ছেবাৰ সংস্কাৰৰ প্ৰয়োজন নাই, শিক্ষকসকলৰহে সংস্কাৰৰ প্ৰয়োজন আছেঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৭ মার্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইটোৰ পিচত সিটো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত আজি দেৰগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে যি সকল শিক্ষকৰ ওপৰত আস্থা ৰখা যায় সেইসকল শিক্ষকেই যেতিয়া আস্থা ভংগ কৰে তেতিয়া সমাজ কোন দিশে গতি কৰিব। ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা নহবৰ বাবেই প্ৰশ্ন কাকত ফাদিল হোৱা পৰীক্ষাসমুহ একেলগে ছাত্ৰ-ছাত্ৰীয়ে দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মনোবল ভাঙি নপৰে বুলি উল্লেখ কৰি পৰীক্ষাৰ মাজত ব্যৱধান আছে বুলি ধৰি লৈ পৰীক্ষাত বহিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ’ব অন্যথা নতুনকৈ পৰীক্ষা অনুষ্ঠিত নকৰিলেহে ছাত্ৰ-ছাত্ৰীসকলক অন্যায় কৰা হ’ব বুলি উল্লেখ কৰে।

প্ৰশ্ন কাকত ফাদিলৰ এই কামটো কোনো ৰাজনীতিবিদে কৰা নাই, কোনো ছাত্ৰই কৰা নাই, কোনো চ’ছিয়েল অৰ্গেনাইজেশ্যনে কৰা নাই, এই কামটো কৰিছে শিক্ষকে। অসমৰ ৰাইজ আৰু শিক্ষক সমাজে পুনৰ এবাৰ আত্মমন্থন কৰা উচিত। যেতিয়া চেন্টাৰ ইনচাৰ্জে প্ৰশ্ন কাকত ফাদিল কৰা কথা ভাৰতে গম পাই তেতিয়া উদক ভেটা ৰখিয়া পতা দৰেই ঘটনা হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। শিক্ষকসকল যদি সমাজত কলংকিত হৈ পৰে সমাজত ৰাস্তা কোনে দেখুৱাব। ই চৰকাৰৰ সন্মুখত যিমান ডাঙৰ প্ৰশ্ন, তাতকৈ সমাজৰ সন্মুখত ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে। ইয়াক লৈ সমগ্ৰ সমাজে চিন্তা কৰা উচিত। ছেবাৰ সংস্কাৰৰ প্ৰসংগক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাখি কয় যে ছেৱাৰ সংস্কাৰৰ কোনো কথা নাই, শিক্ষকসকলৰহে সংস্কাৰৰ প্ৰয়োজন আছে ।

Featured