কাজিৰঙাৰ সৌন্দর্যত মুগ্ধ বলীউডৰ অংগদ বেদী

অসম পর্যটনৰ বিজ্ঞাপনৰ শ্বুটিঙত অংশগ্রহণ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ বলীউডৰ ষ্টাৰ তথা অভিনেতা অংগদ বেদী মঙলবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উপস্থিত হয় ৷ অসম পর্যটনৰ এক বিজ্ঞাপনৰ শ্বুটিঙৰ উদ্দেশ্যে অভিনেতাগৰাকী কাজিৰঙাত উপস্থিত হৈ কঁহৰা বনাঞ্চলত প্রৱেশ কৰে ৷ অসম পর্যটন তথা অসম পর্যটন বিভাগৰ বিষয়া–কর্মচাৰী আৰু বনকর্মীৰ উপস্থিতিত তেওঁ কঁহৰা বনাঞ্চলৰ কাৰাশিং বন শিবিৰৰ সমীপত বিজ্ঞাপনৰ শ্বুটিঙত অংশ লয় ৷ বন বিভাগৰ এটা হাতীৰ পিঠিত উঠি অসম পর্যটনৰ বিজ্ঞাপনৰ শ্বুটিং সম্পন্ন কৰে অভিনেতাগৰাকীয়ে ৷ উল্লেখ্য যে, কাৰাশিং বন শিবিৰৰ সমীপত গঁড় আৰু ম’হৰ যুজ প্রত্যক্ষ কৰাৰ সৌভাগ্যও লাভ কৰে অভিনেতাগৰাকীয়ে ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত কেৱল বিজ্ঞাপনৰ শ্বুটিং কৰাৰ উপৰি ৰাষ্ট্রীয় উদ্যানখনৰ অপৰূপ সৌন্দর্য উপভোগ কৰি মুগ্ধ হৈ পৰে অভিনতাগৰাকী ৷ নিশা কাজিৰঙাৰ বিলাসী ৰিজ’ট আ’য়ৰাত নৈশ যাপন কৰি বুধবাৰে পুৱা গুৱাহাটী অভিমুখে ৰাওনা হয় অভিনেতাগৰাকী ৷ উল্লেখ্য যে, অংগদ বেদী প্রাক্তন ক্রিকেটাৰ বিশান সিং বেদীৰ পুত্র আৰু অভিনেত্রী নেহা দ্রেপীয়াৰ স্বামী ৷

Comments (0)
Add Comment