তৰুণ গগৈৰ মিত্রতাৰ প্রস্তাৱক হাস্যকৰ আখ্যা আছুৰ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ আগন্তুক বিধানসভা নির্বাচনত ‘কা’বিৰোধী শক্তিক একত্রিত কৰি চৰকাৰ গঠনৰ প্রথম প্রচেষ্টাতে উজুতি খাইছে কংগ্রেছে৷ বিজেপিবিৰোধী দলসমূহৰ সৈতে মিত্রতাৰ আলোচনা চলাই থকা কংগ্রেছে শেহতীয়াকৈ সদৌ অসম ছাত্র সন্থাৰ (আছু) বাবেও মুকলি কৰিছিল মিত্রতাৰ দুৱাৰ৷ বিশেষকৈ এ আই ইউ ডি এফৰ সৈতে মিত্রতা চূড়ান্ত হোৱা বুলি ঘোষণা কৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কালি আছুক বিজেপিবিৰোধী মঞ্চলৈ আহিবলৈ আহ্বান জনাইছিল৷ প্রাক্তন মুখ্যমন্ত্রীজনৰ এই প্রস্তাৱ দেওবাৰে মুকলিকৈ আছুৱে নাকচ কৰাই নহয়, কংগ্রেছৰ প্রস্তাৱ হাস্যকৰ বুলিও মন্তব্য কৰিছে ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ ‘নিউজ লাইভ’ৰ সৈতে হোৱা এক বার্তালাপত আছুৰ সম্পাদকগৰাকীৰ স্পষ্ট মত– বিদেশীৰ ভোটবেংকৰ ৰাজনীতি কৰা কংগ্রেছৰ সৈতে কোনো কাৰণতে আছুৱে মিত্রতা নকৰে৷ আছুৰ নেতৃত্বত আপোচবিহীন, খিলঞ্জীয়াবাদী আদর্শৰে পৰিচালিত এটা জাতীয়তাবাদী দল গঠন হ’ব৷ এই দল গঠনৰ জৰিয়তে বেলটৰ জৰিয়তেও ৰাইজক প্রতিবাদ কৰাৰ সুযোগ দিয়া হ’ব৷ উল্লেখ্য যে ‘কা’বিৰোধী আন্দোলনৰ মাজতে আছুৱে আগন্তুক বিধানসভা নির্বাচনক লক্ষ্য কৰি এক নতুন দল গঠন কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ বাবে ‘কা’বিৰোধী আন্দোলন স্তিমিত হৈ পৰাৰ পাছত শেহতীয়াকৈ নির্বাচনক লৈ চলা কুচকাৱাজৰ মাজতে পুনৰ আৰম্ভ হৈছে আছুৰ নতুন দলৰ চর্চা৷ এই দল কেতিয়া আৰু কেনেকৈ আছুৱে গঠন কৰিব, তাক লৈও শেহতীয়াকৈ সৰৱ আলোচনা হৈছে৷ এইক্ষেত্রত আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ স্পষ্ট মত– আছুৱে ৰাজনৈতিক দল গঠন কৰিবলৈ লোৱা বুলি কোৱাটো সম্পূর্ণৰূপে শুদ্ধ নহয়৷ দৰাচলতে আছু, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ লগতে সংগ্রামী শক্তিসমূহ, বিভিন্ন চিন্তাবিদ, বুদ্ধিজীৱীৰ দ্বাৰাহে এই দল গঠনৰ প্রচেষ্টা আৰম্ভ হৈছে৷ এক জাতীয়তাবাদী ৰাজনৈতিক শক্তি জন্ম দিয়াৰ লক্ষ্যৰে তথা সাম্প্রদায়িক আৰু বিভেদকামী শক্তিৰ বিৰুদ্ধেহে এই দল গঠন হ’ব৷ এইক্ষেত্রত এক মৌলিক নীতি ঠিক কৰা হৈছে৷ সেয়া হ’ল কোনো সাম্প্রদায়িক ৰাজনৈতিক দলৰ বোকোচাত নুঠে এই দলটো অথবা ৰাষ্ট্রীয়তাবাদী দলৰ অক্সিজেন লৈ এই দল গঠন নহয়৷ ৰাষ্ট্রীয়তাবাদী শক্তিৰ লগত কোনোধৰণৰ সনা–পিটিকা নকৰে৷ একমাত্র জাতীয়তাবাদী আদর্শহে এই দলটোত থাকিব৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আছুক বিজেপিবিৰোধী মঞ্চলৈ অহাৰ বাবে জনোৱা আহ্বান সন্দর্ভত লুৰিণজ্যোতি গগৈয়ে কয়– বিজেপিৰ দৰে কংগ্রেছেও ভোটবেংকৰ ৰাজনীতি চলাই আহিছে৷ এইজন প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ অসমলৈ অহা বিদেশীক নাগৰিকত্ব দিয়াৰ বাবে দাবী তুলিছিল৷ গতিকে বিজেপি আৰু কংগ্রেছৰ কোনো চৰিত্রগত পার্থক্য নাই৷ ৰাজ্যখনত সাম্প্রদায়িক ৰাজনীতি, অবৈধ বিদেশীৰ ৰাজনীতি আৰু জাতীয়তাবাদী চৰিত্রক নিঃশেষ কৰাৰ যি প্রক্রিয়া চলি আছে, সেয়া স্থায়ীভাৱে শেষ কৰাৰ লক্ষ্যৰে সন্মিলিত তথা সামূহিক প্রচেষ্টাৰে এটা দল গঠন হ’ব লাগে৷ আছুৰ সাধাৰণ সম্পাদকজনে ইয়াকো উল্লেখ কৰে যে অহা অক্টাবৰ মাহত হ’বলগীয়া আছুৰ সাধাৰণ অধিৱেশনত দল গঠনৰ সকলো দিশ স্পষ্ট হ’ব৷ এই অধিৱেশনতে এটা শক্তিশালী সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ লক্ষণীয়ভাৱে বিধানসভা নির্বাচনক লৈ ছমাহ সময় থকা অৱস্থাত নতুন দল গঠন কিদৰে সম্ভৱ হ’ব, তাক লৈ উত্থাপিত প্রশ্ণ সন্দর্ভতো আছুৰ নেতাজনে কয়– দল গঠনৰ প্রক্রিয়া বিভিন্ন পর্যায়ত চলি আছে৷ ৰাজ্যৰ চিন্তাবিদ তথা জাতীয়তাবাদী চিন্তাধাৰা আগুৱাই নিয়া বিভিন্নজনে এই বিষয়ত আলোচনা অব্যাহত ৰাখিছে৷ আছুৱেও এইক্ষেত্রত শক্তিশালী সহযোগিতা আগবঢ়াই আহিছে৷ অহা নির্বাচনত এই দলটোৱে নিশ্চিতভাৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ এইক্ষেত্রত সকলোৱে এশ শতাংশই নিশ্চিত৷ আনহাতে, আগন্তুক নির্বাচনত মিত্রজোঁট গঠনেৰে চৰকাৰ গঠনৰ কৌশল আছুৱেও গ্রহণ কৰিব নেকি? এই সন্দর্ভত উত্থাপিত প্রশ্ণৰ উত্তৰত আছুৰ সাধাৰণ সম্পাদকজনৰ মত– গঠন হ’ব লগা নতুন দলে বিজেপি, কংগ্রেছ, অগপ, এ আই ইউ ডি এফ কাৰো সৈতে মিত্রতা নকৰে৷

Featured