নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ চৰ অঞ্চলত বসবাস কৰা লোকসকলৰ সামগ্রিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন কৰা পুঁজিৰ ব্যাপক অনিয়মৰ তথ্য উন্মোচিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ ট্রেক্টৰ বিতৰণ, পাম্পছেট বিতৰণ, ছাত্র জলপানি আদিৰ নামত এই কোটি কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ তথ্য উল্লেখ কৰা হৈছে ৪৮/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখনত৷ আমগুৰি নৱনির্মাণ সমিতিয়ে দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদনখনত উল্লেখ কৰা তথ্য অনুসৰি সম্প্রতি চৰ অঞ্চলত বাস কৰা লোকৰ সংখ্যা ২৪.৯০ লাখ৷ এই লোকসকলৰ প্রায় ৮০ শতাংশ লোকেই দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰে৷ সেয়েহে চৰ অঞ্চলত বাস কৰা লোকসকলৰ উন্নয়নৰ বাবে চৰ অঞ্চল উন্নয়ন সঞ্চালকালয়ৰ জৰিয়তে বিভিন্ন আঁচনি ৰূপায়ণৰ লক্ষ্যৰে পুঁজি আবণ্টন কৰি আহিছে৷
কিন্তু ২০১০ চনৰ পৰা ২০১৮ চনলৈ আবণ্টন কৰা কোটি কোটি টকা পুঁজি ব্যয়ৰ ক্ষেত্রত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছিল অসমৰ মুখ্য মহাগাণনিকৰ অ’ডিট ৰিপ’টত৷ এই ৰিপ’টত উল্লেখ কৰা তথ্য অনুসৰি অসম বিকাশ যোজনাৰ অধীনত ২০১০–১১ বর্ষত পাৱাৰটিলাৰ ক্রয়ৰ নামত প্রায় ১৪৩ লাখ টকাৰ অনিয়ম সংঘটিত হৈছিল৷ সেইদৰে পাৱাৰপাম্প ক্রয়ৰ ক্ষেত্রতো প্রায় ৬২০ লাখ টকাৰ অনিয়ম সংঘটিত হোৱা বুলি অ’ডিট ৰিপ’টত উল্লেখ কৰা হৈছিল৷
২০১১–১২ বর্ষত এই আঁচনিৰ অধীনত কৃষকক বিতৰণৰ বাবে ২০০০ পাম্পছেটৰ প্রয়োজন আছিল যদিও অতিৰিক্তভাৱে ৬৫২টা পাম্পছেট অর্ডাৰ কৰা হৈছিল৷ যাৰ বাবে অতিৰিক্ত ব্যয় হৈছিল ১৭৭.৩১ লাখ টকা৷ সেইদৰে দমকল ক্রয়ৰ ক্ষেত্রতো সংঘটিত হৈছিল অনিয়ম৷ জি আই পাইপ ক্রয়ৰ ক্ষেত্রত অতিৰিক্তভাৱে ব্যয় কৰা হৈছিল ১৪৬ লাখ টকা৷ সেইদৰে চৰ অঞ্চলৰ যুৱক–যুৱতীসকলক্ সংস্থাপনৰ ক্ষেত্রত টাটা ছুম’ বাহন বিতৰণৰ ক্ষেত্রতো সংঘটিত হৈছিল অনিয়ম৷
আনহাতে দুবছৰীয়া ডি এম এল টি পাঠ্যক্রমত চৰ অঞ্চলৰ শিক্ষার্থীসকলক জলপানি প্রদানৰ ক্ষেত্রতো কেইবালাখ টকাৰ খেলিমেলি হোৱাৰ তথ্য মহাগাণনিকৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ এই তথ্যসমূহৰ ভিত্তিতে আমগুৰি নৱনির্মাণ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ৰাজহুৱা স্বার্থজড়িত আবেদনখন৷ কালি এই আবেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ লগতে চৰ অঞ্চল উন্নয়ন সঞ্চালকলৈ জাননী প্রেৰণ কৰিছে৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ১০ ছেপ্ঢেম্বৰত গ্রহণ কৰিব৷