অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ অগ্রণী সৈনিক বিৰুবালা ৰাভাৰ দেহাৱসান

🔹 ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নিয়তিৰ ওচৰত হাৰ মানিলে সমাজকৰ্মীগৰাকীয়ে

বিশেষ বাৰ্তা, ১৩ মে’ : অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ যোদ্ধা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান। ২০২১ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত সমাজকর্মীগৰাকীয়ে দীৰ্ঘদিন ধৰি জিএমচিএইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। ডাইনী হত্যাৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই অহা সমাজকর্মীগৰাকীয়ে আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। সমাজত প্রচলিত অন্ধবিশ্বাসৰ বিৰুদ্ধে তেওঁ গ্রহণ কৰি আহিছিল বলিষ্ঠ অৱস্থান৷ তথাকথিত ডাইনী উপমাৰে গ্রামাঞ্চলৰ সহজ–সৰল লোকক বলিৰ পঠা সজাই অন্ধবিশ্বাসৰ জালখনক সুদৃঢ় কৰি তোলা অপশক্তিৰ বিৰুদ্ধে শক্তিশালী ভূমিকা গ্রহণ কৰি বৌদ্ধিক সমাজৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা মহীয়সী সমাজকর্মীগৰাকীয়েই হৈছে বিৰুবালা ৰাভা৷ অন্ধবিশ্বাসৰ ফলত হেৰাই যোৱা মানৱতাক পুনৰুদ্ধাৰৰ কামত ব্রতী হোৱা বিৰুবালা ৰাভা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জিএমচিএইচৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল। দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত হৈ বিগত প্রায় ২০ দিনে গুৱাহাটীৰ ৰাজ্যিক কর্কট প্রতিষ্ঠানত চিকিৎসাধীন হৈ আছিল৷ উল্লেখ্য যে গোৱালপাৰাৰ আগিয়া নিৱাসী সমাজকর্মী বিৰুবালা ৰাভাই খাদ্যনলীৰ কর্কট ৰোগত আক্রান্ত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷ যোৱা ৪ মে’ত তেওঁৰ অৱস্থা অধিক সংকটজনক হৈ পৰাত ৰাজ্যিক কর্কট প্রতিষ্ঠানৰ আইচিইউলৈ প্রেৰণ কৰা হয়৷ আইচিইউত জীৱন–মৰণৰ সৈতে যুঁজ কৰি অন্ধবিশ্বাসবিৰোধী যুঁজখনৰ অগ্রণী সৈনিকগৰাকীয়ে অৱশেষত ইহসংসাৰৰ পৰা মেলানি মাগিলে ৷ মন কৰিবলগীয়া যে নিজৰ গাঁৱতে মহিলাসকলক একত্র কৰি ডাইনী হত্যাৰ বিৰুদ্ধে সবল জনমত গঠন কৰা বিৰুবালা ৰাভাই ২০১১ চনত প্রতিষ্ঠা কৰিছিল মিছন বিৰুবালা শীর্ষক এটা অনুষ্ঠান৷ অনুষ্ঠানটোৰ মাজেৰে সমগ্র অসমতে অন্ধবিশ্বাসৰ আঁৰত ডাইনী হত্যাৰ নামত চলা নৃশংসতাৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল বিৰুবালা ৰাভাই৷ ২০১৫ চনতে তেওঁৰ এই সবল পদক্ষেপৰ বাবেই অসম চৰকাৰে অসম ডাইনী হত্যা (নিষিদ্ধ প্রতিৰোধ আৰু সুৰক্ষা) আইন প্রণয়ন কৰিছিল৷ ২০১৮ চনৰ পৰা আইনখন কার্যকৰী হৈছিল৷ অন্ধবিশ্বাস বিৰোধী যুঁজৰ অগ্রণী যোদ্ধা বিৰুবালা ৰাভাৰ যৎপৰোনাস্তি প্রচেষ্টাৰ বাবেই অসমত ডাইনী হত্যাৰ দৰে কুসংস্কাৰ বহু পৰিমাণে কমি গৈছে৷ মহীয়সী সমাজকর্মীগৰাকীৰ এই মহান পদক্ষেপৰ বাবেই ২০২১ বর্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী সন্মানেৰে বিভূষিত কৰিছিল৷ বিশিষ্ট সমাজকৰ্মী বিৰুবালা ৰাভাৰ দেহাৱসনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Featured