চাহ শ্ৰমিকৰ ৩১৫ টকা ন্যূনতম মজুৰি আৰু দুৰ্গাপূজাত ২০ শতাংশ বোনাচৰ দাবী আছাৰ

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাযোগে অসম চৰকাৰক দাবী জনাই যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকা শীঘ্ৰে ন্যূনতম মজুৰি হিচাপে ঘোষণা কৰক।

বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে অসমত চৰকাৰ গঠন কৰাৰ পিছতেই চাহ শ্ৰমিক মজুৰি বৃদ্ধি কৰা হ’ব, কিন্তু বৰ্তমানেও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেখিবলৈ পোৱা নগ’ল।

প্ৰেছ বাৰ্তাটোত স্পষ্টভাৱে অভিযোগ কৰে যে শ্ৰমিকৰ বিকাশ, সম অধিকাৰৰ কথা কোৱা চৰকাৰখনে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ লগতে অসমৰ সকলো বাগিচাতে আগন্তুক দুৰ্গাপূজাত ২০ শতাংশ বোনাচ দিবলৈ দাবী জনায়।

মালিক পক্ষই প্ৰতিবছৰে শ্ৰমিকৰ বোনাচৰ ক্ষেত্ৰত বহু ধৰণৰ অজুহাত দেখুৱাই ২০ শতাংশৰ পৰা বঞ্চিত কৰি আহিছে।