৬ ছফটৱেৰেৰে আইছিছে প্রশিক্ষণ দিছিল গুৱাহাটী আইআইটিৰ তৌছিফক

🔹 জব্দ লেপটপৰ তথ্যৰ ভিত্তিত অনুসন্ধান

বিশেষ বাৰ্তা, ২৯ মার্চ : ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আইআইটি)ৰ গুৱাহাটী চৌহদত অধ্যয়নৰত অৱস্থাতে দুর্ধর্ষ মৌলবাদী সংগঠন আইছিছৰ সৈতে জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ হোৱা তৌছিফ আলী ফাৰুকী নামৰ শিক্ষার্থীজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ (এছটিএফ)–এ৷ পৰহি আদালতত হাজিৰ কৰোৱাৰ পিছত পুনৰ নিজৰ জিম্মাত লৈ এছটিএফে চলোৱা জেৰাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ ধৃত এই ছাত্রজনক আইছিছে ৬টা বিশেষ ছফটৱেৰৰ জৰিয়তে প্রশিক্ষণ প্রদান কৰিছিল৷ এছটিএফৰ এটা উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি, আৰক্ষী তথা চোৰাংচোৱা সংস্থাসমূহৰ নজৰত নপৰাকৈ আইছিছে প্রস্তুত কৰি উলিয়াইছে এই বিশেষ ছফটৱেৰসমূহ৷ যিসমূহৰ জৰিয়তে দুর্ধর্ষ উগ্রবাদী সংগঠনটোৱে মেধাৱী তথা সংখ্যালঘু যুৱক–যুৱতীসকলক প্রলোভিত কৰিবলৈ চেষ্টা কৰি আহিছে৷ সূত্রটোৰ মতে, কেৱল অসমৰেই নহয়, সমগ্র দেশৰে বহু এনে শিক্ষার্থী তথা যুৱক–যুৱতীক প্রথমে প্রলোভিত কৰি উক্ত ছফটৱেৰসমূহৰ জৰিয়তে একত্রিতভাৱে প্রশিক্ষণ প্রদান কৰা হয়৷ এই ছফটৱেৰসমূহত আইছিছৰ আদর্শৰে অনুপ্রাণিত ভিডিঅ’ তথা অডিঅ’ বার্তা আদি প্রচাৰ কৰা হয়৷ যিসমূহ শুনি শুনি এই মেধাৱী শিক্ষার্থী তথা যুৱক–যুৱতীসকল সংগঠনটোৰ প্রতি আকর্ষিত হৈ পৰে আৰু নিজকে উৎসর্গিত কৰিবলৈ প্রস্তুত কৰি তোলে৷ এনেদৰে আইছিছে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্রান্তত এটা বিশেষ শ্লীপাৰ চেল গঠনৰো চেষ্টা চলাই আহিছে বুলি সূত্রটোৱে সদৰী কৰে৷ যাৰ জৰিয়তে অধিক যুৱক–যুৱতীক সংগঠনটোৰ প্রতি আকর্ষিত কৰিবলৈ চেষ্টা কৰে৷ প্রাপ্ত তথ্য অনুসৰি, তৌছিফ আলী ফাৰুকী নামৰ ছাত্রজনক গ্রেপ্তাৰ কৰাৰ পিছতে তেওঁৰ লেপটপ এছটিএফে জব্দ কৰিছে৷ লেপটপতে আইছিছৰে জড়িত ছফটৱেৰ আৰু এপছ ছাত্রজনে দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি অহাৰ তথ্য তদন্তকাৰী দলটোৱে লাভ কৰিছে৷ দেশৰ আন প্রান্তৰ লগতে অসমৰ নামনি অসমৰ চৰ অঞ্চলসমূহত আইছিছ তথা একাংশ মৌলবাদী সংগঠনে প্রলোভিত কৰিবলৈ দীর্ঘদিনে অপচেষ্টা কৰি অহাৰ তথ্যও অসম আৰক্ষীয়ে লাভ কৰিছে৷ ধর্মৰ দোহাই দি এই যুৱক–যুৱতীসকলৰ মন–মগজু জোকাৰি যোৱা ভাষণ প্রদান কৰি তেওঁলোকক মৌলবাদী সংগঠনটোৰ হৈ কাম কৰিবলৈ একাংশ শীর্ষ নেতাই প্রলোভিত কৰি আহিছে৷ এনেদৰেই তৌছিফ আলী ফাৰুকী নামৰ মেধাৱী শিক্ষার্থীজনো আন বহু যুৱক–যুৱতীৰ দৰে আইছিছৰ জালত পৰিছে৷ প্রাপ্ত তথ্য অনুসৰি, তৌছিফ আলী ফাৰুকীয়ে আইআইটিৰেই একাংশ সহপাঠীক এই আদর্শ অনুকৰণ কৰিবলৈও আহ্বান জনাইছিল৷ অৱশ্যে বহু সহপাঠীয়ে তেওঁক এই পথ ল’বলৈ মানা কৰিছিল৷ সমান্তৰালভাৱে ধৃত তৌছিফ আলী ফাৰুকীয়ে মাতৃ আৰু ভাতৃকো এই বিষয়ে অৱগত কৰিছিল৷ কিন্তু বাৰম্বাৰ মাতৃ আৰু ভাতৃয়ে ধৃত ছাত্রজনক এই পথ লোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল বুলি জানিব পৰ গৈছে৷ মাতৃ আৰু ভাতৃৰ এই স্থিতিৰ বাবে তেওঁলোকৰ প্রতি ক্রমাৎ বিদ্বেষ উপজিছিল ধৃত তৌছিফ আলী ফাৰুকীৰ৷ আনকি মাতৃ আৰু ভাতৃৰ সৈতে ক্রমাৎ যোগাযোগ কৰিবলৈও ধৃত ছাত্রজনে এৰি দিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ আইছিছৰ আদর্শত তেওঁ এনেদৰে সোমাই পৰিছিল যে অনবৰতে কেৱল ধর্মীয় কথা–বতৰাহে পাতিবলৈ আগ্রহ প্রকাশ কৰিছিল৷ আনকি এছটিএফৰ জিম্মাত থকা সময়ত তেওঁ নামাজ আৰু কোৰান পাঠ কৰিবলৈও এৰা নাছিল বুলি জানিব পৰা গৈছে৷ ছাত্রজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এছটিএফে অভিযান অব্যাহত ৰাখিছে যদিও আগন্তুক সময়ত আইছিছৰ দৰে মৌলবাদী সংগঠনৰ ভেটি অসমৰ পৰা উছন কৰিবলৈ কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷ শেহতীয়াকৈ ধুবুৰীৰ ধৰমশালাৰ পৰা আইছিছ ইণ্ডিয়াৰ মুৰব্বী আৰু তেওঁৰ সহযোগী এছটিএফে ‘নিয়া’ৰ তথ্যৰ ভিত্তিত গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোকক গ্রেপ্তাৰ কৰাৰ কিছুদিন পিছতে আইআইটিৰ দৰে উচ্চ শিক্ষা প্রতিষ্ঠানৰ মেধাৱী শিক্ষার্থীও এনে দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনত জড়িত থকাৰ তথ্য উদ্ঘাটনে স্বাভাৱিকতেই ৰাজ্যবাসীৰ মনত এক আতংকৰ সৃষ্টি কৰিছে৷

Featured