বিবাহৰ দুমাহ পিছতে মাতৃ হ’বলৈ উলাইছে নেহা কাক্কাৰঃ স্বামীয়ে কলে, ‘যত্ন ৰাখা নিজৰ’

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ  নেহা কাক্কাৰ আৰু ৰোহনপ্ৰীত সিঙৰ গৃহলৈ শুনকালেই আহিব এজন নতুন সদস্য। নেহা কাক্কাৰে এই বিষয়ে তেওঁৰ ইনষ্টাগ্ৰামত তথ্য প্ৰদান কৰিছে। ইয়াৰ লগতে তেওঁ এখন ছবি শ্বেয়াৰ কৰিছে য’ত তেওঁক অন্তঃসত্ত্বা ৰূপত দেখা গৈছে। নেহাই পোষ্ট কৰা ফটোখনত স্বামী ৰোহনপ্ৰীত সিঙো আছে। তেওঁ নেহাৰ যত্ন লোৱা দেখা গৈছে। একেখন ফটোকেই ৰোহনপ্ৰীত সিঙেও তেওঁৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছিল। নেহা ককাৰে কেপশ্বনত লিখিছিল, “যত্ন লওক।” সেই পোষ্টটোৰ উত্তৰত ৰোহনে লিখিছে “এতিয়া অলপ বেছিকৈয়ে যত্ন ল’ব লাগিব।”

লগতে পঢ়কঃ  যৌন জীৱনৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে সুস্বাস্থ্যৰঃ গৱেষণা

এই পোষ্টটোৰ পাছতে দুয়োকে শুভেচ্ছা জ্ঞাপন কৰি বিভিন্ন মন্তব্য কৰিছে।