৯৩৪ কোটিৰ পুঁজি সংগ্রহৰ অনুমতি অসমক

নিয়মীয়া বাৰ্তা , ৭ ফেব্ৰুৱাৰীঃ  ইজ অৱ ডুয়িং বিজনেছৰ অধীনত নির্ধাৰিত সংস্কাৰসমূহ ফলপ্রসূ কৰিবলৈ সক্ষম হোৱাৰ বাবে ইজ অৱ ডুয়িং বিজনেছৰ অতিৰিক্ত বিত্তীয় ঋণ সংগ্রহৰ তালিকাত অসমসহ ৪ ৰাজ্যক অন্তর্ভুক্ত কৰা হৈছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ে এক বিবৃতিত অসমসহ চাৰি ৰাজ্যক অতিৰিক্ত বিত্তীয় ঋণ ৫,০৩৪ কোটি টকা সংগ্রহত অনুমতি প্রদান কৰিছে৷ মুঠ ৫,০৩৪ কোটি টকাৰ ভিতৰত সর্বাধিক ২,১৪৬ কোটি টকাৰ পুঁজি হাৰিয়ানাই সংগ্রহৰ অনুমতি লাভ কৰাৰ বিপৰীতে পঞ্জাবে ১,৫১৬ কোটি, অসমে ৯৩৪ কোটি আৰু হিমাচল প্রদেশে ৪৩৮ কোটি টকা সংগ্রহ কৰিব পাৰিব৷ ইজ অৱ ডুয়িং বিজনেছৰ পৰিৱেশ উন্নীত হোৱাৰ বাবেই অসমে ৯৩৪ কোটি টকা অতিৰিক্ত ঋণৰ পুঁজি সংগ্রহ কৰিব পাৰিব৷ বিত্ত মন্ত্রালয়ৰ বিবৃতিত উল্লেখ কৰা মতে, অসম, হাৰিয়ানা, পঞ্জাব আৰু হিমাচল প্রদেশে ব্যয় বিভাগে নির্ধাৰণ কৰি দিয়া সংস্কাৰসমূহ সম্পূর্ণ কৰিছে৷ ফলত এই ৪ ৰাজ্যই অতিৰিক্ত বিত্তীয় সম্পদ আহৰণত যোগ্য হৈ উঠিছে৷ চাৰিওখন ৰাজ্যই বিত্ত মন্ত্রালয়ে নির্ধাৰণ কৰি দিয়া পুঁজি মুকলি বজাৰৰ জৰিয়তে সংগ্রহ কৰিব পাৰিব৷

উল্লেখ্য যে বিত্ত মন্ত্রালয়ে  সংযুক্ত কৰা চাৰি ৰাজ্যক ধৰি দেশৰ মুঠ ১২ ৰাজ্যই মুঠ ২৮,১৮৩ কোটি টকা মুকলি বজাৰৰ পৰা সংগ্রহ কৰিব৷ পূর্বে তালিকাত থকা ৰাজ্যকেইখন হৈছে– অন্ধ্রপ্রদেশ, কর্ণাটক, কেৰালা, মধ্যপ্রদেশ, ওড়িশা, ৰাজস্থান, তামিলনাডু আৰু তেলেংগানা৷