ভগবানেও যি কাম কৰিব নোৱাৰে সেই কাম শিক্ষকে কৰিব পাৰে, শিক্ষকৰ প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ১৪ মেঃ আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত বৃহৎ নিযুক্তি সমাৰোহ চলি আছে। ১৭ গৰাকী যুৱক-যুৱতীৰ হাতত নিজেই নিযুক্তি পত্ৰ তুলি দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ নিযুক্তি লাভ কৰা সকলক অনুৰোধ জনাইছে যাতে সমাজখনত সমতা আনিবলৈ তেওঁলোকে নিৰন্তৰ চেষ্টা কৰে। মহাত্মা গান্ধীৰ উক্তিৰ দোহাই দি তেওঁ কয় যে জন্মৰ সময়ত বৈষম্যৰ বলি হোৱা সকলক একমাত্ৰ শিক্ষা ব্যৱস্থাইহে সমান কৰিব পাৰে। আনকি ভগবানেও যি কাম কৰিব নোৱাৰে সেই কাম শিক্ষা আৰু শিক্ষকে কৰিব পাৰে বুলি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, অতুল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ কেবাজনো মন্ত্ৰী-বিধায়ক।

Featured