নিয়মীয়া বাৰ্তা,৫ আগষ্টঃ অসমত তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকাবলৈ ৰাজ্য চৰকাৰে গ্রহণ কৰা সিদ্ধান্তক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহলৈ ভাবুকি কঢ়িয়াই আনিব বুলি দল–সংগঠনসমূহে আশংকা প্রকাশ কৰিছে৷ ইয়াৰ মাজতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্রতিক্রিয়া প্রকাশ কৰি কয় যে ক’তো এখনো মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ কৰিবলৈ চৰকাৰৰ পৰিকল্পনা নাই৷ অথবা মাতৃভাষা প্রত্যাহাৰ কৰাৰো চৰকাৰে সিদ্ধান্ত লোৱা নাই৷ বৰঞ্চ মাতৃভাষাৰ লগে লগে ইংৰাজী ভাষাৰ শিক্ষাত গুৰুত্ব আৰোপ কৰা হৈছে৷
আনহাতে, কিয় তৃতীয় শ্রেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় ইংৰাজীত শিকাবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে, সেয়া স্পষ্ট কৰি ডাঃ পেগুৱে কয়– ‘ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ৰ অধীনত পূর্বৰ ১+২ৰ পৰিৱর্তে ++৩+৪ শিক্ষা ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইয়াৰে প্রথমটো স্তৰ হৈছে বুনিয়াদী স্তৰ৷ য’ত তিনিটা শ্রেণী থাকিব৷ ৬ বছৰলৈ এই বুনিয়াদী শিক্ষা গ্রহণ কৰিব৷ ৬ বছৰত আৰম্ভ হ’ব প্রথম শ্রেণী৷ এই স্তৰ হ’ব প্রস্তুতি স্তৰ৷ এই প্রস্তুতি স্তৰত থাকিব তৃতীয়, চতুর্থ আৰু পঞ্চম শ্রেণী৷ প্রস্তুতি স্তৰটো মাধ্যমিক শ্রেণীলৈ প্রস্তুতি অর্থাৎ মাধ্যমিক শিক্ষাৰ বাবে তৃতীয় শ্রেণীৰ পৰাই প্রস্তুতি আৰম্ভ কৰিব লাগিব৷ সেয়েহে আমি তৃতীয় শ্রেণীৰ পৰা দুটা বিষয় ইংৰাজীত শিকাবলৈ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷’ ইফালে নতুন শিক্ষা নীতিৰ অধীনত দুটা বিষয় অতিৰিক্তভাৱে অসমীয়া, বড়ো অথবা বাংলা মাধ্যমত শিকিব পাৰিব৷ সেই দুটা হৈছে ভূগোল আৰু বুৰঞ্জী৷ ভূগোলত পৰিৱেশ অধ্যয়ন সন্নিৱিষ্ট হৈ থাকিব৷ সেইদৰে বুৰঞ্জীৰ লগতে ৰাজনীতি বিজ্ঞান, স্বাধীনতা সংগ্রাম, সংবিধান, আইন আদি সন্নিৱিষ্ট হ’ব৷ পূর্বে অসমীয়াত কেৱল সমাজ বিজ্ঞান আছিল৷ এতিয়া মাতৃভাষা মাধ্যমত ওপৰঞ্চি দুটা বিষয় ছাত্র–ছাত্রীসকলে অধ্যয়নৰ সুযোগ লাভ কৰিব৷ মাতৃভাষাৰ লগতে ইংৰাজী ভাষাও শিকি যোৱাৰ সুবিধা শিক্ষার্থীসকলে লাভ কৰিব৷
শিক্ষার্থীসকলে লাভ কৰা বিভিন্ন সমস্যা সন্দর্ভত অৱগত কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘একাদশ অথবা স্নাতকত যেতিয়া শিক্ষার্থীসকলে হঠাৎ ইংৰাজীত পঢ়িবলগীয়া হয়, তেতিয়া তেওঁলোক বহুত অসুবিধাৰ সন্মুখীন হয়৷ ছাত্র–ছাত্রীসকলৰ লগত আমি দিনে–নিশাই কথা পাতিয়েই থাকোঁ৷ তেওঁলোকে জনাইছে যে এয়াই তেওঁলোকৰ অসুবিধা৷ দশমলৈ মাতৃভাষাত অধ্যয়ন কৰাৰ পাছত একাদশত হঠাৎ ইংৰাজী মাধ্যমত পঢ়িব লগা হ’লে তেওঁলোকৰ অসুবিধা হয়৷ চৰকাৰে মাতৃভাষাৰ লগে লগে ইংৰাজী ভাষাৰ শিক্ষাক গুৰুত্ব প্রদান কৰিছে৷ বৰঞ্চ মাতৃভাষা মাধ্যমক অধিক শক্তিশালী কৰাৰহে সিদ্ধান্ত গ্রহণ কৰিছে, যাৰ বাবে আমি বুৰঞ্জী আৰু ভূগোল মাতৃভাষাত শিকাম আৰু গণিত, বিজ্ঞান ইংৰাজী ভাষাত শিকাম৷ যাতে মাতৃভাষা আৰু ইংৰাজী ভাষা দুয়োটাই শিক্ষার্থীসকলে সমানে শিকিব পাৰে৷’ উল্লেখ্য যে তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত শিকাবলৈ চৰকাৰে এক কেবিনেট সিদ্ধান্ত গ্রহণ কৰিছে৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যৰ বিভিন্ন দল–সংগঠনে প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে ইয়াৰ বিৰোধিতা কৰি শীঘ্রে এই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছে৷ শেহতীয়াকৈ আছু, এবছু, অসম সাহিত্য সভা, বড়ো সাহিত্য সভাই এখন যৌথ বৈঠক অনুষ্ঠিত কৰি চৰকাৰক গণিত আৰু বিজ্ঞানত ইংৰাজী মাধ্যম প্রৱর্তনৰ সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে৷