অসমৰ বানক লৈ উদ্বেগ; সহায়ৰ হাত আগবঢ়াবলৈ সাজু ৰাষ্ট্রসংঘ

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ক’ৰোনা সংক্রমণৰ মাজতে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰা বান পৰিস্থিতিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে ৰাষ্ট্রসংঘই৷ অসমৰ বানত হোৱা ক্ষয়–ক্ষতিৰ তথ্য লাভ কৰাৰ পিছত উদ্বিগ্ণতা প্রকাশ কৰা ৰাষ্ট্রসংঘই প্রয়োজন সাপেক্ষে সহযোগিতা আগবঢ়াবলৈও সাজু বুলি সদৰী কৰিছে৷ ৰাষ্ট্রসংঘৰ মহাসচিবৰ মুখপাত্র ষ্টিফেন ডুজাৰিকে অসমৰ বানপানী সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘অসমৰ লগতে ভাৰতৰ চুবুৰীয়া দেশ নেপালত বানপানীৰ বাবে চাৰি নিযুত মানুহে ঘৰ এৰি সুৰক্ষিত স্থানত আশ্রয় গ্রহণ কৰিবলগীয়া হৈছে৷ বিগত কেইবাদিন ধৰি হোৱা বৰষুণত জটিল ৰূপ ধাৰণ কৰিছে বানপানীয়ে৷ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে৷ প্রয়োজন সাপেক্ষে ভাৰত চৰকাৰক সহায়–সহযোগিতা কৰিবলৈ সাজু হৈ আছে ৰাষ্ট্রসংঘ৷’

নিয়মীয়াভাৱে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়তে অসম আৰু নেপালৰ বানপানীক লৈ তেওঁ উদ্বিগ্ণতা প্রকাশ কৰি এই বুলিও কয় যে বিভিন্ন অঞ্চলত গৈ উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্রতো প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ কিয়নো বহু স্থানত ভূমিস্খলনে উদ্ধাৰ অভিযান ব্যাহত কৰিছে৷ উল্লেখ্য যে শেহতীয়াকৈ হোৱা বানত ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে৷ ঘৰ–বাৰী এৰি বহু লোক আশ্রয় ল’বলগীয়া হৈছে শিবিৰ অথবা ৰাজপথত৷ তদুপৰি বাঢ়নী পানীত ক্ষতিগ্রস্ত হৈছে বিস্তীর্ণ শস্যভূমি৷

Featured