ছাগলীয়াত আইপিএলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷ ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি থকাৰ তথ্য লাভ কৰি যোৱানিশা অভিযান চলাই নুৰ আলম, মমিনুৰ হক আৰু মতীবুৰ ৰহমান নামৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷