নগাঁৱত ক্ৰান্তিকাল প্ৰকাশনৰ নৱতম গ্ৰন্থ দুলুমণি শইকীয়াৰ তৰাং নদীৰ ঢৌ উন্মোচন

বিশেষ বাৰ্তা, ৭ আগষ্টঃ ক্ৰান্তিকাল প্ৰকাশনৰ নৱতম নিৱেদন বিশিষ্ট কবি দুলুমণি শইকীয়াৰ প্ৰথম উপন্যাস তৰাং নদীৰ ঢৌ আজি নগাঁও প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। নূপুৰ মোমাইদেউখ্যাত বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্যই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত তৰাং নদীৰ ঢৌ উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। উন্মোচনী ভাষণত বৰুৱাই নগাঁও জিলাৰ ঐতিহ্য, কপিলী উপত্যকাৰ সামাজিক বৈশিষ্ট্যৰ কথা উল্লেখ কৰি কপিলীপৰীয়া সমাজ জীৱনৰ আধাৰত লিখি উলিওৱা দুলুমণি শইকীয়াৰ সামাজিক উপন্যাসখনে পাঠকৰ সমাদৰ লাভ কৰিব বুলি আশা ব্যক্ত কৰে। ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লিমাৰিক কবিৰূপে খ্যাত যতীন্দ্ৰ কুমাৰ পাৰৈ, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দিজেন্দ্ৰনাথ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকায়ো শুভেচ্ছা মূলক বক্তব্য ৰখা অনুষ্ঠানটিত অশোকৰাম ভট্টাচাৰ্য, সুৰেণ হাজৰিকা, কৰবী লিগিৰা, দীপক ভড়ালী, টুটু বৰা, কবিতা বৰা, বন্দনা নাথ ঠাকুৰীয়া, মুৰুলী মজুমদাৰ, নিৰ্মালি কলিতা, কুন্তলা শইকীয়া, বিষ্ণুৰাম মেধি, প্ৰদীপ বৰা, চুনা হাজৰিকা প্ৰমূখ্যে শতাধিক ব্যক্তি উপস্থিত থকা সভাখনৰ আঁত ধৰে ক্ৰান্তিকাল প্ৰকাশনৰ প্ৰতিনিধি তথা কবি মদাৰজ্যোতিয়ে।

প্ৰেৰক কনক হাজৰিকা

Featured