নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰীৰ জয়ানগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা [আটাছু]ৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ নৱ নিৰ্মিত গৃহ তথা টাই সাংস্কৃতিক উন্নয়ন আৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে৷ মুখ্যমন্ত্ৰীয়ে টাই আহোম পৰম্পৰা অনুসৰি ‘বানফী’ পূজা আগবঢ়ায়৷
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ এক অগ্ৰণী ছাত্ৰ সংগঠন হিচাপে সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে৷ স্বৰ্গদেউ চাউলুং চুকাফাৰ দিনৰে পৰা টাই আহোম সম্প্ৰদায়ে অসমীয়া জাতিৰ শক্তিশালীকৰণৰ দিশত উল্লেখযোগ্য অৱদান যোগাই আহিছে আৰু এই ক্ষেত্ৰত আটাছুৱে এই পৰম্পৰাক আগুৱাই নিয়াৰ দিশত অৰ্থৱহ ভূমিকা পালন কৰি আহিছে৷
টাই আহোম সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সম্প্ৰদায়ৰ সংস্কৃতি আৰু চহকী ঐতিহ্য সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিছে৷ তেওঁ লগতে কয় যে ধেমাজি জিলাৰ হাবুঙত চলি থকা প্ৰকল্পটো আগন্তুক মে-ডাম-মেহ-ফিৰ সময়ত জনসাধাৰণৰ বাবে উৎসৰ্গিত কৰা হ’ব৷ আন এক প্ৰকল্প নাহৰকটীয়াৰ টিপামত গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস প্ৰদান কৰি কয় যে আটাছুৰ নৱ নিৰ্মিত কাৰ্যালয়টোৰ অতিৰিক্ত কামৰ বাবে ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰিব৷
আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোহাঁইকে ধৰি ছাত্ৰ সংগঠনটোৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷