নীতিশ কুমাৰ
ভাৰতৰ দৰে এখন বিশাল আৰু প্ৰতিযোগিতাপূৰ্ণ গণতন্ত্ৰত জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰাটো অতি কঠিন আৰু ইয়াক ধৰি ৰখাটো তাতকৈও অধিক জটিল। তথাপিও, নিৰন্তৰ ৰাজনৈতিক প্ৰত্যাহ্বান আৰু তীব্ৰ জনসাধাৰণৰ পৰ্যবেক্ষণৰ মাজতো নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ আস্থা ধাৰাবাহিকভাৱে লাভ কৰি আহিছে। ভাৰতৰ আটাইতকৈ দীৰ্ঘকাল ধৰি ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈ তেওঁ গণতান্ত্ৰিক ৰাজনীতিত এক নতুন মানদণ্ড স্থাপন কৰিছে।
যদিও আমি ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছোঁ, প্ৰধানমন্ত্ৰী মোদী আৰু মই এনে এটা প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰোঁ, যাৰ ৰাজনৈতিক চেতনা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাতে গঢ় লৈ উঠিছিল। আমি গণতান্ত্ৰিক স্বাধীনতাৰ ওপৰত হোৱা আঘাতক অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিলোঁ আৰু তাক পুনৰুদ্ধাৰ কৰাৰ বাবে গঢ়ি উঠা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ বহুতৰে বাবে সেই সংগ্ৰামখন কেৱল এটা ৰাজনৈতিক ঘটনাই নাছিল, বৰঞ্চ সেয়া আছিল এক গঠনমূলক অভিজ্ঞতা, যিয়ে ৰাজহুৱা জীৱন আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আমাৰ বোধগম্যতাক এক নতুন ৰূপ দিছিল।
কেইবা দশক ধৰি দেশত এটা ধাৰণা প্ৰচলিত আছিল যে দেশৰ সৰ্বোচ্চ পদসমূহ কেৱল একাংশ বিশেষাধিকাৰপ্ৰাপ্ত লোক বা প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰা সকলৰ বাবেহে সংৰক্ষিত। প্ৰধানমন্ত্ৰী মোদীৰ জীৱন যাত্ৰাই এই ধাৰণাক নসাৎকৰিছে। এক অতি সাধাৰণ পৰিৱেশৰ পৰা উঠিআহি দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদবীত অধিষ্ঠিত হোৱা তেওঁৰ এই যাত্ৰা কোটি কোটি যুৱ ভাৰতীয়, বিশেষকৈ সাধাৰণ পটভূমিৰ পৰা অহা সকলৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। তেওঁৰ কাহিনীয়ে এই বিশ্বাসক পুনৰ দৃঢ় কৰে যে এখন সজীৱ গণতন্ত্ৰত দৃঢ় সংকল্প, কঠোৰ পৰিশ্ৰম আৰু যোগ্যতাই জন্ম তথা পৰিস্থিতিৰ হেঙাৰ নেওচিব পাৰে। সেই অৰ্থত, এই মাইলৰ খুঁটিটো কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বই নহয়, বৰঞ্চ ভাৰতীয় গণতন্ত্ৰৰ শক্তি আৰু উদাৰতাৰ এক শক্তিশালী প্ৰমাণ।
ড° ৰাম মনোহৰ লোহিয়া, লোকনায়ক জয়প্ৰকাশ নাৰায়ণ আৰু বহুতো মহান সমাজবাদী নেতাৰ এজন অনুগামী হিচাপেমই সদায় ৰাজনীতিক জনকল্যাণৰ এক মাধ্যম হিচাপে প্ৰত্যক্ষ কৰি আহিছোঁ। মানুহক দৰিদ্ৰতাৰ পৰা মুক্ত কৰি এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰাত সহায় কৰাটো যিকোনো ৰাজনৈতিক নেতাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰ হোৱা উচিত। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ এক চিত্তাকৰ্ষক অভিলেখ আছে। দৰিদ্ৰতা নিৰ্মূলকৰণৰ ওপৰত তেওঁৰ তীব্ৰ মনোযোগৰ বাবেই এনডিএ চৰকাৰে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰিছে।
শৌচাগাৰ, বেংক একাউণ্ট, ঘৰ, গেছ সংযোগ, টেপৰ পানী, স্বাস্থ্য বীমাৰ সুবিধা আৰু আন বহুতো মৌলিক প্ৰয়োজনীয়তা কোটি কোটি মানুহৰ ওচৰ পাইছেগৈ। অনুসূচিত জাতি, অনুসূচিত জনজাতি, পিছপৰা শ্ৰেণী, অতি পিছপৰা শ্ৰেণী, মহিলা, দৰিদ্ৰ পৰিয়াল আৰু উন্নয়নমূলক আঁচনিসমূহৰ প্ৰথম প্ৰজন্মৰ হিতাধিকাৰীসকলৰ এক বৃহৎ অংশই এতিয়া নিজকে ভাৰতৰ প্ৰগতিৰ কাহিনীৰ সক্ৰিয় অংশীদাৰ হিচাপে দেখিবলৈ লৈছে। বিশেষ আঁচনিসমূহৰ জৰিয়তে যুৱ প্ৰজন্মই লাভ কৰিছে নতুন উদ্যমিতাৰসুযোগ। এই শ্ৰেণীসমূহক ৰাষ্ট্ৰীয় উন্নয়নৰ মূল সুঁতি লৈ অনাই যে সামাজিক ন্যায় নিশ্চিত কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অনুঘটক হিচাপে কাম কৰিছে, সেই লৈ মোৰ কোনো সন্দেহ নাই।
প্ৰধানমন্ত্ৰী মোদীয়ে মহিলাৰ কল্যাণ আৰু মৰ্যাদাৰ ওপৰত দিয়া গুৰুত্ব মই নিজেও প্ৰত্যক্ষ কৰিছোঁ। তেওঁৰ বহুতো আঁচনিয়ে পোনপটীয়াকৈ মহিলাসকলক উপকৃত কৰিছে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ কষ্ট লাঘৱ কৰিছে। বিহাৰত মোৰ এই অভিজ্ঞতা হৈছে যে যেতিয়া মহিলাসকলক উন্নয়নমূলক প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত ৰখা হয়, তেতিয়া সমাজখন অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ে। সেইবাবেই হয়তো বিহাৰত আমাৰ ‘জীৱিকা’ অভিজ্ঞতা পৰীক্ষাৰ সফলতাৰ কথা এতিয়া বিশ্বজুৰি চৰ্চিত হৈছে।
বহু বছৰ ধৰি মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ বাবেপ্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ আঁচনিৰ লাভালাভসমূহ নিশ্চিতভাৱে লৈ যোৱাৰ প্ৰত্যাহ্বানসমূহ মই ভালদৰে জানো। কেৱল সৎ উদ্দেশ্য থকাটোৱেই পৰ্যাপ্ত নহয়, ইয়াৰ কাৰ্যকৰী ৰূপায়ণহে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই এইটোও দেখিছোঁ যে কেনেকৈ নীতিগত সিদ্ধান্তসমূহক তৃণমূল পৰ্যায়ত বাস্তৱায়িত কৰিবলৈ নিৰন্তৰ নিৰীক্ষণ, সংস্কাৰ, প্ৰশাসনিক মনোযোগ আৰু প্ৰতিটো সৰু কথাৰ প্ৰতি সজাগতাৰ প্ৰয়োজন হয়।
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ এক অন্যতম বৈশিষ্ট্য হৈছেসুশাসনে যাতে নাগৰিকসকলৰ বাবে দৃশ্যমান ফলাফল কঢ়িয়াই আনে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা। কল্যাণকামী আঁচনি, আন্তঃগাঁথনিৰ উন্নয়ন বা জনসেৱা প্ৰদান, যিয়েই নহওক কিয়, তেওঁ ধাৰাবাহিকভাৱে দক্ষতা, স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত গুৰুত্ব দি আহিছে। প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ, প্ৰত্যক্ষ লাভালাভ হস্তান্তৰআৰু শক্তিশালী নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে নীতি প্ৰণয়ন আৰু ইয়াৰ ৰূপায়ণৰ মাজত থকা ব্যৱধান বহু পৰিমাণে হ্ৰাস পাইছে। চৰকাৰী সাহায্যসমূহ কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ মানুহৰ ওচৰলৈ অধিক ফলপ্ৰসূভাৱে যোৱাৰ বাবে প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস সুদৃঢ় হৈছে। নাগৰিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ যোগাযোগ আৰু বাৰ্তালাপে এই বিশ্বাসক অধিক শক্তিশালী কৰি তুলিছে, যিয়ে চৰকাৰ আৰু জনসাধাৰণৰ মাজত এক গভীৰ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক যাত্ৰাত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে এক সুদীৰ্ঘ আৰু সফল কাৰ্যকাল অন্তৰ্ভুক্ত হৈ আছে। আচলতে, অতি সোনকালেই তেওঁ এখন নিৰ্বাচিত চৰকাৰৰ মুৰব্বী হিচাপে ধাৰাবাহিকভাৱে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰিব। ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অভিজ্ঞতাই তেওঁক ৰাজ্যসমূহৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকক সহযোগিতা কৰাৰ গুৰুত্বৰ বিষয়ে এক গভীৰ জ্ঞান প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকাল সমবায় যুক্তৰাষ্ট্ৰবাদৰ প্ৰতি থকা এক শক্তিশালী প্ৰতিশ্ৰুতিৰ বাবে চিহ্নিত হৈছে।
মোৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালতমই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে ৰাজনৈতিক পৰিস্থিতি যিয়েই নহওক কিয়, বিহাৰৰ উন্নয়নৰ বাবে তেওঁ সদায় সহযোগিতাৰ হাত আগবঢ়াইছে। মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰোঁ যে ২০২৪-২৫ আৰু ২০২৫-২৬ চনৰ বাজেটত বিহাৰে অভূতপূৰ্ব সহায় লাভ কৰিছিল, যাৰ ভিতৰত মখনা বোৰ্ড আৰু ভগলপুৰত শক্তি প্ৰকল্প স্থাপন, বান ব্যৱস্থাপনাৰ বাবে পুঁজি আৰু বহুসংখ্যক আন্তঃগাঁথনিমূলক প্ৰকল্প উল্লেখযোগ্য।
বিহাৰৰ অনন্য সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ অপৰিসীম শ্ৰদ্ধা আছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তিসকলক বিহাৰৰ মখনা, মধুবাণী চিত্ৰকলা আৰু অন্যান্য সামগ্ৰী উপহাৰ দি বিশ্বমঞ্চত বিহাৰৰ ঐতিহ্যক প্ৰদৰ্শন কৰিছে। এইগৰাকী প্ৰধানমন্ত্ৰী মোদীয়েই জননায়ক কৰ্পূৰী ঠাকুৰক ‘ভাৰত ৰত্ন’ প্ৰদান কৰাটো নিশ্চিত কৰিছিল, যিটো আছিল কেইবাটাও দশক ধৰি অপূৰ্ণ হৈ থকা এক দীৰ্ঘদিনীয়া দাবী।
বিগত দশকটোত বিহাৰে কেইবাটাও বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ দ্বাৰা উপকৃত হৈছে। ২০১৪ চনৰ পূৰ্বৰ দশকটোৰ তুলনাত কেন্দ্ৰ চৰকাৰৰ পৰা লাভ কৰা সাহায্য আৰু বিনিয়োগৰ পৰিমাণ লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। গংগা নদীৰ ওপৰত গুৰুত্বপূৰ্ণ দলং নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ, বিমানবন্দৰৰ উন্নয়ন আৰু ৰে’লৱে আন্তঃগাঁথনিৰ দ্ৰুত আধুনিকীকৰণে বিহাৰৰ প্ৰগতিত ইন্ধন যোগাইছে। ৰে’লৱে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অহা অভূতপূৰ্ব পৰিৱৰ্তন বিশেষভাৱে প্ৰশংসনীয়, যিটো বিষয় মোৰ অন্তৰৰ সদায় অতি ওচৰৰ হৈ আহিছে। ‘বন্দে ভাৰত’ৰ দৰে নতুন ৰে’লৰ প্ৰৱৰ্তনে যাত্ৰা অধিক সহজ আৰু আৰামদায়ক কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ৰে’লৱেৰ বৈদ্যুতিকীকৰণ আৰু অন্যান্য আধুনিকীকৰণ প্ৰকল্পসমূহে এক উল্লেখনীয় গতি লাভ কৰিছে, যাৰ ফলত এক পৰিষ্কাৰ আৰু দক্ষ ৰে’ল নেটৱৰ্ক গঢ়ি উঠিছে।
মই সদায় দুৰ্নীতিৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি অনুসৰণ কৰি আহিছোঁ আৰু ইয়াক সমৰ্থন কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী দেশবাসীৰ ইমান প্ৰিয় হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁৰ নিষ্কলুষ ৰেকৰ্ড আৰু দুৰ্নীতিৰ বিৰুদ্ধে থকা দৃঢ় স্থিতি। কেইবাটাও দশক ধৰি ক্ষমতাৰ উচ্চ আসনত থকাৰ পিছতো নিজৰ সততাত দাগ লাগিবলৈ নিদিয়া এনেধৰণৰ নেতা সঁচাকৈয়ে বিৰল। প্ৰাতিষ্ঠানিক সংস্কাৰৰ জৰিয়তে দুৰ্নীতিৰ পথসমূহ বন্ধ কৰাৰ লগতেতেওঁ আইনী প্ৰক্ৰিয়াৰ জৰিয়তে দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদ আৰু বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰয়োজনীয় ৰাজনৈতিক ইচ্ছাশক্তিও প্ৰদৰ্শন কৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালৰ এক উল্লেখযোগ্য দিশ হৈছে বিশ্বমঞ্চত ভাৰতৰ প্ৰভাৱ আৰু মৰ্যাদা বৃদ্ধি পোৱাটো। এজন ভাৰতীয় হিচাপে, অৰ্থনীতি, জলবায়ু পৰিৱৰ্তন, প্ৰযুক্তি, স্বাস্থ্য বা পাৰস্পৰিক সহযোগিতা সম্পৰ্কীয় গোলকীয় বিষয়সমূহত আমাৰ কথাক আদৰণি আৰু সন্মান জনোৱা প্ৰত্যক্ষ কৰি মই গৌৰৱ অনুভৱ কৰোঁ। বিভিন্ন দেশ আৰু গোষ্ঠীসমূহৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে সদায় শান্তি আৰু প্ৰগতিৰ সপক্ষে থিয় দি আহিছে। ইয়াৰ ফলস্বৰূপে, একবিংশ শতিকাত বিশ্বজোৰা অৰ্থনৈতিক বিকাশৰ এক অন্যতম চালিকা শক্তি হিচাপে সমগ্ৰ বিশ্বই এতিয়া আমাৰ দেশৰ ফালে ভৰসাৰে চাই ৰৈছে।
ৰাজহুৱা জীৱনত কেইবা দশক অতিবাহিত কৰাৰ বাবে মই জানো যে নেতৃত্বৰ বাবে নিৰন্তৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু অনুশাসনৰ প্ৰয়োজন। ইয়াৰ বাবে অহৰহ ভ্ৰমণ, জনসাধাৰণৰ সৈতে নিয়মীয়া সম্পৰ্ক, চৰকাৰী কাৰ্যাৱলীৰ পুংখানুপুংখ পৰ্যালোচনা আৰু একে সময়তে এক বৃহৎ দূৰদৰ্শিতাৰ সৈতে সংযোগ ৰাখিব পৰা ক্ষমতাৰ প্ৰয়োজন হয়। প্ৰধানমন্ত্ৰী মোদীৰ ক্লান্তিহীন শক্তি আৰু নিষ্ঠাই তেওঁক ইমান সূদীৰ্ঘ সময় ধৰি দেশবাসীৰ আস্থা ধৰি ৰখাত সহায় কৰিছে।
ভাৰতৰ আটাইতকৈ দীৰ্ঘ দিন ধৰি ধাৰাবাহিকভাৱে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ এই ঐতিহাসিক ক্ষণটোত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা জীৱনৰ অৱদানক উদযাপন কৰাৰ লগতে তেওঁলৈ এনেধৰণৰ বহুতো সফলতা কামনা কৰাৰ এক শুভ সুযোগ। মই তেওঁক এই ঐতিহাসিক কৃতিত্বৰ বাবে অভিনন্দন জনাইছোঁ আৰু দেশৰ সেৱাত তেওঁৰ সুস্বাস্থ্য তথা ধাৰাবাহিক সফলতা কামনা কৰিছোঁ।
(লেখক ৰাজ্যসভাৰ এজন সদস্য আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী)