নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ অসমৰ জাতীয় জীৱনৰ প্ৰাণ ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলে আলফা স্বাধীনে।
আজি এক প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ সভাপতি তথা সৰ্বাধিনায়ক ডাঃ অভিজিৎ অসমে অসমৰ জ্যেষ্ঠ-কনিষ্ঠসকলক ৰঙালী বিহুৰ ওলগ-স্নেহাশিস জ্ঞাপন কৰি কয়- ‘আমাৰ থলগিৰি সমাজে বতৰৰ উৎসৱটিক ঐতিহ্যমণ্ডিত কৰি তুলিবলৈ লোৱা সজাগতাই অপসংস্কৃতিৰ জাবৰ-জোঁথৰ নোহোৱা কৰিবলৈ সমৰ্থ হব বুলি আশা কৰিব পৰা যায়।’
সভাপতিগৰাকীয়ে লগতে বিশ্ব স্বাস্থ্য সংস্থাই ক’ৰোনাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা বিধি-নিয়মবোৰ আখৰে আখৰে পালন কৰি বিহু পালন কৰিবলৈ সকলোকে অনুৰোধ জনায়।