লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা মৰিগাঁও আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষী যৌথ অভিযানত বৰবড়ী চাৰিআলিত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ’ল ছফিকুল ইছলাম আৰু হাচিম উদ্দিন।আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ৩টা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰে। ধৃত সৰবৰাহকাৰী দুটাই দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায়ত জড়িত। ধৃত সৰবৰাহকাৰী দুটা কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহত অভিযুক্ত হৈ জেল হাজোতলৈ গৈছিল।

প্ৰেৰক আবুল কালাম

Featured