ ধাৰণা যদি আপোনাৰ আচৰণৰ লগত খাপ খাই পৰা নাই, সেয়া যেন আপোনাৰহে ভুল৷

সমস্যাটো হ’ল– আমি সকলোৱে আমাক আনে বুজি পোৱাটো বিচাৰোঁ৷ আমি সংঘাত নিবিচাৰোঁ৷ কাৰো লগত দূৰত্ব নিবিচাৰোঁ৷ গতিকে বুজাই দিওঁ৷ বাৰে বাৰে৷ কাৰণ সম্পর্কবোৰ গুৰুত্বপূর্ণ৷

আমি আত্মৰক্ষাৰ বাবে নিজৰ বিষয়ে ব্যাখ্যা কৰোঁ৷ কিন্তু এই আত্মৰক্ষা ক্লান্তিকৰ৷ কাৰণ ইয়াৰ কোনো অন্ত নাই৷ সদায় এটা আন ভুল বুজাবুজিৰ সৃষ্টি হয়৷ কোনো ব্যাখ্যা কেতিয়াও সম্পূর্ণ অনুভৱ নহয়৷

সময় আৰু বয়সে অৱশ্যে আমাক এই ব্যাখ্যা কৰিবলৈ মন নোযোৱা কৰি আনে৷ এটা সময়ত সকলো বুজাবলৈ যত্ন কৰি থকা ব্যক্তি এজনে বুজোৱা কমাই আনে৷ কাৰণ তেওঁলোকে এটা কথা উপলব্ধি কৰে– কিছুমান মানুহে ইচ্ছা কৰিলেহে বুজি পায়৷ এই উপলব্ধিয়ে আচৰণ সলনি কৰে৷ দীঘলীয়া ব্যাখ্যা চুটি হৈ পৰে৷ যুক্তি কমি আহে৷ প্রমাণ কৰাৰ হেঁপাহ কমি আহে৷ কাৰণ তেওঁলোক ভাগৰি পৰে আৰু বাস্তৱ সত্যটোক গ্রহণ কৰি লয় যে বুজিব নুখুজিলে কাকো বুজাব নোৱাৰি৷

ইয়াৰ পৰাও ভুল বুজাবুজিৰ সৃষ্টি হয়৷ মানুহে মৌনতাক উদাসীনতা বুলি ভাবে৷ আচলতে এই মৌনতাৰ অর্থ হ’ল ক্লান্তি৷

কাৰণ অনবৰতে নিজৰ বিষয়ে আনক ব্যাখ্যা কৰি থকাৰ এটা মূল্য আছে৷ যি মূল্য আমি ভৰিবলগীয়া হয়৷ ই আমাৰ আত্মবিশ্বাস দুর্বল কৰি তোলে৷ আমি নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰোঁ৷ ‘হয়তো মোৰ ভুল হৈছিল৷’ ‘হয়তো মই ভালকৈ বুজাব লাগে৷’ আমি ব্যাখ্যা কৰি, কৈফিয়ৎ দি জীয়াই থাকিবলৈ আৰম্ভ কৰোঁ–আনৰ অনুমোদনৰ বাবে, গ্রহণযোগ্যতাৰ বাবে, বৈধতাৰ বাবে৷

আৰু তাৰ পাছতো যেতিয়া ব্যাখ্যাৰ প্রয়োজন হয়, আমি উপলব্ধি কৰোঁ– সকলোকে কৈফিয়ৎ দিয়াৰ প্রয়োজন নাই৷ সকলো ইয়াৰ যোগ্য নহয়৷ কাৰণ ব্যাখ্যা দিয়াৰ বাবে প্রয়োজন পাৰস্পৰিক যত্ন, বিশ্বাস আৰু সন্মান৷

সত্যটো হ’ল–কিছুমান ব্যাখ্যাৰ অন্ত নাই৷ কাৰণ আচল কথাটো বুজি নোপোৱা নহয়৷ আচল কথাটো হ’ল–আমাক ব্যাখ্যা কৰাত ব্যস্ত ৰাখি অনিশ্চয়তাত ওলোমাই ৰখা৷ অনিশ্চিত মানুহক নিয়ন্ত্রণ কৰিবলৈ সহজ৷

সেয়েহে এটা সময়ত আমাৰ মনলৈ আহে–কিমান বুজাম আৰু৷ আৰু তেতিয়াই আমি সীমা টানিবলগীয়া হয়৷ নীৰৱে, কিন্তু গজগজীয়াকৈ, কাৰণ সকলোকে বুজোৱাৰ দায়িত্ব বহন কৰাটো সম্ভৱ নহয়৷ আমি নিজে ঠেকি শিকিছোঁ–সঁচা কথা ক’লেও ভুল বুজাবুজি হয়, দয়ালু হ’লেও সমালোচনা হয়, স্পষ্টকৈ বুজোৱাৰো ভুল ব্যাখ্যা হয়৷ ভুল কিন্তু আপোনাৰ নহয়৷

বুজা, ভুল বুজা আৰু ব্যাখ্যাৰ এই কথাখিনি উপলব্ধি কৰিলেই আমি পাওঁ স্বাধীনতা৷ ব্যাখ্যা বন্ধ কৰাৰ স্বাধীনতা৷ প্রতিটো সিদ্ধান্তৰ ওপৰত অতিমাত্রা চিন্তা কৰাটো বন্ধ কৰাৰ স্বাধীনতা৷ কিছুমান ভুল বুজাবুজি তেনেকৈয়ে থাকিবলৈ দিয়াৰ স্বাধীনতা৷ প্রতিটো কাহিনীত সংশোধনৰ প্রয়োজন নাই৷

কাৰণ, প্রকৃত বুজাবুজিৰ অনুভৱ বেলেগ৷ ধৈর্যসহকাৰে শুনে, যুক্তিপূর্ণ প্রশ্ণ কৰে৷ জটিলতা আৰু বৈপৰীত্য মানি লয়৷ সর্বোপৰি মানৱীয় দোষ–গুণৰ কাৰণে দোষী অনুভৱ কৰিবলৈ নকয়৷

অর্থাৎ প্রতিজন মানুহক আমাৰ কাহিনী বুজাব লাগিব বুলি কোনো কথা নাই৷ কাৰণ ব্যাখ্যাৰ প্রয়োজন নোহোৱা হ’লেহে পাৰস্পৰিক বিশ্বাস আৰু সন্মান আৰম্ভ হয়৷

The post ডিক’ডিং জীৱন : কিমান বুজাম আৰু first appeared on নিয়মীয়া বাৰ্তা.

বিধায়কৰূপে ২৫ বছৰ পূর্ণ, আপোনালোকৰ সেৱাৰ ৰূপালী যাত্রা
🔹 ড০ হিমন্ত বিশ্ব শর্মা

২৫ বছৰ৷ এটা ৰাজনৈতিক যাত্রাৰ নাম নহয়, এয়া হৈছে বিশ্বাস, আশীর্বাদ আৰু জনসেৱাৰ এক আৱেগিক অধ্যায়৷ ২০০১ চনত জালুকবাৰীৰ মোৰ প্রিয় সন্মানীয় জনসাধাৰণে এজন সাধাৰণ কর্মীৰ হাতত যি বিশ্বাসৰ পতাকা তুলি দিছিল, সেই বিশ্বাসক বুকুত লৈ আজি পুনৰ মুখ্য সেৱক হিচাপে অসমক সেৱা কৰাৰ সুযোগ লাভ কৰাটো মোৰ বাবে এক গভীৰ আৱেগৰ মুহূর্ত৷ বিধানসভাৰ প্রথমটো দিনৰ পৰা আজিলৈ প্রতিটো সংগ্রাম, প্রতিটো সিদ্ধান্ত, প্রতিটো সফলতাৰ আঁৰত আছে অসমৰ জনতাৰ মৰম, আশীর্বাদ আৰু অগাধ আস্থা৷ এই ২৫ বছৰত মই কেৱল ৰাজনীতি কৰা নাই, অসমবাসীৰ সুখ–দুখ, আশা–আকাংক্ষা আৰু সপোনৰ লগত নিজকে সম্পৃক্ত কৰিবলৈ অহৰহ চেষ্টা কৰিছোঁ৷ বিধায়ক হোৱাৰ আজিৰ এই ২৫ বছৰীয়া বিশেষ দিনটোত পুনৰ এবাৰ প্রতিশ্রুতি দিছোঁ– আমৃত্যু আই অসমী আৰু আই ভাৰতীৰ সেৱাত নিজকে উৎসর্গা কৰি যাম৷ জালুকবাৰী মোৰ শক্তি৷ অসমবাসী মোৰ প্রেৰণা৷ আপোনালোকৰ আশীর্বাদেই মোৰ আটাইতকৈ ডাঙৰ সম্পদ৷ যোৱা ২৫ বছৰত আপোনালোকৰ যি মৰম–চেনেহ, আশীর্বাদ–আস্থা লাভ কৰিলোঁ, অনাগত দিনৰ প্রতিটো খোজতেই ইয়াতকৈ দুগুণ মৰম বুটলিবলৈ মই সেৱা কৰি যাম৷ এয়াই এই জীৱনৰ বজ্রকঠোৰ সিদ্ধান্ত৷

The post বিধায়কৰূপে ২৫ বছৰ পূর্ণ, আপোনালোকৰ সেৱাৰ ৰূপালী যাত্রা first appeared on নিয়মীয়া বাৰ্তা.

বিশেষ লেখা : বংগত এক নতুন সূৰ্যোদয়
ৰাজনাথ সিং

“”হে নতুন, দেখা দিক আৰবাৰ, জন্মেৰো প্রথম শুভক্ষণ”-(হে নতুন পুৰুষ, এবাৰ পুনৰ সন্মুখলৈ আহা, ঠিক সেইদৰে যিদৰে জন্মৰ সময়ত সেই প্ৰথম শুভক্ষণ আহিছিল।)

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ এই কথাখিনি কেৱল এটা কবিতাৰ অংশ নহয়, বৰঞ্চ সময়ে সময়ে স্বতঃস্ফূৰ্ত আৰু নবীন হোৱা প্ৰতিনিয়ত নিজকে নৱীকৰণ কৰা বংগৰ আত্মাৰ আহ্বান। পৰম্পৰাগতভাৱে গুৰুদেৱৰ জন্মদিনত তেওঁক সন্মান জনাই নবীকৰণৰ উদযাপন হিচাবে এই গীতটি গোৱা হয়, যিটো জন্মদিনৰ জাগৰণৰ প্ৰতীক। গুৰুদেৱে বুজি পাইছিল যে এই ভূমি কেৱল পৰিৱৰ্তিত নহয়, ইয়াৰ নিৰন্তৰ পুনৰ জন্ম হয়।

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫সংখ্যক জয়ন্তীলৈ মাত্ৰ এসপ্তাহো নাথাকোতেই পশ্চিমবংগত এক ঐতিহাসিক পৰিৱৰ্তন হোৱাটো এক সুখৰ কাকতলীয়া ঘটনা। ৪ মে’ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰে। বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে এই নিৰ্বাচন কেতিয়াও কেৱল ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা নাছিল। এই মহান ভূমিৰ হৃত গৌৰৱ পুনৰুদ্ধাৰৰ সুযোগ আছিল, যিটো নিৰ্বাচনী জনাদেশৰ জৰিয়তে কৰা এক সভ্যতামূলক আহ্বান।

আজি ৰাজনৈতিক বিতৰ্কৰ হৈ চৈ একাষৰীয়া কৰি এটা গভীৰ প্ৰশ্ন মনলৈ আহিছেঃ আচলতে বংগ কি? আৰু ইয়াক পুনৰুদ্ধাৰ কৰাৰ অৰ্থ কি? বংগৰ বৰ্তমানক বুজিবলৈ হ’লে আমি প্ৰথমে ইয়াৰ অতীতত ভুমুকি মাৰিব লাগিব, সেয়াও দশক দশকৰ নহয়, শতিকাৰ অতীত।

বংগ বৌদ্ধিক কৌশলৰ সমাৰ্থক হোৱাৰ বহু আগতেই ই আছিল এক পবিত্ৰ ভূমি। পঞ্চদশ শতিকাত নৱদ্বীপৰ গংগাৰ পাৰত বিশ্ব চৈতন্য মহাপ্ৰভু নামেৰে জনাজাত নিমাই নামৰ এজন যুৱকে গান গাবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কীৰ্ত্তন কেৱল সংগীত নাছিল। ই আছিল ভক্তিত নিমজ্জিত এক সমাজ সংস্কাৰ আন্দোলন। তেওঁ অস্পৃশ্যসকলক আঁকোৱালি লৈছিল, বিদ্বানসকলৰ সৈতে নাচিছিল আৰু কোনো আখ্যানমূলক পৰিচয়ক বোজা হিচাপে নলৈ ঈশ্বৰৰ নাম সকলোৰে বাবে উপলব্ধ বুলি ঘোষণা কৰিছিল। তেওঁ জাগৰিত কৰি তোলা আনন্দপূৰ্ণ আৰু সৰ্বাংগীন বৈষ্ণৱ ধৰ্মই বংগ আৰু ভাৰতৰ আত্মাৰ আধ্যাত্মিক স্থাপত্য হৈ পৰিল।

দুটা শতিকাৰ পাছত সেই একেটা আত্মাই বাউল পৰম্পৰাত নিজৰ পাৰ্থিৱ পৰিপূৰক বিচাৰি পালে— য’ত কোনো জাতিৰ সাজপাৰ, কোনো শাস্ত্ৰ অবিহনে “মনেৰ মানুষ” অৰ্থাত হৃদয়ৰ মানুহবোৰৰ বিষয়ে গান গোৱা হৈছিল। তেওঁলোকৰ ভিতৰত কোনো ধৰ্মই আকোৱালি ল’ব নোৱাৰা আৰু প্ৰতিটো পৰম্পৰাই আকোৱালি লোৱা ব্যক্তি লালন ফকিৰতকৈ উজ্জ্বলভাৱে কোনো জিলিকি উঠা নাছিল। তেওঁ এগৰাকী হিন্দু নে মুছলমান? কোনেও ক’ব পৰা নাছিল আৰু কোনেও জনাৰ প্ৰয়োজনবোধ কৰা নাছিল। এই সুষম প্ৰতিভাধৰগৰাকী আছিল বাঙালী, যিটো পৰিচয় কেৱল সদায় সজীৱ আহিছে।

বিগত তিনিটা শতিকাত বংগই ভাৰতৰ নৈতিক জাগৰণত অংশগ্ৰহণ কৰাই নহয়, ভাৰতক আগুৱাই লৈ গৈছে। ৰাজা ৰামমোহন ৰায়ে নিজৰ ৰীতি-নীতিত কঠোৰ আৰু দুৰ্নীতিগ্ৰস্ত হৈ পৰা সমাজ এখন দেখি পৰম্পৰা পৰিত্যাগ বা অন্ধভাৱে ইয়াৰ ওচৰত আত্মসমৰ্পণ কৰাটো বাছি লোৱা নাছিল। তেওঁ ইয়াৰ সংস্কাৰ কৰিছিল, সতীদাহ প্ৰথা বিলুপ্তিৰ বাবে যুঁজিছিল আৰু নিজকে পুনৰ উদ্ভাৱন কৰিবলৈ অন্তৰ্দৃষ্টিত জোৰ দিছিল। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে সেই শিখা আৰু আগুৱাই লৈ গৈছিল, বিশেষকৈ মহিলাসকলৰ বাবে শিক্ষাক তেওঁলোকৰ মুক্তিৰ আহিলা কৰি তুলিছিল।

বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে দেশবাসীক প্ৰথমখন মহান উপন্যাস উপহাৰ দিছিল, য’ত লিপিবদ্ধ বন্দে মাতৰম গীতটিৰে এক শতিকা ধৰি স্বাধীনতা সংগ্ৰামীসকলৰ মাজত অনুৰণন ঘটিছিল আৰু এতিয়াও প্ৰতিজন ভাৰতীয়ৰ মুখে মুখে গুঞ্জৰিত হৈ আহিছে। বংগই ভাৰতক প্ৰথমগৰাকী মহিলা চিকিৎসক ডাঃ কাদম্বিনী গাংগুলীকো প্ৰদান কৰিছিল, যিয়ে নাৰীক স্বাৱলম্বীতা আৰু স্বাধীনতাৰ দিশত অনুপ্ৰাণিত কৰিছিল। ড° শ্যামা প্ৰসাদ মুখাৰ্জী ভাৰতৰ ঐক্যৰ বাবে প্ৰাণ আহুতি দিয়া এজন সবল জাতীয়তাবাদী আছিল।

হয়তো বংগৰ সকলো অসাধাৰণ মন আৰু মহান আত্মাৰ ভিতৰত স্বামী বিবেকানন্দ আটাইতকৈ উজ্জ্বল, প্ৰবুদ্ধ আৰু বিদগ্ধ ব্যক্তি আছিল। ১৮৯৩ চনত বিশ্ব ধৰ্মৰ সংসদত স্বামী বিবেকানন্দই দিয়া ঐতিহাসিক ভাষণত তেওঁ হিন্দু ধৰ্মৰ মহত্ত্ব বিশ্ববাসীৰ আগত প্ৰকাশ কৰি ধৰ্ম সহনশীলতা আৰু ধৰ্মান্ধতাৰ অন্ত পেলাবলৈ আহ্বান জনাইছিল। কিন্তু ঘৰলৈ উভতি আহোঁতে তেওঁ নিজৰ মানুহবোৰক এটা অপ্ৰিয় সত্য কথা ক’লে যে শক্তিবিহীন আধ্যাত্মিকতা হৈছে আৱেগিকতা, ভোকাতুৰ মানুহক দৰ্শন শিকাব নোৱাৰি, দেৱীক কেৱল মন্দিৰতে নহয়, নাৰীৰ মাজত, দুখীয়াৰ মাজত, দেশৰ মাজতেই পূজা কৰিব লাগিব।

এয়াই হৈছে বংগ। ই সদায় এনেকুৱাই আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগক এই দৃষ্টিৰেই প্ৰত্যক্ষ কৰে। যি আছিল, সেইটোৰ বাবে তেওঁ পিছলৈ ঘূৰি চোৱা নাই; নিশ্চিতভাৱে এখন বিদেশীয়ে দপদপাই থকা ভূমিৰ পৰিৱৰ্তে বংগক সভ্যতামূলক নিদ্ৰাৰ পৰা পুনৰ জাগ্ৰত কৰি নিজৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰিবলৈ তেওঁ আগ্ৰহী।

দীৰ্ঘদিন ধৰি বংগৰ বৌদ্ধিক আৰু ৰাজনৈতিক শ্ৰেণীৰ একাংশ লোকে তেওঁলোকৰ নিজৰ সভ্যতাৰ উত্তৰাধিকাৰক এক লজ্জাজনক বিষয় হিচাপে গণ্য কৰিছিল। এইবোৰ অতিক্ৰম কৰা, ব্যাখ্যা কৰা বা ঔপনিবেশিক মতাদৰ্শৰ দ্বাৰা প্ৰতিস্থাপন কৰা উচিত। ফলস্বৰূপে দশকজোৰা বিকাশৰ স্থবিৰতা, প্ৰতিষ্ঠানিক অৱক্ষয় আৰু যিসকলে ধৰ্মৰ কথা ক’বলৈ সাহস কৰিছিল, তেওঁলোকৰ মুখ বন্ধ কৰা আদি সংস্কৃতিয়ে বংগৰ বহুত্ববাদী আত্মাৰ বিৰোধিতাই কৰা নাছিল, বৰং সম্পূৰ্ণ কৰিছিল।

সদ্যসমাপ্ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনৰ ফলাফলক কেৱল নিৰ্বাচনী জনাদেশ হিচাপেহে চোৱা অনুচিত। যিসকলে বংগক ইয়াৰ শিপা আৰু মূল্যবোধৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে তেওঁলোকৰ বিৰুদ্ধে ই এক ৰাজহুৱা জনাদেশ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন কেতিয়াও ক্ষমতাৰ যুঁজ নাছিল। হৃত গৌৰৱ পুনৰুদ্ধাৰৰ এক পবিত্ৰ প্ৰচেষ্টা—এক যজ্ঞ আছিল।

বেলুৰ মঠৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ সম্পৰ্ক, স্বামী বিবেকানন্দৰ প্ৰতি তেওঁৰ সন্মান, সুশাসনক সেৱা হিচাপে, সেৱাক পূজা হিচাপে উপস্থাপন কৰা ইত্যাদিবোৰৰ ৰাজনৈতিক বক্তব্য নাছিল। সেইবোৰে বংগক নিজৰ অতীতৰ গৌৰৱ পুনৰুদ্ধাৰ কৰি গৌৰৱময় আৰু সুৰক্ষিত ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। সেইবোৰ হৈছে ‘প্ৰধান ধৰ্ম’ অনুসৰণ কৰা এজন ‘প্ৰধান সেৱক’ৰ উদাহৰণ।

বংগ পুনৰুদ্ধাৰৰ বাবে চৈতন্য মহাপ্ৰভুৰ গীত গোৱা ঘাটসমূহৰ কাষে কাষে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে সপোন দেখা বিদ্যালয়সমূহৰ বাবে ধন আগবঢ়াব লাগিব। যুগ যুগ ধৰি ভাৰতক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱা দেশত উৎকৃষ্ট বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব লাগিব। পশ্চিমবংগৰ সকলো জনজাতীয় ভাই-ভনীক মৰ্যাদা প্ৰদান কৰিব লাগিব। বংগৰ শাসকীয় দলৰ হাতত দীৰ্ঘদিন ধৰি মাহী আয়ে কৰাৰ দৰে নিৰ্যাতন ভুগি থকা পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ আকাংক্ষাক গুৰুত্ব দিব লাগিব।

হে নুতন, হে নতুন পুৰুষ-নিজকে পুনৰবাৰ প্ৰকট কৰা। এই প্ৰাৰ্থনাৰে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশনাত আৰু বংগৰ প্ৰতিগৰাকী ল’ৰা-ছোৱালীৰ আশীৰ্বাদত বংগৰ প্ৰথমখন বিজেপি চৰকাৰে এতিয়া নিজৰ ‘সেৱা’ পালন কৰিব। যোৱা অৰ্ধশতিকাত কিছু সময়ৰ বাবে এনে লাগিছিল যেন বংগৰ ভাল দিনবোৰ পিছ পৰি আছে। আজি আগন্তুক সমৃদ্ধি আৰু শান্তিৰ এক নতুন জীৱনৰ প্ৰতিশ্ৰুতিৰে ইয়াৰ পুনৰ জন্ম হৈছে।

(লেখক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী)

The post বিশেষ লেখা : বংগত এক নতুন সূৰ্যোদয় first appeared on নিয়মীয়া বাৰ্তা.

বিশেষ লেখা : সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল!
-নৰেন্দ্ৰ মোদী

২০২৬ চনৰ আৰম্ভণিতে সোমনাথ মন্দিৰত প্ৰথম আক্ৰমণৰ সহস্ৰ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত সোমনাথ স্বাভিমান পৰ্বত অংশগ্ৰহণৰ বাবে সোমনাথ ভ্ৰমণ কৰিছিলো । ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে অহা ১১ মে’ত সোমনাথলৈ পুনৰ যাম। ছয় মাহতকৈও কম সময়ৰ ভিতৰতে সোমনাথৰ ইতিহাসৰ সৈতে জড়িত এই দুটা উল্লেখযোগ্য মাইলৰ খুঁটিৰ সাক্ষী হোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা।

সোমনাথে আমাক সভ্যতাৰ বাৰ্তা দিয়ে। ইয়াৰ সন্মুখৰ বিশাল সাগৰখনে আমাক কালজয়িতাৰ অনুভৱ দিয়ে। ঢৌবোৰে আমাক কয় যে ধুমুহা যিমানেই তীব্ৰ নহওক কিয়, বা জোৱাৰ-ভাটা যিমানেই অশান্ত নহওক কিয়, সদায় মৰ্যাদা আৰু শক্তিৰে সকলোৰে পুনৰুত্থান ঘটিব পাৰে। ঢৌবোৰ পাৰলৈ উভতি আহে, ই প্ৰতিটো প্ৰজন্মক যেন সোঁৱৰাই দিয়ে যে মানুহৰ উদ্যমক বেছিদিনলৈ দমন কৰি ৰাখিব নোৱাৰি।

আমাৰ প্ৰাচীন শাস্ত্ৰবোৰত কোৱা হৈছে- প্ৰভাসম চ পৰিক্ৰম্য পৃথ্বিক্ৰম সম্ভৱ। অৰ্থাৎ ঐশ্বৰিক প্ৰভাস (সোমনাথ)ক প্ৰদক্ষিণ কৰাটো সমগ্ৰ পৃথিৱী প্ৰদক্ষিণ কৰাৰ সমতুল্য! মানুহ ইয়ালৈ প্ৰাৰ্থনা কৰিবলৈ আহে, সেই সভ্যতাৰ আশ্চৰ্যজনক ধাৰাবাহিকতাও অনুভৱ কৰে, যাৰ শিখা কেতিয়াও নিৰ্বাপিত হোৱা নাই। সাম্ৰাজ্যবোৰৰ উত্থান-পতন হৈয়ে আছে, সময়-চক্ৰ সলনি হৈছে, বিজয় আৰু অস্থিৰতাৰ সময়ছোৱাৰ মাজেৰে পাৰ হৈ গৈছে ইতিহাস, তথাপি সোমনাথ আমাৰ চেতনাত অটল হৈ আছে।

অত্যাচাৰৰ সন্মুখত দৃঢ়তাৰে থিয় দি থকা অগণন মহান ব্যক্তিসকলক স্মৰণ কৰাৰ এয়াই সময়। ইয়াৰ ভিতৰত প্ৰভাসক দৰ্শনৰ এক মহান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা লাকুলিছা আৰু সোম শৰ্মান উল্লেখযোগ্য। বল্লভীৰ চতুৰ্থ চক্ৰৱৰ্তী মহাৰাজ ধাৰসেনাই তাত কেইবাশতিকাৰ আগতে দ্বিতীয়টো মন্দিৰ নিৰ্মাণ কৰিছিল। আগ্ৰাসনৰ বিৰুদ্ধে সভ্যতাৰ সন্মান ৰক্ষা কৰাৰ বাবে ভীম দেৱ, জয়পাল আৰু আনন্দপাল সদায় স্মৰণীয় হৈ থাকিব। ৰজা ভোজেও ইয়াক পুনৰ নিৰ্মাণ কৰাত সহায় কৰা বুলি কোৱা হয়। গুজৰাটৰ ৰাজনৈতিক আৰু সাংস্কৃতিক শক্তি পুনৰুদ্ধাৰত কৰ্ণদেৱ আৰু সিদ্ধৰাজ জয়াসিংহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। ভৱ বৃহস্পতি, কুমাৰপাল সোলাংকী আৰু পাশুপাত আচাৰ্যসকলে এই তীৰ্থ পুনৰ নিৰ্মাণ কৰি পূজা আৰু শিক্ষাৰ এক মহান কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰিছিল। বিশালদেৱ ৱাঘেলা আৰু ত্ৰিপুৰাণ্টাকে ইয়াৰ বৌদ্ধিক আৰু আধ্যাত্মিক পৰম্পৰা ৰক্ষা কৰিছিল। মহিপালদেৱ আৰু ৰা খাংগৰে ইয়াত পূজা-অৰ্চনা বিনষ্ট হোৱাৰ পিছত ইয়াক পুনৰুজ্জীৱিত কৰাত মুখ্য ভূমিকা পালন কৰিছিল। ৩০০ বছৰীয়া জয়ন্তী উদযাপন কৰা পুণ্যশ্লোক অহিল্যাবাই হোলকাৰে অতি জটিল সময়তো ভক্তিৰ ধাৰাবাহিকতা নিশ্চিত কৰিছিল। তীৰ্থযাত্ৰীৰ অধিকাৰ ৰক্ষা কৰা বৰোদাৰ গায়েকৱাড়সকলো আছিল অন্যতম। নিঃসন্দেহে বীৰ হামিৰজী গোহিল আৰু বীৰ ভেগদাজী ভীলৰ দৰে সাহসী ব্যক্তিক স্মৰণ কৰি আজি আমাৰ ভূমি ধন্য; যাৰ ত্যাগ আৰু সাহস হৈ পৰিছে সোমনাথৰ জীৱন্ত স্মৃতিৰ অংগ।

১৯৪০ চনত সমগ্ৰ ভাৰততে স্বাধীনতাৰ মনোভাব বিয়পি পৰাত আৰু চৰ্দাৰ পেটেলৰ দৰে মহান ব্যক্তিৰ নেতৃত্বত নতুন গণৰাজ্যৰ ভেটি স্থাপন হোৱাৰ লগে লগে এটা কথাই তেওঁক অহৰহ অশান্তি দিছিল, সেয়া হৈছে সোমনাথৰ অৱস্থা। ১৯৪৭ চনৰ ১৩ নৱেম্বৰত দীপাৱলীৰ সময়ত তেওঁ মন্দিৰৰ ছিন্ন-ভিন্ন ধ্বংসাৱশেষৰ কাষত হাতত সাগৰৰ পানী লৈ থিয় হৈ প্ৰতিজ্ঞা কৰে, “(গুজৰাটী) নৱবৰ্ষৰ এই শুভক্ষণ উপলক্ষে আমি সিদ্ধান্ত লৈছো যে সোমনাথৰ পুনৰ নিৰ্মাণ কৰা হ’ব। আপোনালোক সৌৰাষ্ট্ৰবাসীয়ে যৎপৰোনাস্তি চেষ্টা কৰক। এইটো এটা পৱিত্ৰ কাম, য’ত সকলোৱে অংশগ্ৰহণ কৰা উচিত।” ইয়াৰ ফলত কেৱল গুজৰাটৰ জনসাধাৰণেই নহয়, চৰ্দাৰ পেটেলৰ একক আহ্বানৰ প্ৰতি উৎসাহেৰে সঁহাৰি জনাইছিল সমগ্ৰ ভাৰতৰ জনসাধাৰণে।

দুৰ্ভাগ্যজনকভাৱে চৰ্দাৰ পেটেলে যি সপোনৰ বাবে ইমান তীব্ৰতাৰে যুঁজিছিল, সেই সপোন বাস্তৱায়িত কৰিবলৈ ভাগ্যই চৰ্দাৰ পেটেলক সুযোগ নিদিলে। পুনৰনিৰ্মিত সোমনাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে মুকলি হোৱাৰ আগতেই তেওঁ এই পৃথিৱী এৰিছিল। তথাপি প্ৰভাস পাটনৰ পৱিত্ৰ পাৰত তেওঁৰ প্ৰভাৱ অনুভূত হৈয়ে থাকিল। তেওঁৰ সপোনক আগুৱাই লৈ গৈছিল নৱনগৰৰ জাম চাহেবৰ উদাৰ সহযোগিতা লাভ কৰা শ্ৰী কে. এম. মুন্সীয়ে। ১৯৫১ চনত মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ড°ৰাজেন্দ্ৰ প্ৰসাদক ইয়াৰ উদ্বোধনী অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লোৱা হয়। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৰ তীব্ৰ বিৰোধিতা সত্ত্বেও ড°প্ৰসাদে তেওঁৰ উপস্থিতিৰে শোভাবৰ্ধন কৰি অনুষ্ঠানটোক আৰু অধিক বিশেষ তথা ঐতিহাসিক কৰি তুলিছিল।

মোৰ মনত আছে, ২০০১ চনৰ অক্টোবৰত যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিলো, একেটা বৰ্ষৰে ৩১ অক্টোবৰত চৰ্দাৰ পেটেলৰ জয়ন্তীৰ দিনা গুজৰাট চৰকাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰাৰ গৌৰৱ লাভ কৰিছিল। এই অনুষ্ঠান ভক্তসকলৰ বাবে সোমনাথ মন্দিৰ মুকলি কৰাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হৈছিল। কাকতালীয়ভাৱে এই অনুষ্ঠানটো আছিল চৰ্দাৰ পেটেলৰ ১২৫সংখ্যক জয়ন্তীৰ লগত সংগতিপূৰ্ণ। উক্ত অনুষ্ঠানত উপস্থিত আছিল তদানীন্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ী আৰু তেতিয়াৰ গৃহমন্ত্ৰী শ্ৰী লালকৃষ্ণ আদৱানী।

১৯৫১ চনৰ ১১ মে’ত দিয়া ভাষণৰ সময়ত ড০ ৰাজেন্দ্ৰ প্ৰসাদে কয় যে সোমনাথ মন্দিৰে সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰে যে অতুলনীয় ভক্তি আৰু প্ৰেমৰ লগত জড়িত যিকোনো বস্তু কেতিয়াও ধ্বংস হ’ব নোৱাৰে। ৰাইজৰ অন্তৰত মন্দিৰটো সদায় সজীৱ হৈ থাকিব বুলিও আশা প্ৰকাশ কৰে তেওঁ। তেওঁ লগতে কয় যে মন্দিৰটো পুনৰুদ্ধাৰেৰে চৰ্দাৰ পেটেলৰ সপোন পূৰণ হৈছিল, কিন্তু সেই মনোভাবক আগুৱাই নিয়াৰ বাবে জনসাধাৰণৰ জীৱনলৈ সমৃদ্ধি ঘূৰাই অনাটো অপৰিহাৰ্য। এয়া আছিল তেওঁ আগবঢ়োৱা কিছুমান গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক বাৰ্তা।

এটা দশকৰো অধিক সময় ধৰি আমি এই পথ অনুসৰণ কৰি আহিছো। “উন্নয়নৰ লগতে ঐতিহ্য”ৰ নীতিৰ পৰা অনুপ্ৰাণিত হৈ আমাৰ দলটোৱে আমাৰ আধ্যাত্মিক কেন্দ্ৰসমূহ— সোমনাথৰ পৰা কাশীলৈ, কামাখ্যাৰ পৰা কেদাৰনাথলৈ, অযোধ্যাৰ পৰা উজ্জয়িনীলৈ, ত্ৰিম্বকেশ্বৰৰ পৰা শ্ৰীশৈলামলৈ— এইসমূহৰ পৰম্পৰাগত চৰিত্ৰ অক্ষুণ্ণ ৰাখি আধুনিক সুবিধাৰে সজ্জিত কৰাৰ সুযোগ লাভ কৰিছো। ইয়াৰ লগতে যোগাযোগ উন্নত কৰাৰ প্ৰচেষ্টাৰ জৰিয়তে অধিকসংখ্যক লোকে এই স্থানসমূহ ভ্ৰমণ কৰাটোও নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত স্থানীয় অৰ্থনীতি বৃদ্ধি পায়, মানুহৰ জীৱিকা সুৰক্ষিত হয় আৰু “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”ৰ মনোভাব সুগভীৰ হয়।

সোমনাথক ৰক্ষা কৰিবলৈ আৰু বাৰে বাৰে পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰাণ আহুতি দিয়াসকলৰ সংগ্ৰাম তথা ত্যাগ কেতিয়াও পাহৰিব নোৱাৰি। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন লোকে ইয়াৰ গৌৰৱ পুনৰুদ্ধাৰত অৰিহণা যোগাইছে। তেওঁলোকে ভাৰতৰ প্ৰতিটো অংশক পৱিত্ৰ বুলি গণ্য কৰে, ভূগোল অতিক্ৰম কৰা একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সঘনাই বহুধা বিভক্ত পৃথিৱীখনত এই ঐক্যৰ মনোভাব আগৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। সোমনাথে নিজৰ সমস্ত গৌৰৱৰে সদায় শিখৰত থিয় দিব। কাৰণ প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত একতাৰ মনোভাব আৰু সভ্যতাৰ চেতনা সজীৱ হৈ আছে। ইয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে হাজাৰ বছৰৰ এই অসাধাৰণ সাহসক স্মৰণ কৰি পৰৱৰ্তী সহস্ৰ দিনৰ বাবে সোমনাথত বিশেষ পূজা অনুষ্ঠিত হ’ব। এই পূজা-অৰ্চনাসমূহৰ বাবেও বহু লোকে দান-বৰঙণি আগবঢ়াইছে, সেয়া দেখি মনটো আনন্দৰে ভৰি পৰিছে।

এই বিশেষ সময়ত মোৰ সতীৰ্থ ভাৰতীয়সকলক সোমনাথ ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো। যেতিয়া আপুনি সোমনাথৰ পাৰত থিয় হ’ব, তেতিয়া ইয়াৰ প্ৰাচীন প্ৰতিধ্বনি অনুভৱ কৰিব। আপুনি কেৱল ভক্তিৰে আপ্লুত হোৱাই নহয়, চিৰদিনে অম্লান এক সভ্যতাৰ প্ৰবল স্পন্দন অনুভৱ কৰিব, যিটো অভেদ্য আৰু অটল। ইয়াৰ লগতে আপুনি ভাৰতৰ অজেয় মনোভাব অনুভৱ কৰিব আৰু বুজিব যে আমাৰ সংস্কৃতি কিয় সকলো বিপদৰ মাজতো অদম্য হৈ আছে, আৰু আপুনি চিৰন্তন বিজয়ৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ সুযোগ পাব। এয়া নিশ্চয় চিৰদিন স্মৰণীয় হৈ ৰ’ব।

জয় সোমনাথ।

(নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ লগতে শ্ৰী সোমনাথ ন্যাসৰো অধ্যক্ষ)

The post বিশেষ লেখা : সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল! first appeared on নিয়মীয়া বাৰ্তা.

৮ মে’ৰ পৰা ফাটবিহু : ঐতিহ্যৰ ভেটি চিকুণাই সাজু চাৰিকড়ীয়াৰ নদীৰ পাৰ
ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ আছে এক সুকীয়া সাতামপুৰুষীয়া ঐতিহ্য। এই নদীৰ পাৰতেই তাহানিৰে পৰাই ম’হঘুলি চাপৰিত উদযাপন কৰি অহা হৈছে ফাটবিহু।এইবাৰো ঐতিহ্যৰ ভেঁটি চিকুনাই অতাই সাজু হৈ উঠিছে চাৰিকড়ীয়াৰ পাৰ।

ঐতিহ্য আৰু পৰম্পৰাৰ বৰ্ণিল সমাহাৰেৰে শুকুৰবাৰ পৰা তিনিদিনীয়াকৈ উদযাপিত হ’ব ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু। ২০২৫ বৰ্ষৰ ফাটবিহু উৎসৱক লৈ এতিয়া অন্তহীন ব্যস্ততা পৰিলক্ষিত হৈছে সংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজৰ। পূৰ্ণগতিত যুদ্ধকালীন প্ৰস্তুতি চলিছে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰিত।

চূণ-তেল সানি ন-ৰূপত সজাই তোলা হৈছে ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰি। ইতিমধ্যে অসমৰ সাংস্কৃতিক জগতত একক আৰু অনন্য স্থান দখল কৰা ফাটবিহু ২০২৬ বৰ্ষত দুই লক্ষাধিক বিহুপ্ৰেমীৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয়া ব্যৱস্থা সাজু কৰি তুলিছে উদযাপন সমিতিয়ে।

লগতে দূৰণিৰ পৰা আহিব লগা আলহী-অতিথিক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতিৰ সমান্তৰালকৈ ফাটবিহু সমিতি।প্ৰায় ৩০লক্ষ বাজেট গ্ৰহণ কৰি ঐতিহাসিক বিহুখনি সাফল্য কৰি তুলিবলৈ গঠন কৰা ১১ খনকৈ শক্তিশালী উপ সমিতিয়ে দিনে- নিশাই উজান দিছে নিজ নিজ কৰ্মত।

ফাটবিহু বাকৰিত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক প্ৰশান্ত হাজৰিকাৰ উপস্থিতিত সংবাদমেলত উদযাপন সমিতিৰি সম্পাদক হেমন্ত গগৈয়ে ইতিমধ্যে ৯০ শতাংশ অতিথি গৃহ,ভোজন গৃহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা বুলি অৱগত কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক বিহুদলে ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বুলি অংশগ্ৰহন কৰিব বুলি জনাইছে।।

ইয়াৰ সমান্তৰালকৈ সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণ বয়স্ক হুঁচৰি প্ৰতিযোগিতাত কুৰিটাৰো অধিক বিহু দলৰ লগতে দেউৰী,সোণোৱাল কছাৰী আৰু মিচিং কৃষ্টি দলে অংশগ্ৰহণ কৰিব বুলি সংবাদমেলযোগে অৱগত কৰে।।

ইফালে প্ৰায় চাৰি শতাধিক জাতীয় সাজপাৰ পৰিহিত স্বেচ্ছাসেৱকে ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্য্যসূচীৰ আয়োজনৰ পৰিচালনা নিয়ন্ত্ৰণ কৰিব।তদুপৰি অন্তিম দিনৰ সাংস্কৃতিক শুভাযাত্ৰাত ৰাজ্যৰ প্ৰায়বোৰ জনগোষ্ঠীয় কৃষ্টি দলে অংশগ্ৰহণ কৰিব। দুৰ দুৰণিৰ অতিথিক আপ্যায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা,জলপান আৰু বিভিন্ন পৰম্পৰাগত খাদ্যৰ।

চালে চকুৰোৱা সেউজ প্ৰাকৃতিক পৰিৱেশৰ মাজত ৮ ৰ পৰা ৯ মে’লৈ প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি। ম’হঘুলি চাপৰিৰ বিনন্দীয়া পৰিবেশত বিহুত উতলা হ’বলৈ সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজ। পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে সমিতিৰ বিষয়-ববীয়াই।

ইতিমধ্যে অসমীয়া সমাজ জীৱনত অনন্য আৰু সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ফাটবিহুক কেন্দ্ৰ কৰি এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ম’হঘুলি চাপৰিৰ বিহুৰ বাকৰি।সর্বজনবিদিত ফাটবিহুত জাতীয় সাজপাৰ পৰিধান কৰাটো এক চিৰাচৰিত নিয়ম আৰু পৰম্পৰাত পৰিণত হৈছে।

এই একবিংশ শতিকাৰ চকু চাট মৰা জাক -জমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ বিহুপ্ৰেমীক আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ প্ৰতিবেদন, ৭ মে’

The post ৮ মে’ৰ পৰা ফাটবিহু : ঐতিহ্যৰ ভেটি চিকুণাই সাজু চাৰিকড়ীয়াৰ নদীৰ পাৰ first appeared on নিয়মীয়া বাৰ্তা.

LPG ডেলিভাৰীৰ বাবে DAC নম্বৰ কি? কেনেদৰে লাভ কৰিব, নাপালে কি কৰিব—জানক সম্পূৰ্ণ তথ্য
ষ্ট্ৰেইট অৱ হৰমুজত উত্তেজনাৰ মাজতো চৰকাৰে স্পষ্ট কৰি কৈছে যে দেশজুৰি পেট্ৰ’লিয়াম সামগ্ৰী আৰু LPG-ৰ যোগান স্বাভাৱিকভাৱে চলি আছে। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জনোৱা মতে, দেশৰ কোনো ঠাইতেই LPG-ৰ ষ্টক শেষ হোৱা বুলি কোনো প্ৰতিবেদন পোৱা হোৱা নাই। এনে পৰিস্থিতিত LPG ডেলিভাৰীৰ বাবে ব্যৱহাৰ কৰা DAC ব্যৱস্থাৰ বিষয়ে জনা অত্যন্ত গুৰুত্বপূৰ্ণ।

DAC (Delivery Authentication Code) হৈছে এটা সুৰক্ষা কোড, যাৰ জৰিয়তে LPG চিলিণ্ডাৰৰ সঠিক ডেলিভাৰী নিশ্চিত কৰা হয়। এই কোডটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত SMS বা WhatsApp-ৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ডেলিভাৰী সময়ত এই কোডটো ডেলিভাৰী কৰ্মীক জনাব লাগিব, তাৰ পাছতহে চিলিণ্ডাৰ প্ৰদান কৰা হয়। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে কলা বজাৰ আৰু ভুৱা ডেলিভাৰী বন্ধ কৰা।

আপুনি যেতিয়াই LPG চিলিণ্ডাৰ বুকিং কৰে, তেতিয়াই DAC নম্বৰ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়। যদি আপোনাৰ Indian Oil Corporation-ৰ Indane সংযোগ আছে, তেন্তে এই পদ্ধতিসমূহেৰে বুকিং কৰিব পাৰে—

Missed Call : 8454955555

SMS : “IOC” লিখি 7718955555 নম্বৰত পঠিয়াব

IVRS/Call : 7718955555

WhatsApp : IndianOil-ৰ অফিচিয়েল চেনেলৰ জৰিয়তে

বুকিং সম্পন্ন হোৱাৰ পাছতেই DAC নম্বৰ আপোনাৰ মোবাইলত প্ৰেৰণ কৰা হয়।

DAC নম্বৰ নাপালে কি কৰিব?

প্ৰথমে মোবাইল এপত চাওক : আপোনাৰ গেছ কোম্পানীৰ এপ যেনে- IndianOil One খুলি Refill History অংশত গৈ DAC নম্বৰ চাব পাৰে।

ডেলিভাৰী কৰ্মীৰ সহায় লওক : যদি আপোনাৰ ঘৰলৈ চিলিণ্ডাৰ আহি যায় কিন্তু DAC নাথাকে, তেন্তে ডেলিভাৰী কৰ্মীৰ এপত থকা “Generate DAC” অপশ্যনৰ জৰিয়তে নতুন কোড তৎক্ষণাৎ সৃষ্টি কৰিব পাৰে।

মোবাইল নম্বৰ আপডেট কৰক : যদি পুৰণি নম্বৰ বন্ধ হৈ গৈছে, তেন্তে ডেলিভাৰী কৰ্মীৰ সহায়ত নতুন মোবাইল নম্বৰ আপডেট কৰাব পাৰে। আপডেট হোৱাৰ লগে লগে নতুন DAC নম্বৰ লাভ কৰিব।

অভিযোগ ক’ত কৰিব?

যদি DAC নম্বৰ নাপায় বা ডেলিভাৰীত সমস্যা হয়, তেন্তে—

নিজৰ গেছ কোম্পানীৰ কাষ্টমাৰ কেয়াৰ নম্বৰত কল কৰক

গেছ কোম্পানীৰ মোবাইল এপত অভিযোগ দাখিল কৰক

অফিচিয়েল ৱেবছাইটত অভিযোগ জমা কৰক

নিজৰ LPG ডিষ্ট্ৰিবিউটৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক

ইফালে চৰকাৰে সাধাৰণ লোকক আহ্বান জনাইছে যে, আতংকৰ বশত পেট্ৰ’ল, ডিজেল আৰু LPG অধিক পৰিমাণে কিনাৰ পৰা বিৰত থাকক। গুজৱৰ পৰা সাৱধান থাকি কেৱল চৰকাৰী উৎসৰ তথ্যত বিশ্বাস ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে। লগতে LPG গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু ডিষ্ট্ৰিবিউটৰৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল

The post LPG ডেলিভাৰীৰ বাবে DAC নম্বৰ কি? কেনেদৰে লাভ কৰিব, নাপালে কি কৰিব—জানক সম্পূৰ্ণ তথ্য first appeared on নিয়মীয়া বাৰ্তা.

নির্জীৱ জীৱন
🔹 ড০ পার্থসাৰথি মহন্ত

মানুহৰ জীৱন দুটা– এটা দেখা পায়, জুখিব পাৰি– আনটো অকথিত, নীৰৱে ৰৈ থাকে৷ বেছিভাগ মানুহেই প্রথমটোৰ লগত জীয়াই থাকে, দ্বিতীয়টোক ভালকৈ লগেই নাপায়৷

জীৱন প্রত্যেকেই উদযাপন কৰিব নোৱাৰে৷ অনেকৰে জীৱন শেষ হয় অনুশোচনাত৷ কিছুমান অন্ত হয় নীৰৱ প্রশ্ণত৷

মানুহজন জীয়াই থাকে, কিন্তু সেই জীৱনটোত প্রাণ নাই– এক নির্জীৱ জীৱন৷

কোনোবাই নিজৰ চাকৰিটো, বৃত্তিটো ভাল পায়– কিন্তু কেতিয়াও সলাব/এৰিব নোৱাৰিলে৷ কোনোবা নাৰীয়ে জীৱনত কৰি অহা ত্যাগৰ কথা কেতিয়াও নক’লে৷ আপাতদৃষ্টিত স্বাভাৱিক যেন লাগে, কিয়নো জীৱনটো দেখাত ঠিকেই চলি থাকে৷ কিন্তু ভিতৰৰ ক’ৰবাত এটা অংশ স্পর্শ নোহোৱাকৈয়ে থাকি যায়– কেতিয়াও খোল নোখোৱা এটা বন্ধ কোঠাৰ দৰে৷ নির্জীৱ জীৱন৷

নির্জীৱ জীৱনে নিজকে ঘোষণা নকৰে৷ মাত নাই৷ ধূলিৰ দৰে মনে মনে থিতাপি লয়৷ এটা আপোচ, পাছত কৰিম বুলি এটা সিদ্ধান্ত আৰু আমি উপলব্ধি কৰাৰ আগতেই বছৰবোৰ পাৰ হৈ যায়৷

আমাক সৰুৰে পৰা নিৰাপদে জীয়াই থাকিবলৈ শিকোৱা হয়৷ আৱেগ নহয়, স্থিৰতা বাছি ল’বলৈ কোৱা হয়৷ নিজে বিচৰাতকৈ আনে ভাল দেখা কাম কৰিবলৈ কোৱা হয়৷ কঠোৰভাৱে কোনেও নকয়– কোনো জোৰ–জবৰদস্তি নাই৷ কিন্তু আনৰ লগত কৰা তুলনাৰ জৰিয়তে, তেওঁলোকৰ পৰা কৰা আশাৰ জৰিয়তে বুজাই দিয়া হয় আৰু আমি লাহে লাহে আমাৰ ভিতৰৰ কিছু অংশ নিস্তব্ধ কৰিবলৈ শিকো৷ নিজে বিচৰাৰ কাৰণে নহয়৷ আন সকলোৰে লগত থাকিব খোজা কাৰণে৷

অৱশেষত এটা মুহূর্ত আহে যেতিয়া নির্জীৱ জীৱনে উশাহ বিচাৰে৷ নিস্তব্ধ ৰাতি অকলে থাকোঁতে এই মুহূর্ত আহিব পাৰে, নিখুঁত যেন লগা সফলতাৰ মাজতো আহিব পাৰে, আন কাৰোবাক আমি মনে বিচৰা কামটো কৰি থকা দেখিলে আহিব পাৰে৷ লগে লগে আমাৰ মনলৈ আহে ‘যদি’বোৰ আৰু ‘হেঁতেন’বোৰ৷ যদি মই সাহস কৰিলোঁহেঁতেন, যদি মই নিজৰ কথা শুনিলোঁহেঁতেন– তেন্তে কি কি যে হ’লহেঁতেন এই প্রশ্ণবোৰে খুলি দিয়ে আমি সাৱধানে বন্ধ কৰি ৰখা এখন দুৱাৰ৷

নির্জীৱ জীৱনটো কেৱল ডাঙৰ ডাঙৰ সপোনৰ কথা নহয়৷ দৈনন্দিন জীৱনৰ সৰু সৰু কথা–বতৰাও হ’ব পাৰে৷ যেনে– কিছুমান কথা–বতৰা আমি এৰাই চলোঁ, কিছুমান কথাত আমি কেতিয়াও ক্ষমা নিবিচাৰোঁ, ক্ষমা নকৰোঁ৷ জীৱনটো কেৱল কৃতিত্বয়ে গঢ় নিদিয়ে– সাহসৰ এই সৰু সৰু মুহূর্তবোৰেও প্রভাৱিত কৰে৷ এইবোৰ আমি যেতিয়া হেৰুৱাই পেলাওঁ, আমাৰ ভিতৰৰ কিবা এটা অসম্পূর্ণ হৈয়ে থাকি যায়৷

বাহিৰৰ পৰা সম্পূর্ণ দেখা অথচ ভিতৰৰ পৰা অসম্পূর্ণ অনুভৱ কৰা জীৱনৰ এক অদ্ভুত যন্ত্রণা আছে৷ কেৰিয়াৰ, পৰিয়াল, সুনাম সকলো থাকিব পাৰে৷ দেখাত একো ভুল হোৱা নাই৷ তথাপি কিবা এটা হেৰাই যোৱা যেন লাগে৷ যেন এটা সম্পূর্ণকৈ মনত পেলাব নোৱাৰা গীত৷ এয়াই হৈছে নির্জীৱ জীৱনৰ বেদনা৷

আমি প্রায়ে এই অনুভৱ অনুভূত হ’বলৈ নিদিওঁ৷ নিজকে ব্যস্ত কৰি ৰাখোঁ৷ নিজকে পতিয়ন নিয়াও যে জীৱনটো এনেকুৱাই হ’ব লাগে৷ আমাতকৈ কম থকাসকলৰ লগত নিজকে তুলনা কৰোঁ আৰু পৰিতৃপ্তি লাভ কৰোঁ৷ কাৰণ নির্জীৱ জীৱনক মানি ল’বলৈ আমি কি কি পৰিত্যাগ কৰিলোঁ স্বীকাৰ কৰিব লাগিব আৰু তাৰ বাবে সাহসৰ প্রয়োজন৷

এই কাহিনীৰ খলনায়ক কোন? সমাজ, পৰিয়াল নে পৰিস্থিতি আচল কথাটো হ’ল– অকলে কোনো দায়ী নহয়– সকলো সমানে দায়ী৷ বহু সৰু সৰু আপোচ, আত্মসমর্পণৰ ফল নির্জীৱ জীৱন৷ যিদিনা আমি মনৰ কথা কোৱাৰ সলনি মৌনতা বাছি লৈছিলোঁ, যিদিনা আমি সমৃদ্ধিৰ সলনি আৰাম বাছি লৈছিলোঁ, যিদিনা আমি সম্ভাৱনাৰ সলনি ভয় বাছি লৈছিলোঁ– এইবোৰ সৰু কথা যেন লাগিছিল৷ কিন্তু আমাৰ জীৱনৰ এফাল নির্জীৱ হৈ পৰিছিল৷

সময়ে নিজস্ব ধৰণে পিছে কথাবোৰ স্পষ্ট কৰি দিয়ে৷ এটা সময়ত যিটো সঠিক ব্যৱহাৰিক সিদ্ধান্ত যেন লাগিছিল এটা সময়ত সেয়া আপোচৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ এটা সময়ত যিটো পৰিপক্বতা যেন লাগিছিল, সেয়া দমনৰ দৰে অনুভৱ হ’বলৈ আৰম্ভ কৰে৷ তাৰ পাছত এদিন আমি উপলব্ধি কৰোঁ–আমি জীৱনটো কটালোঁ, উদযাপন কৰিব নোৱাৰিলোঁ৷

নির্জীৱ জীৱনটো নোহোৱা হৈ নাযায়৷ ৰৈ যায়, কেৱল অনুশোচনা হিচাপেই নহয়, এক নীৰৱ উপস্থিতি হিচাপে৷ কেতিয়াবা ই অস্থিৰতা হৈ দেখা দিয়ে, কেতিয়াবা বুজাব নোৱাৰা দুখৰ দৰে, কেতিয়াবা কাৰণ নোহোৱা বিৰক্তি হিচাপে৷ আমি ভাবোঁ এয়া মানসিক চাপ৷ কিন্তু আচলতে আমাৰ ভিতৰৰ নির্জীৱ অংশটোৱে জীৱন বিচাৰে৷ এতিয়াও অপেক্ষা কৰি আছে৷

বহু দেৰি হৈ গ’ল বুলি এটা ভুল ধাৰণা আছে৷ এবাৰ এটা পথ বাছি ল’লে সেইটো সলনি কৰিব নোৱাৰি৷ এবাৰ পাৰ হৈ গ’লে আকৌ পাব নোৱাৰি৷ এটা সাত্ব্ন্না৷ সঁচা কিন্তু নহয়৷ আমি পিছলৈ ঘূৰি গৈ হেৰুৱাই পেলোৱা জীৱনটো পুনৰ নাপাব পাৰোঁ, কিন্তু এতিয়াও কিছু পাব পাৰোঁ৷

নির্জীৱ জীৱনে সিদ্ধতা নিবিচাৰে– প্রকাশ বিচাৰে৷ সকলো এৰি দি জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ নকয়, নাটকীয় পৰিৱর্তন নিবিচাৰে৷ সহজ কিবা এটা বিচাৰে৷ নতুন কিবা এটা চেষ্টা কৰিব বিচাৰে৷ এসময়ত ভাল পোৱা বস্তুটোৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিব বিচাৰে৷ নিজৰ ফালে এখোজ যাব বিচাৰে৷

সাহস লাগে, সংলাপ নোহোৱাকৈয়ে৷ নীৰৱে আৰম্ভ কৰিব লাগে সৰু সৰু কথাৰ পৰা৷ আগতে যিটো দমন কৰিছিল, এতিয়া অনুভৱ কৰিব লাগে৷ বিৱর্তন হ’বলৈ দিব লাগে৷ অসম্পূর্ণতা মানি বিৱর্তনশীল হ’ব লাগে৷ প্রত্যেকৰে জীৱনত কিছু ছাঁ থাকে৷ চকুত নপৰে৷ লুকাই থাকে৷ সলনি কৰিবলৈ একো বৈপ্লৱিক চেষ্টা কৰিব নালাগে৷ বাকী থকা দিনবোৰৰ সংজ্ঞা নিৰূপণ কৰিব লাগে৷

প্রশ্ণটো মই কি হেৰুৱালোঁ, কিয় যে হেৰুৱালোঁ নহয়৷ প্রশ্ণটো হ’ল এতিয়া মই কিমান পাব পাৰোঁ৷ জীৱনটো কি নাপালোতে শেষ হৈ নাযায়৷ জীৱন নির্ভৰ কৰে এতিয়া মই কি কৰিম তাৰ ওপৰত৷ কাৰণ জীৱনটো কেৱল জীয়াই থকা বা সফলতাৰ কথা নহয়৷ বাহ্যিক জীৱন আৰু আভ্যন্তৰীণ জীৱনৰ সমন্বয়ৰ কথা৷ আমি বর্তমানত জীয়াই থকা জীৱন আৰু কল্পনা কৰা জীৱনৰ মাজৰ ব্যৱধান হয়তো সম্পূর্ণৰূপে নোহোৱা কৰিব নোৱাৰিব পাৰোঁ৷ কিন্তু কমাব পাৰোঁ৷ এঢাপ এঢাপকৈ৷

এটা দিন আহিব যিদিনা সকলো নিস্তব্ধ হৈ পৰিব– বাহিৰ–ভিতৰ সকলো৷ এটাই মাত্র প্রশ্ণ গুঞ্জৰিত হৈ থাকিব–কিমান দিন জীয়াই থাকিলোঁ নহয়, নিজৰ মতে কিমানখিনি জীয়াই থাকিলোঁ৷

The post নির্জীৱ জীৱন first appeared on নিয়মীয়া বাৰ্তা.