কা ৰ জৰিয়তে অসম চুক্তিক ডাষ্টবিনত দলিয়াইছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰেঃসাংসদ অজিত ভূঞা

মৰিগাঁও ত চি পি আই আৰু আঞ্চলিক গণ মৰ্চাৰ উদ্যোগত গণ সমাবেশ

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ পৃথিৱীৰ ইতিহাসে কয় যে শাসকে ধন বল, বাহু বলে দীৰ্ঘদিনৰ বাবে জনতাক মুৰ্খ বনাই ৰাখিব নোৱাৰি। হিতলাৰৰ দৰে ফেচিষ্ট নেতাই আত্মহত্যা কৰিব লগা হৈছিল। পৰিৱৰ্তন কামী ৰাইজে অহা নিৰ্বাচন ত প্ৰকৃত পৰিৱৰ্তন অনিবই। চি পি আই ৰ মৰিগাঁও জিলা পৰিষদ আৰু আঞ্চলিক গণ মৰ্চাৰ উদ্যোগত আজি মৰিগাঁও ৰ বিহুতলিত অনুষ্ঠিত হোৱা এক সমাবেশ ত এই মন্তৱ্য কৰে ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুখ্য আহ্বায়ক অজিত ভূঞাই। মৰিগাঁও জিলা চি পি আইৰ সভাপতি প্ৰসন্ন ডেকাই সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে সাংসদ অজিত ভূঞা, আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মঞ্জিত মহন্ত, চি পি আই ৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত প্ৰমুখ্যে বহু বিশিষ্ট লোক। সভাত ভাষণ প্ৰদান কৰি সাংসদ অজিত ভূঞাই কৈ যে বৰ্তমানৰ চৰকাৰ সম্পূৰ্ণ ফাঁকি কথাৰ ওপৰত চলি থকা চৰকাৰ। ৰাইজক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে এটাও পালন নকৰিলে। অসম চৰকাৰে কা আনি অসম চুক্তিক ডাষ্টবিন দলিয়াই দিলে। কা ৰ জৰিয়তে আমাৰ ভাষা সংস্কৃতি নিঃশেষ কৰি পেলোৱা হৈছে। দিল্লীৰ সময় নাই ৰাইজৰ বাবে তেওঁলোক ব্যস্ত আম্বানী আদানী ৰ দৰে পুঁজি পতি ক সন্তুষ্ট কৰাত। বি জে পি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা সাংসদ ভূঞাই কৈ যে বৰ্তমান চৰকাৰৰ দিনত দুৰ্নীতিৰ মুকলি বজাৰ চলিছে। ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে কুটিল ৰাজনীতি বি জে পি এ কৰা বুলি অভিযোগ কৰি কৈ যে অসমত চাৰিওফালে সাম্প্ৰদায়িকতা ৰ বিষ বাষ্প বিয়পাই দিয়া হৈছে। বি জে পি বিৰোধী সকলো পক্ষকে একগোট হবলৈ আহ্বান জনায় সাংসদ গৰাকীয়ে। সভাত ভাষণ প্ৰদান কৰি চি পি আই ৰ ৰাজ্যিক সম্পাদক মুনিন মহন্তই কৈ যে বাওঁ পন্থী দল আজিৰ তাৰিখত অপ্ৰাসংগিক বুলি বহুতে কব খোজে কিন্তু চি পি আই দল অসমৰ প্ৰতিটো জাতীয় আন্দোলনৰ সময়ত ৰাইজৰ পক্ষত থিয় দিছে। জাতীয়তাবাদ কাৰো এক চেতিয়া সম্পদ নহয় বুলি উল্লেখ কৰি বিশিষ্ট চি পি আই নেতাগৰাকীয়ে কৈ যে আজি বিজেপি ৰ নেতৃত্বত দেশত সাম্প্ৰদায়িক বিষ বাষ্প ছটিয়াই দিয়া হৈছে। ইয়াৰ বিৰুদ্ধে ৰাইজক থিয় দিব ৰ আহ্বান জনায়। অসমৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল এতিয়া লক্ষ ভষ্ট নেতা। বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কৰণৰ তীব্ৰ প্ৰতিবাদ জনাই বাওঁপন্থী নেতাগৰাকীয়ে। অখিল গগৈ লৈ চৰকাৰৰ ইমান ভয় কিয় বুলি প্ৰশ্ন উত্থাপন কৰে আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মঞ্জিত মহন্তই। ২০২১ ৰ নিৰ্বাচনত বি জে পি ৰ বিৰুদ্ধে সকলো দল ক প্ৰতিটো সমষ্টিত এজন ঐক্য বদ্ধ প্ৰাৰ্থী প্ৰক্ষেপৰ আহ্বান জনায় মনজিত মহন্তই।