শিল্পী চন্দনা বেজবৰুৱাক সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান প্ৰদান

বিশেষ বাৰ্তা, ২৫ মেঃ সংগীত শিল্পী চন্দনা বেজবৰুৱাক প্ৰদান সংগীত ৰত্ন ৰাষ্ট্ৰীয় সন্মান। North East Big Cultural Society ( NEBCS)ৰ ১৬ বছৰীয়া বৰ্ণিল যাত্ৰাৰ লগত সংগতি ৰাখি শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰা হয়। অলপতে গুৱাহাটীৰ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক অনুষ্ঠানত নগাঁৱৰ সুৰৰত্ন, সুৰকাৰ প্ৰয়াত যজ্ঞ বেজবৰুৱাৰ জীয়ৰী তথা নগাঁও চহৰৰ মিলনপুৰ নিবাসী চন্দনা বেজবৰুৱাক সৰাফুল গীতটিৰ বাবে এই সন্মান প্ৰদান কৰা হয়। অনুষ্ঠানৰ আত ধৰে হিমাশ্ৰী ৰবীন প্ৰিয়দৰ্শিনীয়ে। গীতটিৰ সংগীত পৰিচালক প্ৰাঞ্জল বৰুৱা, শিল্পীগৰাকীৰ মাতৃ মিনতি বেজবৰুৱাকো উদ্যোক্তাসকলে সম্ভাষন জনায়। অনুষ্ঠানত অভিনেতা মৃদুল ভূঞা, মৃদুল চেতিয়া, অভিনেত্ৰী প্ৰাঞ্জনা দত্তকে ধৰি যথেষ্টসংখ্যক সাংস্কৃতিক প্ৰেমী লোক উপস্থিত থাকে। উল্লেখ্য যে চন্দনা বেজবৰুৱাই সংগীতৰ সামান্তৰালভাবে সাহিত্য চৰ্চ্চা কৰি আহিছে। ইতিমধ্যে তেওঁৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছে। তেওঁ কবিতা ৰচনা কৰাৰ লগতে গল্প, প্ৰবন্ধ আদিও ৰচনা কৰি আহিছে। বৰ্তমান তেওঁ আকাশবানী নগাঁও কেন্দ্ৰৰ এগৰাকী স্বীকৃতি প্ৰাপ্ত শিল্পী।
প্ৰেৰক কনক হাজৰিকা
Featured