বার্ড ফ্লুৱে দুর্যোগ মাতিছে ৰাজ্যৰ ১৫ হাজাৰ ব্রইলাৰ পালকলৈ

বিহুৰ বতৰত ব্যাপক লোকচানৰ আশংকা

নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ দেশৰ ছখন ৰাজ্যত বার্ড ফ্লুৰ প্রাদুর্ভাৱ ঘটাৰ পাছতে আতংকৰ সৃষ্টি হৈছে ৰাজ্যৰ ব্রইলাৰ পালকসকলৰ মাজত৷ এই সন্দর্ভত কেন্দ্রীয় চৰকাৰে এলার্ট জাৰি কৰাৰ পাছতে বার্ড ফ্লুৰ প্রাদুর্ভাৱে অশনি সংকেট কঢ়িয়াই আনিছে ৰাজ্যৰ ১৫ হাজাৰ ব্রইলাৰ পালকলৈ৷ বিশেষকৈ ভোগালী বিহুৰ প্রাকক্ষণত এই ৰোগৰ প্রাদুর্ভাৱ ঘটাত ব্রইলাৰ পালকসকল বিশেষভাৱে লোকচানৰ সন্মুখীন হোৱাৰ আশংকাই দেখা দিছে৷ ইতিমধ্যে ৰাজ্যত বার্ড ফ্লুৰ প্রাদুর্ভাৱ প্রতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে৷ ৰাজ্যৰ পশ্চিম সীমান্তৰে হাঁহ–কুকুৰাৰ আমদানিত সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজ্য চৰকাৰে৷ ৰাজ্যপালৰ অনুমতি সাপেক্ষে বহিঃৰাজ্যৰ পৰা হাঁহ–কুকুৰা আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ তৎসত্ত্বেও ৰাজ্যত যাতে বার্ড ফ্লুৰ সংক্রমণ হ’ব নোৱাৰে, তাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষই ব্রইলাৰ পালকসকলক সজাগ হৈ থাকিবলৈ নির্দেশ জাৰি কৰিছে৷ বিভাগটোৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি পৰিভ্রমী পক্ষীসমূহৰ পৰা এই মাৰাত্মক ৰোগবিধৰ সংক্রমণ হোৱাৰ যথেষ্ট থল থাকে৷ এই পৰিভ্রমী পক্ষীসমূহ বার্ড ফ্লুত আক্রান্ত নহয় যদিও ‘কেৰিয়াৰ’ হিচাপে এই ভাইৰাছবিধ সংক্রমণ কৰিব পাৰে৷ শীতৰ সময়ছোৱাত দেশ–বিদেশৰ পৰিভ্রমী পক্ষীৰ ৰাজ্যলৈ আগমন ঘটে৷ এই পক্ষীসমূহৰ সংস্পর্শলৈ আহিলে স্থানীয় হাঁহ–কুকুৰালৈ বিয়পিব পাৰে বার্ড ফ্লু৷ সেয়েহে এইক্ষেত্রত ৰাজ্যৰ পশুপালন বিভাগে বন বিভাগৰ সৈতেও সম্পর্ক ৰক্ষা কৰি চলিছে৷ অৱশ্যে এতিয়ালৈ ৰাজ্যত বার্ড ফ্লুৰ সংক্রমণ হোৱা নাই বুলি নিশ্চিত কৰিছে বিভাগীয় সূত্রটোৱে৷ তৎসত্ত্বেও জিলা পর্যায়ৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বিভাগীয়ভাৱে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷

ইফালে ৰাজ্যিক পশুধন উন্নয়ন নিগমৰ কার্যালয়ত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈ যায়৷ এই বৈঠকখনত ৰাজ্যৰ বিভিন্ন পশুপালক সংস্থাসমূহে অংশগ্রহণ কৰে৷ বৈঠকখনত কেন্দ্রীয় চৰকাৰে বার্ড ফ্লুৰ সজাগতাৰ বাবে জাৰি কৰা নির্দেশাৱলী তেওঁলোকক অৱগত কৰা হয়৷ বিভাগীয়ভাৱে হাঁহ–কুকুৰা পালকসকলক ফার্মসমূহ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ লগতে বাহিৰৰ কোনো হাঁহ–কুকুৰাৰ সৈতে যাতে সংস্পর্শলৈ আহিব নোৱাৰে, তাৰ নির্দেশনা দিছে৷ উল্লেখ্য যে কৃষিপ্রধান ৰাজ্য অসমত পশুপালন আৰু হাঁহ–কুকুৰা পালনৰ ক্ষেত্রত যথেষ্ট সম্ভাৱনীয়তা আছে৷ নিবনুৱা যুৱক–যুৱতীসকল স্বাৱলম্বী হোৱাৰ ক্ষেত্র পশু আৰু হাঁহ–কুকুৰা পালন অন্যতম উপায় হিচাপে বিবেচিত হৈছে৷ ইতিমধ্যে গ্রামাঞ্চলসমূহত হাঁহ–কুকুৰা পালনৰ ক্ষেত্রত বহু লোক আগবাঢ়ি আহিছে৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে হাঁহ–কুকুৰা পালকসকল অত্যধিক ক্ষতিগ্রস্ত হৈছিল৷ হাঁহ–কুকুৰাৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱা পালকসকলে দানা–পানীৰ অভাৱত লকডাউনৰ পাছত নতুনকৈ পুনৰ ফার্ম আৰম্ভ কৰাত সমস্যাৰ সন্মুখীন হৈছিল৷ শেহতীয়াকৈ পৰিস্থিত স্বাভাৱিক হোৱাৰ লগে লগে হাঁহ–কুকুৰা পালক আৰু পশুপালকসকলে পুনৰ কাম–কাজ আৰম্ভ কৰিছে৷ কিন্তু লকডাউনৰ পাছতে ৰাজ্যত আফ্রিকান ছোৱাইন ফিভাৰৰ প্রাদুর্ভাৱ ঘটাত গাহৰি পালকসকল ক্ষতিগ্রস্ত হয়৷ সেইদৰে লাম্পিস্কিন নামৰ আন এটা বেমাৰে সমস্যাত পেলায় ছাগলী পালকসকলক৷ এই দুয়োটা ৰোগৰ প্রাদুর্ভাৱ ৰাজ্যত হ্রাস পোৱাৰ সময়তে পুনৰ দেশৰ ভিন্ন প্রান্তত বার্ড ফ্লুৰ প্রাদুর্ভাৱ ঘটাত শংকিত হৈ পৰিছে ৰাজ্যৰ পশুপালকসকল৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যত বর্তমান প্রতিমাহে স্থানীয়ভাৱে ১ কোটি ব্রইলাৰ কুকুৰা উৎপাদন হয়৷ অসমৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ প্রায় আটাইকেইখন ৰাজ্যলৈ ব্রইলাৰ ৰপ্তানি কৰা হয়৷ ইয়াৰ ফলত সৃষ্টি হোৱা ঘাটি পূৰণৰ বাবে পশ্চিমবংগৰ পৰা ৰাজ্যলৈ আমদানি কৰা হয় ব্রইলাৰ৷ নির্দিষ্ট সময়ত প্রতিদিনে ১০–১২ ব্রইলাৰৰ গাড়ী অসমলৈ আহে৷ বাহিৰৰ পৰা অহা ব্রইলাৰৰ পৰা যাতে ৰাজ্যৰ হাঁহ–কুকুৰা সংক্রমিত হ’ব নোৱাৰে, তাৰ বাবে ব্রইলাৰৰ আমদানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ কিন্তু সম্প্রতি ৰাজ্যৰ পালকসকলৰ ফার্মত থকা বৃহৎসংখ্যক কুকুৰা বজাৰত বিক্রী হ’বনে, তাক লৈও সৃষ্টি হৈছে অনিশ্চয়তা৷ বিক্রী হ’লেও সঠিক মূল্য তেওঁলোকে লাভ কৰিব নে নাই, সেয়াও নিশ্চিত নহয়৷ ইয়াৰ পৰিপ্রেক্ষিতত আগন্তুক সময়ত বার্ড ফ্লুৰ প্রভাৱৰ বাবে ৰাজ্যৰ হাঁহ–কুকুৰা পালকসকল ক্ষতিগ্রস্ত হোৱাৰ আশংকাই অধিক৷ লক্ষণীয় যে দেশৰ মুঠ ছখন ৰাজ্যত বার্ড ফ্লুৰ প্রভাৱ দেখা গৈছে৷ সেইকেইখন হৈছে– কেৰালা, ৰাজস্থান, মধ্যপ্রদেশ, হিমাচল প্রদেশ, হাৰিয়ানা আৰু গুজৰাট৷ ইতিমধ্যে হাৰিয়ানাত বার্ড ফ্লুৰ সংক্রমণ নিশ্চিত হোৱাৰ পাছত ১.৬০ লাখ কুকুৰা নিধন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷