নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ঘোষণা কৰা দীর্ঘদিনীয়া লকডাউন আৰু সামগ্রিক পৰিস্থিতিৰ প্রভাৱ স্পষ্টভাৱে বিদ্যমান হৈছে দেশৰ অর্থনৈতিক খণ্ডত৷ বহু লোকে হেৰুৱাবলগীয়া হৈছে কর্মসংস্থাপন৷ উপার্জনহীন হৈ হতাশাত দিন কটাবলগীয়া হৈছে ব্যৱসায়ীয়ে৷ দীর্ঘদিনীয়া লকডাউন আৰু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্রভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ মৃৎশিল্পীসকলৰ ওপৰতো৷
ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ধর্মীয়–ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰাত বাধা আৰোপ কৰা হৈছে৷ যাৰ পৰিপ্রেক্ষিতত আগন্তুক দুর্গোৎসৱ উদ্যাপনক লৈয়ো চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ ব্যাপক জনসমাগম ঘটা দুর্গা পূজা এইবাৰ অনুষ্ঠিত কৰিবলৈ অনুমতি লাভ কৰিব নে নকৰে, সেয়া এতিয়াও স্পষ্ট নহয়৷ অথবা কি নিয়ম অনুসৰণ কৰি দুর্গোৎসৱ উদ্যাপন কৰা হ’ব, সেই সন্দর্ভতো কোনো সিদ্ধান্ত গ্রহণ কৰা নাই, যাৰ পৰিপ্রেক্ষিতত এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছে দুর্গা পূজা আয়োজক কমিটীসমূহ৷
ইয়াৰ প্রভাৱ পৰিছে ৰাজ্যৰ মৃৎশিল্পীসকলৰ ওপৰত৷ দুর্গোৎসৱলৈ মাজত প্রায় দুমাহ থকাৰ সময়তো এতিয়ালৈ মূর্তি নির্মাণৰ বাবে আগতীয়া অর্ডাৰ লাভ কৰা নাই মৃৎশিল্পীসকলে৷ যাৰ পৰিপ্রেক্ষিতত আগন্তুক দুর্গা পূজাৰ সময়ত তেওঁলোক ব্যাপক লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে৷ পাণবজাৰৰ মৃৎশিল্পী নিৰঞ্জন পালে সদৰী কৰা অনুসৰি দুর্গা পূজাৰ মূর্তি নির্মাণৰ বাবে তেওঁলোকে জুলাই মাহৰ পৰা অর্ডাৰ লাভ কৰে আৰু ইয়াৰ লগে লগেই মূর্তি নির্মাণৰ কাম প্রায় আৰম্ভ কৰে৷
কিয়নো প্রতিগৰাকী মৃৎশিল্পীয়ে অতিকমেও ১৫–২০খন পর্যন্ত দুর্গোৎসৱৰ মূর্তি নির্মাণৰ বাবে অর্ডাৰ লাভ কৰে৷ জুলাই মাহত অর্ডাৰ লাভ কৰাৰ লগে লগে তেওঁলোকে মূর্তি নির্মাণৰ বাবে প্রয়োজনীয় সা–সামগ্রী ক্রয় কৰাৰ কাম আৰম্ভ কৰে৷ কিন্তু এইবাৰ এতিয়ালৈ দুর্গা পূজাৰ কমিটীসমূহৰ পৰা কোনো অর্ডাৰ লাভ কৰা নাই বুলি সদৰী কৰিছে পালে৷ এই প্রসংগত তেওঁ কয়, ‘দুর্গোৎসৱৰ সময়ত স্বাভাৱিকতেই মৃৎশিল্পীসকল ব্যস্ত হৈ পৰে৷ বিগত বছৰত মই ১৫খন পূজাৰ বাবে মূর্তি বনোৱাৰ অর্ডাৰ লাভ কৰিছিলোঁ৷
এইবাৰ অর্ডাৰ লাভ কৰা নাই৷ ২০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি ৩৫ হাজাৰ টকাপর্যন্ত মূল্যত বিক্রী কৰা হয় দুর্গা পূজাৰ মূর্তি৷’ উল্লেখ্য যে কেৱল দুর্গোৎসৱেই নহয় আন বিভিন্ন পূজাৰ সময়তো এই মৃৎশিল্পীসকলে নির্মাণ কৰা মূর্তি বজাৰত বিক্রী কৰা হয়৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে যোৱা মার্চ মাহৰ পৰা সৃষ্টি হোৱা পৰিস্থিতিৰ মাজত কেইবাটাও পূজা পাৰ হৈ যোৱাত মূর্তি প্রস্তুত কৰিব পৰা নাই মৃৎশিল্পীসকলে৷
পালে সদৰী কৰা অনুসৰি শেহতীয়াকৈ জন্মাষ্টমী আৰু মনসা পূজা অনুষ্ঠিত হৈ গৈছে৷ এই সময়ত যথেষ্ট মূর্তি বিক্রী হয়৷ কিন্তু এইবেলি কোনো মূর্তি প্রস্তুত কৰা নহ’ল৷ একেদৰে কিছুদিন পিছতে অনুষ্ঠিত হ’ব গণেশ পূজা৷ ইয়াৰ পিছত অহা ১৭ ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’ব বিশ্বকর্মা পূজা৷ সামগ্রিক পৰিস্থিতিৰ বাবে গণেশ পূজা আৰু বিশ্বকর্মা পূজা অনুষ্ঠিত কৰাক লৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ যাৰ বাবে গণেশ আৰু বিশ্বকর্মা পূজাৰ প্রাক্ক্ষণত পূর্বৰ দৰে মূর্তি নির্মাণ কৰিব পৰা নাই এই মৃৎশিল্পীসকলে৷ আন এজন মৃৎশিল্পী অপুৰঞ্জন পালে প্রকাশ কৰা অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু লকডাউনৰ ফলত মৃৎশিল্পীসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷
চৰকাৰৰ উদাসীনতাৰ বাবে এই শিল্পবিধ মৃত্যুমুখলৈ গতি কৰিছে৷ এইক্ষেত্রত চৰকাৰৰ ফালৰ পৰা কোনো সহায়–সাহায্য তেওঁলোকে লাভ কৰা নাই বুলিও সদৰী কৰিছে৷ পাণবজাৰৰ আন এজন মৃৎশিল্পী শংকৰ পালেও দুর্গা পূজাৰ মূর্তি নির্মাণৰ লগতে গণেশ, বিশ্বকর্মা আদি বিভিন্ন পূজাৰ বাবে মূর্তি প্রস্তুত কৰি আহিছে৷ কিন্তু এইবাৰ তেওঁ কোনো মূর্তি প্রস্তুত কৰা নাই, অর্থাৎ বিগত মার্চ মাহৰ পৰা তেওঁ সম্পূর্ণৰূপে উপার্জনহীন হৈ পৰিছে৷ অর্থাৎ ৰাজ্যৰ সহস্রাধিক মৃৎশিল্পী এতিয়া ক’ৰোনা ভাইৰাছ সংক্রমণৰ বাবে কর্মহীন হৈ পৰিছে৷ গুৱাহাটীতে লাচিত নগৰ, নুনমাটি, কালাপাহাৰ, বামুণীমৈদামকে ধৰি বিভিন্ন অঞ্চলত মূর্তি নির্মাণ কৰা অর্ধশতাধিক দোকান আছে৷