নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ দেশজুৰি চলোৱা সমীক্ষা স্বচ্ছ সর্বেক্ষণৰ তথ্য অনুসৰি উত্তৰ–পূব মণ্ডলৰ ভিতৰত সর্বাধিক পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটে৷ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ ভিতৰৰ চহৰৰ তালিকাত শীর্ষস্থান দখল কৰিছে যোৰহাট চহৰে৷ যোৰহাটৰ উপৰি চলিত বর্ষৰ পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত ৰাজ্যৰ তেজপুৰ, ডিফু, শিৱসাগৰ আৰু কৰিমগঞ্জই স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
ইয়াৰ বিপৰীতে ৩৭৬ স্থানহে দখল কৰিবলৈ সক্ষম হৈছে ৰাজধানী চহৰ গুৱাহাটী৷ অৱশ্যে চলিত বর্ষৰ সমীক্ষাত আন এক সুনাম লাভ কৰিছে অসমে৷ হাউছিং আৰু নগৰ পৰিক্রমা মন্ত্রালয়ে কৰা এই সমীক্ষাত দ্রুত উন্নত ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে৷ বিগত বর্ষৰ তুলনাত অসমে এইবাৰৰ তালিকাত ২৫টা স্থান আগুৱাবলৈ সক্ষম হৈছে৷ স্বচ্ছ সর্বেক্ষণ–২০২০ত একেৰাহে চতুর্থবাৰৰ বাবে দেশৰ ভিতৰতে পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে ইন্দোৰে৷ দ্বিতীয়বাৰৰ বাবে পৰিষ্কাৰ চহৰ হিচাপে শীর্ষস্থান লাভ কৰিছে ছত্তিশগড়ে৷ আজি কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে টুইটযোগে এই সমীক্ষাৰ ফলাফল প্রকাশ কৰে৷ পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে চুৰাট৷ তৃতীয় স্থান লাভ কৰিছে মহাৰাষ্ট্রৰ নবী মুম্বায়ে৷