১ ফেব্ৰুৱাৰীত বৰ্ষাপাৰাত ‘এ আৰ ৰহমানছ কনছার্ট ফ’ৰ পীচ’

নিয়মীয়া বাৰ্তা, ৮জানুৱাৰী: বিশ্বৰ সংগীত জগতৰ অন্যতম উজ্জ্বল নক্ষত্র এ আৰ ৰহমানৰ গীতৰ মায়াজালেৰে অহা ১ ফেব্রুৱাৰীত ভাস্বৰ হৈ উঠিব গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়াম৷ পূব ভাৰতৰ সর্ববৃহৎ সংবাদ গোষ্ঠী প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ উদ্যোগত তথা গুৱাহাটীৰ ৯১ য়ার্ডছ ক্লাবৰ সহযোগত আয়োজিত ‘এ আৰ ৰহমানছ কনছার্ট ফ’ৰ পীচ’ শীর্ষক সাংগীতিক মহাসমাৰোহত ১ ফেব্রুৱাৰীৰ দিনা গীত পৰিৱেশন কৰিব একাডেমী এৱার্ড বিজয়ী শিল্পীগৰাকীয়ে৷ শনিবাৰে মহানগৰীৰ টাউন ক্লাবত আয়োজিত এখন সংবাদ মেলত ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে এই কথা সদৰী কৰে৷ তেওঁ কয় যে ৯১ য়ার্ডছ ক্লাব, গুৱাহাটীৰ সহযোগত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে আয়োজন কৰা এই অনুষ্ঠানটোৰ জৰিয়তে শিল্পীগৰাকীয়ে পোনপ্রথমবাৰ গুৱাহাটীত সংগীত পৰিৱেশন কৰিব৷ জন্মলগ্ণৰে পৰা জনপ্রিয়তাৰ শীর্ষত আৰোহণ কৰা নিউজ চেনেল নিউজ লাইভ আৰু অগ্রগামী ভগ্ণী চেনেল ৰং, ৰামধেনু, নর্থ ইষ্ট লাইভ আৰু ইন্দ্রধনু পৰিয়ালৰ হৈ আয়োজন কৰা এই মহাসমাৰোহে কলামোদী প্রতিজন শ্রোতাক আপ্লুত কৰিব৷ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব লগা সংগীতৰ এই মহাসমাৱেশত প্রায় ৪০ হাজাৰ দর্শকৰ সমাগম হ’ব৷ তিনি দিন পূর্বৰে পৰা শিল্পীগৰাকীয়ে আয়োজনথলীত ৰিহার্ছেল কৰিব৷

তেওঁ পুনৰ কয় যে বহু যোগাযোগ তথা চর্ত পূৰণৰ পাছতহে শিল্পীগৰাকীয়ে গুৱাহাটীত অনুষ্ঠান কৰাৰ সন্মতি দিছে৷ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ বুক মাই শ্ব’ (Book My Show) আৰু পেটিএম ইনছাইডাৰৰ (Paytm Insider) পৰা টিকট ৰাইজে সংগ্রহ কৰিব পাৰিব৷ দুহেজাৰ টকাৰ পৰা ডেৰ লাখ টকাপর্যন্ত টিকটৰ নিৰিখ ধার্য কৰা হৈছে৷ সংবাদ মেলত অংশ লৈ অসম চৰকাৰৰ মহাধিবক্তা, বি চি চি আইৰ যুটীয়া সচিব তথা ৯১ য়ার্ডছ ক্লাব, গুৱাহাটীৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই অনুষ্ঠানটোৰ আয়োজন সন্দর্ভত বক্তব্য প্রদান কৰে৷

তেওঁ কয়– শিল্পীগৰাকীৰ অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবলৈ প্রয়োজনীয় সকলো ব্যৱস্থাই লোৱা হৈছে৷ ষ্টেডিয়ামখনৰ কোনো ক্ষতি নোহোৱাকৈ মঞ্চ নির্মাণ কৰিবলৈ বিশেষ ধৰণৰ সামগ্রী সুদূৰ কেলিফ’র্নিয়াৰ পৰা অনা হৈছে৷ উল্লেখ্য যে শিল্পীগৰাকীৰ সৈতে প্রায় ১৭০–২০০গৰাকী কলা–কুশলী থাকিব৷ গতিকে সেই অনুপাতেই মঞ্চখনো নির্মাণ কৰা হৈছে৷ সেই দিনাখন হ’ব লগা বৃহৎ সমাগম তথা শিল্পীগৰাকীৰ সুৰক্ষাৰ বাবে মহানগৰ আৰক্ষীৰ সৈতেও সকলো আলোচনা ইতিমধ্যে কৰা হৈছে৷ সংবাদ মেলত তেওঁ ৯১ য়ার্ডছ ক্লাব, গুৱাহাটীৰ বিষয়েও কিছু কথা সদৰী কৰে৷ ক্রিকেট খেলৰ লগতে সমাজখনকো বিভিন্ন দিশত আগুৱাই নিয়াৰ বাবে ক্লাবে বহু ব্যৱস্থা গ্রহণ কৰিছে বুলি তেওঁ মত প্রকাশ কৰে৷ উক্ত অনুষ্ঠানটোৱে গুৱাহাটী মহানগৰীক এক অনন্য ৰূপত দাঙি ধৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ সংবাদ মেলত ৯১ য়ার্ডছ ক্লাব, গুৱাহাটীৰ কোষাধ্যক্ষ পৰীক্ষিত দত্ত, প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ হেড ক্রমে অনুপম মহন্ত আৰু পৰীক্ষিত কলিতাও উপস্থিত থাকে৷