নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বচ্ছ সর্বেক্ষণ সমীক্ষা–২০২০ দ্রুত উন্নত ৰাজ্যৰ স্বীকৃতি অসমলৈ

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ  দেশজুৰি চলোৱা সমীক্ষা স্বচ্ছ সর্বেক্ষণৰ তথ্য অনুসৰি উত্তৰ–পূব মণ্ডলৰ ভিতৰত সর্বাধিক পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে যোৰহাটে৷ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ ভিতৰৰ চহৰৰ তালিকাত শীর্ষস্থান দখল কৰিছে যোৰহাট চহৰে৷ যোৰহাটৰ উপৰি চলিত বর্ষৰ পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত ৰাজ্যৰ তেজপুৰ, ডিফু, শিৱসাগৰ আৰু কৰিমগঞ্জই স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷

ইয়াৰ বিপৰীতে ৩৭৬ স্থানহে দখল কৰিবলৈ সক্ষম হৈছে ৰাজধানী চহৰ গুৱাহাটী৷ অৱশ্যে চলিত বর্ষৰ সমীক্ষাত আন এক সুনাম লাভ কৰিছে অসমে৷ হাউছিং আৰু নগৰ পৰিক্রমা মন্ত্রালয়ে কৰা এই সমীক্ষাত দ্রুত উন্নত ৰাজ্য হিচাপে স্থান লাভ কৰিছে অসমে৷ বিগত বর্ষৰ তুলনাত অসমে এইবাৰৰ তালিকাত ২৫টা স্থান আগুৱাবলৈ সক্ষম হৈছে৷ স্বচ্ছ সর্বেক্ষণ–২০২০ত একেৰাহে চতুর্থবাৰৰ বাবে দেশৰ ভিতৰতে পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে ইন্দোৰে৷ দ্বিতীয়বাৰৰ বাবে পৰিষ্কাৰ চহৰ হিচাপে শীর্ষস্থান লাভ কৰিছে ছত্তিশগড়ে৷ আজি কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে টুইটযোগে এই সমীক্ষাৰ ফলাফল প্রকাশ কৰে৷ পৰিষ্কাৰ চহৰসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে চুৰাট৷ তৃতীয় স্থান লাভ কৰিছে মহাৰাষ্ট্রৰ নবী মুম্বায়ে৷

You might also like