আজি লাচিত দিৱস

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ আজি লাচিত দিৱস। আজি সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে শৰাইঘাট ৰণৰ বীৰনায়ক লাচিত বৰফুকনক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে লাচিত দিৱস। চৰকাৰ-প্ৰশাসনৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত আয়োজন কৰা হৈছে লাচিত দিৱসৰ কাৰ্যসূচী।

আজি মহানগৰীৰ লাচিত ঘাটত ৰাজ্য চৰকাৰৰ লাচিত দিৱসৰ কাৰ্যসূচী। সাংস্কৃতিক সঞ্চালকালয় আৰু মহানগৰ প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

Featured