বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা ১২ মেঃ আজি পুৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৮৯ বছৰ বয়সত GNRCত পুৱা ৬.৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ।

ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ লিখিছে, “অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে ৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে ৷”

DR. HIMANTA BISWA SARMAFeatured