নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মহানগৰীৰ বশিষ্ঠস্থিত অসম জল গৱেষণা আৰু ব্যৱস্থাপনা প্রতিষ্ঠানত আয়োজিত এক অনুষ্ঠানত জলসম্পদ বিভাগৰ ৬৫গৰাকী নৱনিযুক্ত সহকাৰী অভিযন্তাৰ (চিভিলৰ) নিয়োগপত্র বিতৰণ কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্যখনৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ জৰিয়তে জনসাধাৰণক নিৰাপত্তা প্রদান কৰিব লাগিলে প্রতিখন নৈ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিব লাগিব৷ বান আৰু গৰাখহনীয়াৰ ফলত ৰাজ্যখনত ১.২৫ লাখ কৃষকে নিজৰ মাটিকে ধৰি সা–সম্পত্তি হেৰুৱাবলগীয়া হৈছে৷
ৰাজ্যৰ মথাউৰিসমূহ দুর্বল হৈ পৰিছে৷ ইয়াক শক্তিশালীভাৱে গঢ় দিব নোৱাৰিলে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰাটো সম্ভৱ নহয়৷ মুখ্যমন্ত্রীয়ে কয় যে নৱনিযুক্ত সহকাৰী অভিযন্তাসকলে বানপানী আৰু গৰাখহনীয়াই সৃষ্টি কৰা প্রত্যাহ্বান গ্রহণ কৰি উদ্ভাৱনীমূলক চিন্তা–চর্চাৰে কর্মত নিয়োজিত হ’ব লাগিব৷ পূর্বৰ চৰকাৰৰ দিনত জলসম্পদ বিভাগৰ দুর্নাম আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বাৰিষাৰ সময়ছোৱাত মথাউৰি নির্মাণ কৰাৰ ফলতবহু চৰকাৰী ধনৰ অপচয় হৈছিল৷ এই বিভাগটোৰ প্রতিচ্ছবি সলনি কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা প্রয়াস চলাই আহিছে৷ মথাউৰিসমূহ যাতে বিজ্ঞানসন্মতভাৱে মেৰামতি কৰা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অক্টোবৰ মাহৰ পৰা কাম আৰম্ভ কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে প্রতিখন নৈৰে চৰিত্র সুকীয়া৷ ভূটানৰ পৰা অহা ১২খন নৈয়ে নামনি অসমত প্রতিবছৰে প্রলয়ংকৰী বানৰ সিৃষ্ট কৰি আহিছে৷ এই বিষয়সমূহ সঠিকভাৱে অধ্যয়ন কৰি নৱনিযুক্ত অভিযন্তাসকলে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷
সৎ আৰু নিষ্ঠাৰে কাম কৰি নিজকে প্রতিষ্ঠা কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বিভাগটো অধিক গতিশীল আৰু কার্যক্ষম কৰিব পাৰিলে জনসাধাৰণক নিৰাপত্তা দিয়াটো সম্ভৱ হৈ উঠিব৷ মুখ্যমন্ত্রীয়ে কয় যে চলিত বর্ষত বাৰিষাৰ সময়ছোৱাতে কেইবাটাও ভঙা মথাউৰি মেৰামতিৰ কাম হাতত লোৱা হৈছে৷ গাই নদীৰ দৰে বিশাল প্রত্যাহ্বান থকা নদীয়ে ভঙা মথাউৰি এসপ্তাহৰ ভিতৰতে মেৰামতি কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ তেওঁ কয় যে গ্রাম্য অর্থনীতি নিৰাপত্তা দিয়াৰ বাবে মথাউৰিসমূহ শক্তিশালীভাৱে নির্মাণ কৰিব লাগিব৷ আজি প্রধানমন্ত্রীৰে হোৱা ভিডি’ কনফাৰেন্সিঙৰ সময়ত ৰাজ্যৰ ৫ হাজাৰ কিঃমিঃ দৈর্ঘ্যৰ মথাউৰিক পথ তথা মথাউৰি হিচাপে উন্নীতকৰণৰ বাবে অনুৰোধ জনোৱা হৈছে৷ গ্রাম্য অর্থনীতিক নিৰাপত্তা প্রদান কৰিব লাগিলে মথাউৰিসমূহ শক্তিশালীভাৱে নির্মাণ কৰিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যাটো ৰাষ্ট্রীয় দৃষ্টিভংগীৰে গ্রহণ কৰি সেই অনুসাৰে পদক্ষেপ গ্রহণ কৰিছে বুলি মুখ্যমন্ত্রীয়ে কয়৷ জলসম্পদ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাছীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তয়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত বিভাগৰ মুখ্য অভিযন্তাকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে৷