‘বিজেপি শাসনলৈ আহিলে মা-ভনীৰ শ্লীলতা হানি হ’ব’ আজমলৰ বিতৰ্কিত মন্তব্য

বদৰুদ্দিন আজমলৰ ভয়ংকৰ মন্তব্য

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ বৰাকত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পাছতে বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য। শিলচৰৰ এখন নিৰ্বাচনী সভাত সাম্প্ৰদায়িক মন্তব্য আজমলৰ।

বিজেপি শাসনলৈ আহিলে মা-ভনীৰ শ্লীলতা হানি হ’ব। ৰাম মন্দিৰ, NRC,CAA প্ৰসংগতো মন্তব্য কৰে আজমলে।

বিজেপিক কিয় ভোট দিব লাগে বুলি প্ৰশ্ন জনতাক। তেওঁ কয় যে বিজেপিয়ে বাবৰি মছজিদ ভাঙি সেইস্থানত ৰাম মন্দিৰ বনাব, তিনি তালাক সন্দৰ্ভত উপলুঙা কৰিছে বিজেপিয়ে। বিজেপিয়ে কাকো চাকৰি দিব নোৱাৰিলে। বিজেপিক লৈ লাজ লাগে আমাৰ। কেইদিনমানৰ পাছত বাছি বাছি জেলত ভৰাব বিজেপিয়ে। এই বিজেপি দলক আমি ভোট দিব লাগে নেকি বুলি মন্তব্য আজমল।