আজিৰে পৰা ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, উপৰখুটিৰ সোণালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : তামুলপুৰ জিলাৰ বৃহত্তৰ বাঙালীপাৰা অঞ্চলৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে গৌৰৱোজ্বল সোণালী জয়ন্তী উৎসৱ ৷ পুৱাৰে পৰা উদুলি-মুদুলি হৈ পৰিছে বিদ্যালয়ৰ বাকৰি ৷ পুৱা বিদ্যালয়ৰ মুখ্য তোৰণ উন্মোচন, বিদ্যালয় আৰু সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ’য় । সোণালী জয়ন্তী উপলক্ষে বিদ্যালয়ত সমৱেত হৈছে সহস্ৰাধিক প্ৰাক্তন শিক্ষাৰ্থী ৷ প্ৰাক্তন শিক্ষাৰ্থী, গুৰু আৰু ছাত্ৰ-ছাত্ৰীৰে উদুলি-মুদুলি হৈ পৰিছে ভোলাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱস্থলী ৷ পুৱা ৮ বজাত বিদ্যালয়ৰ মুখ্য তোৰণ উন্মোচনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰীয়ে । ইয়াৰ পাছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ দুৰ্গা প্ৰসাদ বজগাইয়ে ৷ সোণালী জয়ন্তী উপলক্ষে ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় ৫০খনকৈ পতাকা ৷ ইয়াৰ পাছতে দিনটোৰ অন্যান্য কাৰ্যসূচী পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি শেষ প্ৰসাদ উপাধ্যায়ে ৷

প্ৰেৰক পৱন নাথ

Featured