নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

LPG ডেলিভাৰীৰ বাবে DAC নম্বৰ কি? কেনেদৰে লাভ কৰিব, নাপালে কি কৰিব—জানক সম্পূৰ্ণ তথ্য

ষ্ট্ৰেইট অৱ হৰমুজত উত্তেজনাৰ মাজতো চৰকাৰে স্পষ্ট কৰি কৈছে যে দেশজুৰি পেট্ৰ’লিয়াম সামগ্ৰী আৰু LPG-ৰ যোগান স্বাভাৱিকভাৱে চলি আছে। পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জনোৱা মতে, দেশৰ কোনো ঠাইতেই LPG-ৰ ষ্টক শেষ হোৱা বুলি কোনো প্ৰতিবেদন পোৱা হোৱা নাই। এনে পৰিস্থিতিত LPG ডেলিভাৰীৰ বাবে ব্যৱহাৰ কৰা DAC ব্যৱস্থাৰ বিষয়ে জনা অত্যন্ত গুৰুত্বপূৰ্ণ।

DAC (Delivery Authentication Code) হৈছে এটা সুৰক্ষা কোড, যাৰ জৰিয়তে LPG চিলিণ্ডাৰৰ সঠিক ডেলিভাৰী নিশ্চিত কৰা হয়। এই কোডটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত SMS বা WhatsApp-ৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ডেলিভাৰী সময়ত এই কোডটো ডেলিভাৰী কৰ্মীক জনাব লাগিব, তাৰ পাছতহে চিলিণ্ডাৰ প্ৰদান কৰা হয়। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে কলা বজাৰ আৰু ভুৱা ডেলিভাৰী বন্ধ কৰা।

আপুনি যেতিয়াই LPG চিলিণ্ডাৰ বুকিং কৰে, তেতিয়াই DAC নম্বৰ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়। যদি আপোনাৰ Indian Oil Corporation-ৰ Indane সংযোগ আছে, তেন্তে এই পদ্ধতিসমূহেৰে বুকিং কৰিব পাৰে—

  • Missed Call : 8454955555
  • SMS : “IOC” লিখি 7718955555 নম্বৰত পঠিয়াব
  • IVRS/Call : 7718955555
  • WhatsApp : IndianOil-ৰ অফিচিয়েল চেনেলৰ জৰিয়তে

বুকিং সম্পন্ন হোৱাৰ পাছতেই DAC নম্বৰ আপোনাৰ মোবাইলত প্ৰেৰণ কৰা হয়।

DAC নম্বৰ নাপালে কি কৰিব?

প্ৰথমে মোবাইল এপত চাওক : আপোনাৰ গেছ কোম্পানীৰ এপ যেনে- IndianOil One খুলি Refill History অংশত গৈ DAC নম্বৰ চাব পাৰে।

ডেলিভাৰী কৰ্মীৰ সহায় লওক : যদি আপোনাৰ ঘৰলৈ চিলিণ্ডাৰ আহি যায় কিন্তু DAC নাথাকে, তেন্তে ডেলিভাৰী কৰ্মীৰ এপত থকা “Generate DAC” অপশ্যনৰ জৰিয়তে নতুন কোড তৎক্ষণাৎ সৃষ্টি কৰিব পাৰে।

মোবাইল নম্বৰ আপডেট কৰক : যদি পুৰণি নম্বৰ বন্ধ হৈ গৈছে, তেন্তে ডেলিভাৰী কৰ্মীৰ সহায়ত নতুন মোবাইল নম্বৰ আপডেট কৰাব পাৰে। আপডেট হোৱাৰ লগে লগে নতুন DAC নম্বৰ লাভ কৰিব।

অভিযোগ ক’ত কৰিব?

যদি DAC নম্বৰ নাপায় বা ডেলিভাৰীত সমস্যা হয়, তেন্তে—

  • নিজৰ গেছ কোম্পানীৰ কাষ্টমাৰ কেয়াৰ নম্বৰত কল কৰক
  • গেছ কোম্পানীৰ মোবাইল এপত অভিযোগ দাখিল কৰক
  • অফিচিয়েল ৱেবছাইটত অভিযোগ জমা কৰক
  • নিজৰ LPG ডিষ্ট্ৰিবিউটৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰক

ইফালে চৰকাৰে সাধাৰণ লোকক আহ্বান জনাইছে যে, আতংকৰ বশত পেট্ৰ’ল, ডিজেল আৰু LPG অধিক পৰিমাণে কিনাৰ পৰা বিৰত থাকক। গুজৱৰ পৰা সাৱধান থাকি কেৱল চৰকাৰী উৎসৰ তথ্যত বিশ্বাস ৰাখিবলৈও পৰামৰ্শ দিয়া হৈছে। লগতে LPG গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু ডিষ্ট্ৰিবিউটৰৰ কাৰ্যালয়ত ভিৰ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল

You might also like